PHOTOS: ‘কৃষক সংকল্প সভা আৰু স্ব-নিয়োজনৰ বাটেৰে’ শীৰ্ষক অনুষ্ঠানত মন্ত্ৰী অতুল বৰা
“কৃষক সংকল্প সভা আৰু স্ব-নিয়োজনৰ বাটেৰে” শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই

সামাজিক মাধ্যম ফেচবুকত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে-

অসমৰ গৰিষ্ঠসংখ্যক লোকৰ জীৱিকা কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যখনৰ কৃষিনিৰ্ভৰ অৰ্থনীতিক টনকিয়াল কৰাত অনবদ্য অৱদান আগবঢ়াই অহা কৃষকসকলৰ উত্তৰণৰ হকে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে প্ৰতিষ্ঠাকালৰেপৰা নিঃস্বাৰ্থ সেৱা আগবঢ়াই আহিছে।

আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত অসম কৃষক পৰিষদৰ উদ্যোগত আয়োজিত “কৃষক সংকল্প সভা আৰু স্ব-নিয়োজনৰ বাটেৰে” শীৰ্ষক অনুষ্ঠানটিত অংশগ্ৰহণ কৰোঁ।

ৰাজ্যখনৰ কৃষক বন্ধুসকলৰ সৈতে সংযোগ স্থাপনৰ জৰিয়তে কৃষকসকলক সুসংগঠিত কৰি কৃষকসকলক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ বাবে উৎসাহিত কৰাৰ লগতে অসম গণ পৰিষদৰ নীতি-আদৰ্শক অনুকৰণ কৰি অসম কৃষক পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে আজিৰ সভাত সংকল্প গ্ৰহণ কৰা হয়।

অসম গণ পৰিষদ হৈছে ৰাইজৰ তেজেৰে গঢ়া দল আৰু অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই অসমীয়া জাতিৰ স্বাৰ্থ সুৰক্ষিত হোৱা। সেয়েহে জনসংযোগ বৃদ্ধিৰ জৰিয়তে অনাগত দিনবোৰত অসম গণ পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবেও সভাত সংকল্প লোৱা হয়।

অসম কৃষক পৰিষদে “স্ব-নিয়োজনৰ বাটেৰে” শীৰ্ষক এক অভিযান গ্ৰহণ কৰি শিক্ষিত যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰাৰ বাবে উৎসাহিত কৰাৰ ব্যৱস্থা কৰিছে।

ইয়াৰ জৰিয়তে অসম কৃষক পৰিষদে ৰাজ্যখনৰ কেইবাগৰাকীও অগ্ৰণী কৃষক তথা পশুপালকক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি পৰিকল্পিতভাৱে কৃষি কাৰ্যত নিয়োজিত হ’বলৈ অনুপ্ৰাণিত কৰিছে। এই অভিযানৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত কেইবাগৰাকীও হিতাধিকাৰী কৃষকক আজি আনুষ্ঠানিকভাৱে প্ৰ-পত্ৰ প্ৰদান কৰি আনন্দিত হ’লোঁ।

কৃষকসকলক উপকৃত কৰাৰ বাবে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে অসম কৃষক পৰিষদৰ সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই পদক্ষেপ অধিক প্ৰসাৰিত কৰাৰ বাবে আহ্বান জনাইছোঁ।

অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰী পৰেশ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সংকল্প সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক– ডাঃ কমলা কলিতা, শ্ৰী মনোজ শইকীয়া আৰু শ্ৰী ধৰ্মেশ্বৰ ৰয় প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ অন্যান্য সতীৰ্থ, অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতিদ্বয়, সাধাৰণ সম্পাদক প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া, অগপৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি তথা অন্যান্য বিষয়ববীয়া আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰপৰা অহা কৃষক সভাত উপস্থিত থাকে।
















