Regional Connectivity System: মিজোৰাম ৰাজ্যৰ আঞ্চলিক সংযোগ ব্যৱস্থা অধিক শক্তিশালীকৰণ
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ইয়াৰ নৱনিৰ্মিত ছাইৰাং ৰেলৱে ষ্টেচনলৈ পোন প্ৰথমবাৰৰ বাবে ৰেলযোগে পৰিবহন কৰা অটোম’বাইল সামগ্ৰী প্ৰেৰণ
ইয়াৰ দ্বাৰা মিজোৰাম ৰাজ্যৰ আঞ্চলিক সংযোগ ব্যৱস্থা অধিক শক্তিশালীকৰণ

DD TIMES মালিগাঁও, ১৫ ডিচেম্বৰ, ২০২৫ঃ উত্তৰ-পূব সীমান্ত ৰেলৱেই মিজোৰামৰ ছাইৰাং ৰেলৱে ষ্টেচনত পোন প্ৰথমবাৰৰ বাবে পোনপটীয়াকৈ অটোম’বাইল ৰেকৰ সফল পৰিবহন কৰি আন এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। গুৱাহাটীৰ সমীপস্থ চাংসাৰীৰ পৰা ৰেলযোগে পৰিবহন কৰা মুঠ ১১৯ খন মাৰুতি গাড়ী ডেলিভাৰী কৰা হৈছে, যিয়ে ৰাজ্যখনলৈ মাল পৰিবহনৰ সংযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ ৰূপে চিহ্নিত হৈছে।

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ এই যুগান্তকাৰী পৰিচালনে মিজোৰামত সামগ্ৰী আৰু বাহন পৰিবহণৰ উপলব্ধতা বৃদ্ধি কৰিব, দূৰণিবটীয়া পথৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু অটোম’বাইল ডিলাৰ, সেৱা প্ৰদানকাৰী আৰু গ্ৰাহকসকলক প্ৰকৃত লাভ প্ৰদান কৰি অঞ্চলটোৰ অৰ্থনৈতিক বৃদ্ধিত সহায় কৰিব।

অটোম’বাইলসমূহৰ এই সফল পৰিবহণে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনস্থ ৫১.৩৮ কিলোমিটাৰ দীৰ্ঘ ভৈৰৱী–ছাইৰাং নতুন ৰেলপথৰ কৌশলগত গুৰুত্বক অধিক তাৎপৰ্যপূৰ্ণ কৰি তুলিছে। যি কঠিন ভূখণ্ড আৰু ৪৫ টা সুৰংগৰ মাজেৰে নিৰ্মিত এক প্ৰত্যাহ্বানমূলক প্ৰযুক্তিগত ৰূপায়ন। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ ছেপ্টেম্বৰ ২০২৫ তাৰিখে উদ্বোধন কৰা এই পথে মিজোৰামক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সম্পূৰ্ণৰূপে সংযোগ কৰিছে।
ইয়াৰ পিছৰেপৰাই যথেষ্ট সংখ্যক যাত্ৰী ৰাজধানী এক্সপ্ৰেছ, মিজোৰাম এক্সপ্ৰেছ আৰু ছাইৰাং–কলকাতা এক্সপ্ৰেছৰ জৰিয়তে যথেষ্ট সংখ্যক যাত্ৰী পৰিবহনেৰে অতি উচ্চ হাৰত যাত্ৰী সেৱাক নিশ্চিত কৰি তুলিছে, যি এই ৰেলৱে জ’নৰ দ্বাৰা প্ৰদান কৰা ৰেল সংযোগৰ প্ৰতি ৰাইজৰ বিশ্বাসকে প্ৰতিফলিত কৰি তুলিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেই চিমেণ্ট, নিৰ্মাণ সামগ্ৰী, অটোম’বাইল, বালি, ষ্টোন চিপছ আদি অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰি ভৈৰৱী–ছাইৰাং খণ্ডত মালবাহী আৰু পাৰ্চেল ৰেলৰ পৰিচালনো সম্প্ৰসাৰিত কৰিছে। ১৪ ছেপ্টেম্বৰ ২০২৫ তাৰিখে প্ৰথমখন মালবাহী ৰেল অসমৰ পৰা আইজ’ললৈ পৰিচালন কৰি ২১খন চিমেণ্টৰ ৱাগন পৰিবহন কৰা হয়।
ইয়াৰ উপৰি ১৯ ছেপ্টেম্বৰ ২০২৫ তাৰিখে প্ৰথমটো পাৰ্চেল সেৱাত দিল্লীলৈ এন্থুৰিয়াম ফুল পৰিবহণ কৰা হয়, যি স্থানীয় উৎপাদকসকলৰ বাবে নতুন বজাৰৰ সুবিধা মুকলি কৰিছে।
চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈ ১৭ খন ৰেক পৰিচালন কৰাৰ সৈতে উত্তৰ-পূব সীমান্ত ৰেলৱেই মিজোৰামক এক নিৰ্ভৰযোগ্য লজিষ্টিকছ আৰু গতিশীল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু বহুমূখী উন্নয়ন আৰু আঞ্চলিক একত্ৰীকৰণৰ প্ৰতি তাৰ দায়বদ্ধতাকেই পুনৰ নিশ্চিত কৰিছে।

