অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Remembering The Three Martyrs: শ্বহীদক পুনৰ আৱিষ্কাৰ কৰা সময় আহি পৰিছেঃ প্ৰাক্তন মন্ত্রী উমেশ দাস

Spread the love

ডিমৌ চাৰিআলিত দক্ষিণ পশ্চিম নগাঁও ছাত্র সন্থাৰ উদ্যোগত অসম আন্দোলনৰ তিনি শ্বহীদক স্মৰণ

শ্বহীদক পুনৰ আৱিষ্কাৰ কৰা সময় আহি পৰিছেঃ প্ৰাক্তন মন্ত্রী উমেশ দাস

অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ পথ অবৰোধ কাৰ্যসূচীত ১৯৮১ চনৰ ৩১ ডিচেম্বৰত নগাঁও জিলাৰ ডিমৌ চাৰিআলিত চিআৰপিএফৰ নৃশংসতাত শ্বহীদ ভূধৰ ডেকা, নৰেন নাথ আৰু ফুল কুমলীয়া ৰাজীৱ ৰাজকুমাৰৰ স্মৃতিত কালি ডিমৌ চাৰিআলিৰ তিনি শ্বহীদৰ সমাধি ক্ষেত্ৰত দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্র সন্থা আৰু ডিমৌ শাখা আঞ্চলিক ছাত্র সন্থাৰ সহযোগত শ্বহীদ দিৱসটি উদযাপন কৰা হয়।

সেই উপলক্ষে পুৱা ৮ বজাত আছুৰ পতাকা উত্তোলন কৰে দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্র সন্থাৰ সভাপতি কল্পজ্যোতি বৰাই। তাৰ পিছতে ডিমৌ চাৰিআলিৰ তিনিজন শ্বহীদৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰে শ্বহীদৰ পৰিয়াল বৰ্গই।

আছুৰ প্রাক্তন নেতা তথা অসম সেনাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পংকজ জ্যোতি বৰাই আত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি অসমৰ প্ৰাক্তন মীন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে কয় যে, দেশৰ কাৰনে জাতীৰ হকে আত্মবলিদান দিয়া বীৰ পুৰুষ,ঢ়বহি:দেশৰ প্ৰতিক্ৰিয়াশীল শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া, অন্যায়ৰ বিৰুদ্ধে যুঁজি ন্যায় প্ৰতিষ্ঠা কৰা লোকৰ নাম অসম বুৰঞ্জী পাতে পাতে সোণালী আখৰৰে জিলিকি আছে।

বিশ্বৰ বুকুত অসম এখন সমৃদ্ধিশালী অসম, এখন মহিমা মন্দিত অসম গঢ়িবৰ বাবে ছবছৰীয়া অসম আন্দোলনত ইতিহাস প্ৰসিদ্ধ ডিমৌ চাৰিআলিত পথ অৱৰোধ কাৰ্যসূচীত শ্বহীদ হোৱা ভূধৰ ডেকা, নৰেন নাথ আৰু ফুলকুমলীয়া ৰাজীৱ ৰাজকুমাৰৰ লগতে আন শ্বহীদ সকলক পুনৰ আবিষ্কাৰ কৰাৰ সময় আহি পৰিছে।

অনুষ্ঠানত আন এগৰাকী অসম আন্দোলনৰ অগ্ৰণী নেতা তথা তিৱা স্বায়ত্ব পৰিষদৰ প্রাক্তন কাৰ্যবাহী সদস্য বকুল দেউৰীয়ে কয় যে বৰ্তমান অসমত এতিয়া অসম আন্দোলনৰ প্ৰাক্তন নেতাসকলক চিনি নোপোৱা হৈছে। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে আন্দোলনকাৰী সকলে এতিয়া মানুহক নিজে নিজৰ পৰিচয় দিব লগাত পৰিছে।

অনুষ্ঠানত দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্র সন্থাৰ সম্পাদক মৃদুল বৰুৱা, আছুৰ জিলা কাৰ্যনিৰ্বাহক দীপ শংক‌ৰ মেধি, সহকাৰী সম্পাদক মৃন্ময় কাকতি, তন্ময় ডেকা, পাৰ্থজ্যোতি বৰা, শিল্পী পেঞ্চনাৰ পৰাণ চন্দ্ৰ দাস, শালমৰা হাইস্কুলৰ প্ৰধান শিক্ষক মাধৱ দাস, কেশৱ ৰাজা, ললিত ডেকা, পোনা কান্ত দাস, বিজয় বৰদলৈ, অজিত ডেকাকে ধৰি শ্বহীদৰ পৰিয়াল বৰ্গ উপস্থিত থাকি শ্বহীদ তিনিজনক সন্মান জনাই স্মৰণ কৰে। সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলনৰে শ্বহীদ দিৱস কাৰ্যসূচী সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!