অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GNRC: উত্তৰ পূৰ্বাঞ্চলৰ ৯৩ হাজাৰৰো অধিক দুৰ্ঘটনাগ্ৰস্ত ৰোগীক চিকিৎসা প্ৰদান জিএআৰছি হাস্পতালৰ

Spread the love

নগাঁৱৰ বাণিজ্য মহাবিদ্যালয়ত জিএনআৰচি হাস্পতালৰ দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচী সম্পন্ন

নগাঁও জিলাৰ ৬,৪০০ গৰাকী দুর্ঘটনাগ্রস্ত ৰোগীক চিকিৎসা প্রদান

উত্তৰ পূৰ্বাঞ্চলৰ ৯৩ হাজাৰৰো অধিক দুৰ্ঘটনাগ্ৰস্ত ৰোগীক চিকিৎসা প্ৰদান জিএআৰছি হাস্পতালৰ

DD TIMES বেবেজীয়া, ১৯ ডিচেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালৰ উদ্যোগত ডিচেম্বৰ মাহটো দুর্ঘটনা সজাগতা আৰু প্ৰতিৰোধ মাহ হিচাপে পালন কৰা হৈছে। এই সন্দৰ্ভত আজি নগাঁৱৰ গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰা হয়। আজিৰ এই সংবাদ মেলত দুর্ঘটনাৰ কাৰণসমূহ, ইয়াক নিৰাময়ৰ বিভিন্ন উপায়ৰ লগতে দুৰ্ঘটনাগ্রস্ত ৰোগীসকলৰ জীবন কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰত বিশদভাবে আলোচনা কৰা হয় ৷

হাস্পতালখনৰ হৈ স্নায়ুশৈল্য বিশেষজ্ঞ ডাঃ বাম কুমাৰ গোয়েল, অস্থিৰোগ বিশেষজ্ঞ ডাঃ অংকুৰ হাজৰিকা আৰু এম্বুলেঞ্চ সেৱাৰ মুৰব্বী মঃ ৰছিদুল ইছলামে সংবাদ মেলত উপস্থিত সাংবাদিক সকলক সম্বোধি দুর্ঘটনাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা দাঙি ধৰে। উল্লেখ্য যে ভাৰতবৰ্ষত প্রতি বছৰে এক বুজন সংখ্যক লোক বিভিন্ন দুর্ঘটনাত মৃত্যু মুখত পৰে বা শাৰীৰিক অক্ষমতাত ভোগে। কেৱল পথ দুর্ঘটনাতেই প্রতি ১.৯ মিনিটত এজন লোকৰ মৃত্যু হয়।

সমগ্র বিশ্বতে হোৱা দুর্ঘটনাজনিত মৃত্যুৰ পথ দুর্ঘটনা এক প্রধান কাৰক। আন এটি উদ্বেগজনক কথা হ’ল যে যুৱ ভাৰতীয় সকলৰ মাজত মৃত্যুৰ এক মুখ্য কাৰণ হৈছে বিভিন্ন দুর্ঘটনা।

নীতিগত পদক্ষেপ আৰু আন্তঃগাঁথনিৰ উন্নতিৰ স্বত্ত্বেও ২০১০ ৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতত পথ দুর্ঘটনাৰ ফলত হোৱা মৃত্যুৰ হাৰ প্রায় ১৮ শতাংশ বৃদ্ধি পাইছে।

যোৱা তিনি দশকত অসমকে ধৰি উত্তৰ-পূর্বাঞ্চলৰ ৯৩,০০০ ৰো অধিক দুর্ঘটনাগ্রস্ত ৰোগীক জিএনআৰচি হাস্পতালত চিকিৎসা প্রদান কৰা হৈছে। ইয়াৰ ভিতৰত প্রায় ৬,৪০০ জন ব্যক্তি নগাঁও জিলাৰ আছিল। এই পৰিসংখ্যাই জিলাখনত দুর্ঘটনাজনিত আঘাতৰ বৰ্ধিত গুৰুত্বক প্রতিফলিত কৰে।


