অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Asmita East Zone Hockey League: অস্মিতা পূৱ মণ্ডল হকী লীগ আৰম্ভঃ ওড়িছা-মিজোৰামৰ বৃহৎ জয়

Spread the love

অস্মিতা পূৱ মণ্ডল হকী লীগ আৰম্ভঃ ওড়িছা-মিজোৰামৰ বৃহৎ জয়

DD TIMES গুৱাহাটী, ২১ ডিচেম্বৰঃ গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত আজিৰে পৰা অস্মিতা পূৱ মণ্ডল হকী লীগ আৰম্ভ হৈছে৷

প্ৰতিযোগিতাখনৰ উদ্বোধনীৰ দিনটোত অনুষ্ঠিত ছাব-জুনিয়ৰ শাখাৰ দুখন মেচত ওড়িছা আৰু মিজোৰামৰ ছোৱালী দলে বৃহৎ ব্যৱধানত জয় সাব্যস্ত কৰে৷ প্ৰথম মেচত ছাব-জুনিয়ৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ওড়িছাই ৫০-০ গলত ত্ৰিপুৰাক পৰাস্ত কৰাৰ বিপৰীতে ৰানাৰ্ছআাপ মিজোৰামে ১২-০ গলৰ ব্যৱধানত অসমৰ ছোৱালী দলক হৰুৱায়৷

পূৱাৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সঞ্চালক অংকুৰ ভড়ালী, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ গুৱাহাটী কেন্দ্ৰৰ সহঃসঞ্চালিকা তথা খেলো ইণ্ডিয়াৰ উত্তৰ-পূৱৰ দায়িত্বত থকা অনন্যা শৰ্মা, অসম অলিম্পিক সংন্থাৰ উপ-সভাপতি সুবোধ মল্ল বৰুৱা, অসম হকীৰ সভাপতি তপন দাস, উপসভাপতি হিৰণ্য বৰা, সম্পাদিকা কল্যানী ডেকা, ভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ কোষাধ্যক্ষ পাৰ্থ চক্ৰৱৰ্তী আদি উপস্থিত থাকে৷

উল্লেখ্য যে ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ঘৰুৱা দল অসমৰ লগতে বিহাৰ, ত্ৰিপুৰা, মিজোৰাম আৰু ওড়িছাৰ ছোৱালীৰ দলে যোগদান কৰিছে৷

অহা ২৫ ডিচেম্বৰলৈ ছাব-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত ২৭-৩১ ডিচেম্বৰলৈ জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ কাইলৈ হ’বলগা দুখন মেচৰ প্ৰথমখনত মিজোৰামে ত্ৰিপুৰাৰ আৰু অসমে ওড়িছাৰ বিৰুদ্ধে খেলিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!