ROBIN ARMY: ভাল খবৰ- আহি আছে আপোনাৰ সহায়ৰ বাবে ‘ৰবীন আৰ্মী’
ভাল খবৰ- আহি আছে আপোনাৰ সহায়ৰ বাবে ‘ৰবীন আৰ্মী’

DD TIMES গুৱাহাটী, ১ জানুৱাৰী, ২০২৬ঃ দৈনন্দিন জীৱনত নিজৰ কামবোৰ বা পৰিকল্পনাবোৰ সূচাৰুৰূপে সম্পাদন কৰিবলৈ কেতিয়াবা কাৰোবাৰ সহায় ল’বলগীয়া হয়৷ সেয়া হয়তো আপোনাৰ কোনো লগৰীয়া হ’ব পাৰে, হ’ব পাৰে বন্ধু বা আত্মীয়, হয়তো হ’ব পাৰে গাঁৱৰে বা ঘৰৰ ওচৰৰে কোনোজন, কেতিয়াবা কোনো অচিনাকিজনক অৰ্থৰ বিনিময়ত সেই কামবোৰ কৰোৱাই ল’বলগীয়া হয়৷ সেই এনে সমস্যাবোৰ সমাধান কৰিবলৈকে আগবাঢ়ি আহিছে সংগীত ক্ষেত্ৰৰে জড়িত মানস ৰবিনে৷ তেওঁ প্ৰতিজনৰে দৈনন্দিন জীৱনত প্ৰতিটো খোজতে সহায়ক হোৱাকৈ আগবঢ়াই দিব বিচাৰিছে একো একোজন সহায়ক সেনাক…৷ তাকেই তেওঁ সামাজিক মাধ্যমত ঘোষণা কৰিলে এনেকৈ…
নমস্কাৰ
কাৰ্বি আংলঙত ‘কাৰ্বি চাইনীজ গ’ বেক’ ধ্বনি অলপতে শুনিবলৈ পালো। কালিলৈ-পৰহিলৈ আমাৰ এইবোৰ অঞ্চলতো যে এনেকুৱা ধ্বনি নুশুনিম তাৰ কি মানে আছে? ইয়াৰ বাবে প্ৰকৃত দোষী কোন? বহুতেই ক’ব ইয়াৰ কাৰণ ৰাজনীতি।
হয়! ৰাজনীতিক অন্যতম এটা কাৰণ বুলি ধৰিললেও কিন্তু অন্য এটা কাৰণো নোহোৱা নহয়। মোৰ বোধেৰে কাৰণটো হ’ল আমাৰ স্বভাৱগত কৰ্মবিমুখীতা। আমাৰ জনগাঁথনি সলনি হৈছে আমি নকৰা কামবোৰ কৰিবলৈ লাখে লাখে বহিঃৰাজ্যৰ পৰা মানুহ আহিছে। তাৰে অধিকাংশই নিগাজীকৈ বহি লৈছে, ভোটাধিকাৰ পাইছে।
আমি ক্ৰমান্বয়ে সংকোচিত হৈ গৈ আছো, তেওঁলোক আগবাঢ়ি গৈছে সংখ্যাগতভাৱে, আৰ্থিকভাৱে আৰু ৰাজনৈতিকভাৱেও। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ হাতত দুটাই বিকল্প আছে। এটা যদি ৰাজনৈতিক সদিচ্ছা আৰু আনটো হ’ল সামাজিক ভাবে জাতিটোক কৰ্ম মুখী কৰি গঢ়ি তুলা। কাম নাপালে তেওঁলোক আমাৰ ৰাজ্য এৰি এনেও যাবগৈ, কাকো জয়ধ্বনি দি খেদিব নালাগে।
এই উদ্দেশ্যেকে আগত ৰাখি আমি গঢ়ি তুলিছো সম্পূৰ্ণ থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ এটি কৰ্মীদল যাৰ নামাকৰণ কৰিছো ROBIN ARMY। মই অসমৰ প্ৰতিখন জিলালৈ কেইবাবাৰো তাঁতবাতি কাঢ়ি তেখেতসকলক সংঘবদ্ধ কৰিছো।
চাৰিমহীয়া শাৰিৰীক প্ৰশিক্ষণ, দুমহীয়া কাৰিকৰী প্ৰশিক্ষণ দি তেওঁলোকক বিভিন্ন ঘৰুৱা কামৰ বাবে সাজু কৰি তুলিছো। এতিয়া ৰাইজৰ পৰা এটাই সহায় বিচাৰিছো আপোনালোকে এই ল’ৰা-ছোৱালীবোৰক মাতক আৰু তেওঁলোকক কাম দিয়ক।
- ROBIN ARMY – য়ে কি কি কৰিব-
১) ইলেক্ট্ৰিচিয়ানৰ কাম কৰি দিব।
২) পাইপ মিস্ত্ৰীৰ কাম কৰি দিব।
৩) পাৰ্ট টাইম ড্ৰাইভাৰৰ কাম কৰি দিব।
৪) আপোনাৰ ঘৰৰ পাছফালৰ খালি মাটিত শাকনিবাৰী পাতি দিব।
৫) আপোনাৰ টেৰেছত শাকনিবাৰী পাতি দিব।
৬) আপোনাৰ ঘৰৰ আগফালে ফুলনি বাৰী পাতি দিব।
৭) আপোনাৰ ঘৰৰ অপৰিস্কাৰ কাপোৰ আনি laundry ত ধুই ঘৰত ঘূৰাই দিব।
৮) কাঠমিস্ত্ৰীৰ কাম কৰি দিব।
৯) আপোনাৰ ঘৰত গৈ বিউতিচিয়ানৰ কাম কৰি দিব।
১০) হাস্পতালত আপোনাৰ ৰখীয়া আৰু তদাৰককাৰী হৈ দিব।
১১) যিকোনো ধৰণৰ বাদ্যযন্ত্ৰৰ শিক্ষক আপুনি বিচাৰিলে ঘৰতে পাব।
১২) অংক, বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ শিক্ষকৰ সেৱা আপুনি ঘৰতে লাভ কৰিব পাৰিব।
১৩) আপোনাৰ ঘৰত চ’লাৰ লগাই দিয়াৰ পৰা চৰকাৰী লোণ আৰু চাবচিদি পোৱালৈকে আটাইখিনি ROBIN ARMY – য়ে কৰি দিব।
মই অতি কষ্টেৰে প্ৰায় দুহাজাৰ ল’ৰা-ছোৱালীক অসমৰ বিভিন্ন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানত প্ৰশিক্ষণ দিয়াই এই কামবোৰৰ বাবে সাজু কৰি তুলিছো। এই কামবোৰ আগতে বেলেগ মানুহে কৰি আছিল এতিয়াৰ পৰা আমাৰ থলুৱা ল’ৰা-ছোৱালীবোৰে কৰিব 🙏
অহা ৩ জানুৱাৰী তাৰিখে এই প্ৰকল্পটোৰ শুভাৰম্ভনিৰ অনুষ্ঠানটি বিয়লি ২ বজাৰ পৰা ৬ বজালৈ জুৰোডৰ শ্ৰদ্ধাঞ্জলি কাননত অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানটিত আপোনাৰ উপস্থিতি একান্তভাৱে কামনা কৰিলোঁ।
বিনয়েৰে
মানস ৰবীন।
তাৰিখ- ৩ জানুৱাৰী।
স্থান- শ্ৰদ্ধাঞ্জলি কানন।
সময়- বিয়লি ২-৬ বজালৈ।