উপস্থিত সাংবাদিক সকলক সম্বোধি ডাঃ ৰাম কুমাৰ গোয়েল আৰু অংকুৰ হাজৰিকাই কয়, “পথ দুৰ্ঘটনাৰ ফলত হোৱা মূৰ আৰু মেৰুদণ্ডৰ আঘাত আমাৰ সমাজৰ আটাইতকৈ নীৰৱ হত্যাকাৰী।

প্রতিবছৰে ভাৰতৰ ১.৫ লাখতকৈও অধিক আঘাতজনিত মগজুৰ আঘাতৰ এক অংশ দুচকীয়া বাহনৰ দুৰ্ঘটনাৰ বাবে হয়। হেলমেট আৰু চিটবেল্ট পৰিধান কৰি আৰু গাড়ী চলোৱাৰ সময়ত সুৰাপান পৰিহাৰ কৰি বহু দুর্ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰি। তদুপৰি দুর্ঘটনাগ্রস্ত ব্যক্তি এজনক সময়মতে চিকিৎসালয়লৈ নিব পাৰিলে প্ৰাণ ৰক্ষাৰ সম্ভাৱনা বাঢ়ি যায়।

আন বিভিন্ন কাৰণতো এজন লোক দুর্ঘটনাগ্রস্ত হ’ব পাৰে আৰু শুনাত বিশ্বাসযোগ্য নহ’লেও এই কাৰণসমূহতো বহু লোক দুর্ঘটনাগ্রস্ত হৈ মৃত্যুক সাৱটি লয় বা অক্ষম হৈ পৰে।বয়সস্থ লোক আৰু শিশু ঘৰৰ মজিয়াত পিছলি পৰা, বাথৰুমত পিছলি পৰা, ছিৰিত পৰি যোৱা, অসুৰক্ষিত কর্মস্থলী যেনে- নিৰ্মাণৰত ঘৰ বা বিল্ডিং, কাজিয়া-পেছাল, শাৰীৰিক আঘাত, কৃষি-কর্মত পোৱা আঘাত ইত্যদি।

দুৰ্ঘটনাৰ ফলত বাহিৰৰ পৰা নেদেখাকৈও বিভিন্ন গুৰুতৰ আভ্যন্তৰীণ আঘাত হ’ব পাৰে। অধিক প্রভাৱ পৰা দুর্ঘটনাসমূহে বৃক্ক আৰু প্রস্রাৱতন্ত্ৰৰ দৰে অংগসমূহৰ ক্ষতি কৰিব পাৰে। সময়মতে ৰোগ নির্ণয় আৰু চিকিৎসা অবিহনে, এই আঘাতবোৰে জীৱনজোৰা জটিলতাৰ সৃষ্টি কৰিব পাৰে।’

এই অনুষ্ঠানতে মঃ ৰছিদুল ইছলামে কার্ডিঅ’পালম ‘নাৰী ৰিছাচিটেশ্যন (চি. পি. আৰ.) প্ৰদৰ্শন কৰে আৰু কেনেদৰে সময়োপযোগী ব্যৱস্থাই জীৱন আৰু মৃত্যুৰ মাজত পাৰ্থক্য আনিব পাৰে সেই বিষয়ে বর্ণনা কৰে।

সজাগতা, প্রস্তুতি আৰু সময়োপযোগী সঁহাৰিয়ে বহু দুর্ঘটনা প্রতিৰোধ কৰিব পাৰে তথা দুর্ঘটনা এটাৰ পৰৱৰ্তী পৰ্য্যায়ত বহুলোকৰ প্ৰাণ ৰক্ষা কৰিব পাৰে। প্ৰতিটো ৰক্ষা কৰা জীবনে এটা পৰিয়ালক সুৰক্ষিত কৰে।

আজিৰ এই সংবাদমেল তথা দুর্ঘটনা সজাগতা আৰু প্ৰতিৰোধ মাহৰ কাৰ্যসূচীৰ জৰিয়তে জিএনআৰচি হাস্পতালে সমগ্ৰ অসমৰ উত্তৰ-পূৰ্বাঞ্চলত দুর্ঘটনাজনিত আঘাতৰ বিষয়ে সজাগতা আৰু জৰুৰীকালীন সেৱা শক্তিশালী কৰাৰ প্রতিশ্রুতি পুনৰ দোহাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!