অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Formulator of the statistics branch: জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্যক উষ্ম সম্বৰ্ধনা

Spread the love

পৰিসংখ্যা শাখাৰ ৰূপকাৰ-মহীৰুহৰ অভিষেক অনুষ্ঠান সম্পন্ন


জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্যক উষ্ম সম্বৰ্ধনা জ্ঞাপন

DD TIMES গুৱাহাটী, ১ জানুৱাৰীঃ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্যৰ চাকৰিৰ পৰা অৱসৰ লোৱা দিনটোত(৩১ ডিচেম্বৰ), পৰিসংখ্যা শাখাৰ পৰিয়াল আৰু শুভাকাংক্ষীয়ে ‘অভিষেক অনুষ্ঠান’ নাম দি অতি আৱেগিকতাৰে পাৰ কৰে।

পৰিসংখ্যা শাখাৰ পৰা এখন ফুলাম গামোচা, চেলেং চাদৰ, প’হ’, শৰাই, স্মাৰক, অভিনন্দন পত্ৰেৰে উষ্ম সম্বৰ্ধনা জনায়। পৰিসংখ্যা শাখা পৰিয়ালৰ বিভিন্নজনে গামোচা, উপহাৰ আদিৰে ভট্টাচাৰ্যদেৱক মৰম-শ্ৰদ্ধা নিবেদন কৰে।


মাহেকীয়া সাহিত্য-সংস্কৃতিমূলক আলোচনী ‘জোনাক’ৰ নৱবৰ্ষ বিশেষ সংখ্যাটোও ভট্টাচাৰ্যদেৱে উন্মোচন কৰে। কেইবাগৰাকীও বক্তাই প্ৰমথেশ ভট্টাচাৰ্যদেৱৰ জীৱনচৰ্যা তথা বিভাগলৈ আগবঢ়োৱা বিশাল কৰ্মযজ্ঞ সন্দৰ্ভত আলোকপাত কৰে।

পৰিসংখ্যা বিষয়া, লেখক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত নিজৰ সাৰুৱা ভাষণত ভট্টাচাৰ্যদেৱে কয়– “সঁচাকৈয়ে মই আজি বিস্ময়াভিভূত হৈ পৰিছোঁ, মানুহে মোক ইমান মৰম কৰে, গৱেষণা বিষয় ভাল পাইছিলোঁ আৰু চাকৰিকালত গৱেষণাসম অনেক কাম কৰিলোঁ আৰু এই বিভাগেও আজি মোক মনত থকাকৈ স্বীকৃতি প্ৰদান কৰিলে।”

অৱসৰী উপ-পৰিদৰ্শক খগেন কাকতিয়ে নিজৰ মনোভাৱ ব্যক্ত কৰাৰ উপৰিও এটা কবিতা পাঠ কৰে ভট্টাচাৰ্যৰ নামত উচৰ্গা কৰি।

এজন‌ অতি ইতিবাচক, হাঁহিমুখীয়া, পৰিশ্ৰমী, ভদ্ৰলোক, গপ-ফচ-অহংকাৰবিহীন এগৰাকী বৰ জনপ্ৰিয় বিষয়া ভট্টাচাৰ্যদেৱৰ সভাত উপস্থিত থাকে গৱেষণা বিষয়া দীপাংকৰ বৰুৱা, পাৰিসাংখ্যিক বিষয়া শৈলেন কলিতা, ডাঃ ভূপশ ভট্টাচাৰ্য,শংকৰ ৰাজবংশী, ৰঞ্জিত বৰ্মন, দীপক কাকতি, নয়নজ্যোতি দাস, ৰফিক আলী, সমৰ ৰামচিয়াৰী, ৰাহুল ডেকা, প্ৰণীতা মৌপিয়া, মৌকন দাস, নবাব আলী, সত্যব্ৰত দাস ৰয়, অতুল ডেকা, নৃপেন দাস, মাচুম স্মৃতি দত্ত, দীপ ডেকা, তপন দাস, মন্টু কাকতি, ৰাখী দাসসহ অনেকজন শুভানুধ্যায়ী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!