অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

কলাক্ষেত্ৰত চলি আছে ‘ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ,২০২৫’

Spread the love

লিখিছে দৰ্শনা বৰুৱাই

দেশী-বিদেশী নাটকৰ সম্ভাৰেৰে অসমৰ গুৱাহাটীত অনুষ্ঠিত হৈছে এখন আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ৷নাম ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ৷ চিৰিয়াছকৈ নাটকৰ চিন্তা চৰ্চা আৰু পৰিৱেশনৰে দৰ্শক-ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এদল নাট্যপ্ৰেমী সংস্কৃতিপ্ৰেমী দলৰ আয়োজনত যোৱা দুটা বছৰে এই নাট মহোৎসৱ সফল হৈছে৷

এইবাৰো ইংৰাজী ৩ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ তৃতীয় বৰ্ষৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ‘‘ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ’’ (BBITF25)৷


গুৱাহাটীৰ ‘‘আঁক_এ ক্ৰিয়েটিভ লাইন’’ নামৰ সম্ভ্ৰান্ত নাট্যগোষ্ঠীটোৱে বিগত দুটা বছৰত ড° মৃণাল জ্যোতি গোস্বামীৰ মুখ্য তত্ত্বাৱধানত সফলতাৰে এই নাট মহোৎসৱৰ আয়োজন কৰাৰ পাছত এই বছৰতো তৃতীয় বাৰৰ বাবে এই নাট মহোৎসৱৰ আয়োজন কৰিছে৷ ক’বলৈ গ’লে এয়া অসমত আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰ এক নতুন মঞ্চ৷ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুস্থিত কৰি অসমীয়া নাটকক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ প্ৰয়াস হিচাপেও পৰিগণিত হৈছে৷

ভু্ল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ২০২৫ত দেশী- বিদেশী নাট্যদলসমূহৰ নাট পৰিৱেশনৰ সমান্তৰালভাৱে
দিনৰ ভাগত ‘‘ ফিজিকেল থিয়েটাৰ কৰ্মশালা’’, ‘‘আলোচনাচক্ৰ’’ অনুস্থিত কৰাৰ লগতে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা বিষয়ক সজাগতা সৃষ্টিৰ বাবে ৰাজ্যখনৰ প্ৰকৃতি বিষয়ক সংগঠন ‘‘আৰণ্যক’’ৰ সহযোগিতাত পৰিৱেশ সংবেদনশীলতা বিষয়ক কৰ্মশালাৰো আয়োজন কৰিছে৷


এইবাৰ ভুল্লুং বুথুৰ আন্তৰ্জাতিক নাট মহোৎসৱ, ২০২৫-ত ৬ খনকৈ বিভিন্ন ৰাষ্ট্ৰৰ কেইবাটাও নাট্য দলে নাট পৰিৱেশন কৰা এইবাৰ এই মহোৎসৱৰ নাটসমূহ হ’ল– সূৰ্য্য গুৱাহাটীৰ প্ৰযোজনা ‘‘দ্য গাৰ্ল হু ৰড এ বাইচাইকল (The Girl who rode a Bicycle), ক্ৰৱেচীয়াৰ নাটক ‘‘পালুনকছ ৱাইফ’’ (Palunko’s Wife), দক্ষিণ কোৰিয়াৰ নাটক ‘‘আফটাৰ’’ (AFTER), ৰোমানিয়াৰ নাটক ‘‘#নট মি (#NotMe), শ্ৰীলংকাৰ নাটক ‘‘ডামি’’’ (DUMMY) ‘‘এ’ জাৰ্ণি অৱ ডেচপেয়াৰ’’ (A Journey of Despair), ‘‘ইটছ নট মি, চামৱান এল্ছ’’ (It’s not me, someone else), ‘‘আনচিন’’ (Unseen), টিউনিচিয়াৰ নাটক ‘’দ্য ইমিগ্ৰেণ্টছ’’ (The Immigrants), আৰু আঁক-এ ক্ৰিয়েটিভ লাইনৰ নিবেদন ‘‘মেটামৰফৰচিচ অব্ মিট্ৰাচি ঘষ্টা (Metamorphosis of Mitrachi Goshta)৷

এইবাৰৰ নাট মহোৎসৱৰ মুখ্য অতিথি হিচাপে ৩ ছেপ্তেম্বৰৰ সন্ধিয়া নাট মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে কোৰিয়া থিয়েটাৰ এছচিয়েচনৰ আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ সভাপতি (Chair, International Relations Committee, Korea Theatre Association) জিনইয়ং য়ুন (Mr.Jinyoung Youn)৷ তেখেতে ড° মৃণাল জ্যোতি গোস্বামীৰ ‘এছ্‌থেটিকছ অব্‌ থিয়েটাৰ_এ ষ্পেক্টেটৰ’ছ অৱ্‌ পাৰ্ছপেক্টিভ'( Aesthetics of Theatre_A Spectator’s Perspective) শীৰ্ষক গ্ৰন্থখনৰ লগতে আন দুখন জাৰ্ণেল আৰু নাটমহোৎসৱৰ এই বৰ্ষৰ স্মৃতিগ্ৰন্থখনো উন্মোচন কৰে৷

উল্লেখযোগ্য যে বিদেশৰ পৰা অহা নাট্যকৰ্মীসকলৰ পৰিচালনাত দিনৰ ভাগত কলাক্ষেত্ৰতে অনুষ্ঠিত হৈছে ফিজিকেল থিয়েটাৰৰ ৱৰ্কশ্বপ৷

৭ চেপ্তেম্বৰৰ সন্ধিয়া নাটক পৰিৱেশনৰ লগতে পৰৱৰ্তী সময়ত ড° হৃদয়ানন্দ তামুলী ফুকনৰ পৰিচালনাৰ এটি যোগ উপস্থাপন আৰু অৰূপ জ্যোতি পাটগিৰিৰ ব্যৱস্থাপনাৰে The Fivefold Melody of Emotions শীৰ্ষক সঙ্গীতানুষ্ঠানেৰে নাট্য উৎসৱৰ সামৰণি পৰিব৷


Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!