অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NEW BOOKS: নগাঁও জিলা কবি সন্মিলনৰ মধ্যকালীন অধিৱেশন

Spread the love

নগাঁও জিলা কবি সন্মিলনৰ পঞ্চম মধ্যকালীন অধিৱেশন সম্পন্ন

‘কাব্যধ্বনি’ শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠানত সেৱা আৰু সাহিত্য সন্মান ২০২৫ প্ৰদান

‘দৈনন্দিন বাৰ্তা’ৰ ‘কাব্য-বীথিকা’ৰ বিশেষ সংখ্যা উন্মোচন

DD TIMES বেবেজীয়া, ১৫ ডিচেম্বৰঃ নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত ধিং শাখা কবি সন্মিলনৰ আতিথ্যত ধিঙৰ মাৰোৱাৰী হিন্দী বিদ্যালয়ৰ প্ৰাংগণত দেওবাৰে পঞ্চম মধ্যকালীন ধিং অধিবেশনখনি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

সন্মিলনৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা শশী কেওঁটে। ইয়াৰ পিছতে ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ, দীপক শৰ্মা, পৰাণ চন্দ্ৰ বৰুৱা আৰু ৰাম গগৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক দীপজ্যোতি কাকতি আৰু দীপাঞ্জু বৰাই ।

পৰৱৰ্তী প্ৰতিনিধি সভা সম্পন্ন হোৱাৰ পাছতে দৈনন্দিন বাৰ্তাৰ ‘কাব্য-বীথিকা’ৰ বিশেষ সংখ্যা তথা নগাঁও জিলা কবি সন্মিলনৰ পঞ্চম মধ্যকালীন অধিৱেশন বিশেষ সংখ্যাটি উন্মোচন কৰা হয় । এই বিশেষ সংখ্যাটি সজাই তুলিছে কবি তথা দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যকৰ্তা নৱজ্যোতি বৰাই।

নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকীয়ে সভাপতিত্ব কৰা উক্ত সভাতে ১৬ গৰাকী কবি, সহিত্যিক তথা সাংস্কৃতিক কৰ্মীলৈ সন্মান বিশেষ পত্ৰ আৰু সেৱা আৰু সাহিত্য সন্মান প্ৰদান কৰা হয়।

শশী কেওঁট, ৰাজু সমীৰণ, স্বপ্না দেৱী, প্ৰেমেশ্বৰ ঠাকুৰীয়া, দিলীপ কুমাৰ নাথ, হাছিনা মমতাজ, নৱজ্যোতি শৰ্মা বৰুৱা, পৱন শৰ্মা, সঞ্জীৱ সাগৰ চৌধুৰী, মুকুল চন্দ্ৰ বৰা, ক্ষীৰধৰ নাথ, মদাৰজ্যোতি, প্ৰদীপ শইকীয়া, নিৰলা শইকীয়া, কিশোৰ দাস, বিমল চন্দ্ৰ দাস আৰু দ্বিজেন্দ্ৰ নাথ হাজৰিকালৈ এই সন্মান আগবঢ়োৱা হয়।

ইয়াৰ পাছতে কাব্যধ্বনি শীৰ্ষক কবিতা পাঠৰ অনন্ত: কবি ক্ষীৰধৰ নাথে কবিতাৰ পৰ্যালোচনা আগবঢ়াই। অনুষ্ঠানত প্ৰায় ৫০ জন কবিয়ে কবিতা পাঠ কৰে।

নগাঁও জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক দ্বয় ৰূপম নাথ আৰু দেৱ বৰাই আ‍ঁতধৰা অনুষ্ঠানটিত পল্লৱী শৰ্মা, নিখিল ৰঞ্জন গোস্বামী, কৰৱী লিগিৰা, দীপাংকৰ গিৰি গোস্বামী, জিনু বৰা, খৰ্গেশ্বৰ বৰা, ৰাজীৱ কুমাৰ মহন্ত, আশা বৰা মন, ছাইদুল ইছলাম, বন্দনা বৰুৱা, নিৰু প্ৰভা দেৱী, দিলীপ কুমাৰ শইকীয়া, জোনালী শইকীয়া বৰা,কংকনা শইকীয়া, ইলোৰা কাকতি, দেবেন্দ্ৰ কুমাৰ দাস, সুনয়ন শইকীয়া,আলিম উদ্দিন, আৰু গোলাপ ৰাজখোৱাকে প্ৰমূখ্য কৰি ভালে সংখ্যক কবিয়ে কবিতা পাঠ কৰে। সভাৰ শেষত কাব্যমন্ত্ৰ পাঠেৰে অধিৱেশনৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!