Kamrup District Sahitya Sabha: কামৰূপ জিলা সাহিত্য সভাৰ মধ্যকালীন ডিমু অধিৱেশনৰ লাইখুঁটা স্থাপন
কামৰূপ জিলা সাহিত্য সভাৰ মধ্যকালীন ডিমু অধিৱেশনৰ লাইখুঁটা স্থাপন

DD TIMES ডিমু, ১৫ ডিচেম্বৰঃ কামৰূপ জিলা সাহিত্য সভাৰ মধ্যকালীন ডিমু অধিৱেশনৰ লাইখুঁটা ডিমু ৰাজহুৱা শ্ৰীশ্ৰী দূৰ্গা মন্দিৰ চৌহদত দেওবাৰে স্থাপন কৰা হয় ৷
অহা ২৭ আৰু ২৮ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ত্ৰিবেণী শতদল শাখা সাহিত্য সভা,ডিমুৰ উদ্যোগত অনুস্থিত হ’ব লগা অধিবেশনৰ প্ৰাৰম্ভিক কাৰ্যসূচী অনুসৰি আদৰণি সমিতিৰ সভাপতি হিচাপে স্থানীয় বিধায়ক তথা অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্য ভৱেশ কলিতাই লাইখুঁটা স্থাপন কৰে।
ত্ৰিবেণী শতদল শাখা সাহিত্য সভাৰ সম্পাদক কনককৃষ্ণ ভট্টাচাৰ্যই আঁত ধৰা কাৰ্যসূচীত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গণেশ্বৰ চহৰীয়া, উপ সভাপতি ৰমেশ চন্দ্ৰ মেধী, কোষাধ্যক্ষ দিলীপ ঠাকুৰীয়া, সাংগঠনিক সম্পাদক জয়ন্তজিত কলিতা, যুৱ সংসদৰ আহ্বায়ক হেমন্ত কলিতা, সংস্কৃতিৰ দাপোন কাকতৰ মুখ্য সম্পাদক সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ, অসম ৰাজ্যিক মুক্তি যুজাৰু সন্থাৰ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা, বড়িগোগ জিলা পৰিষদৰ সদস্য গীতিকা দাস, কামৰূপ জিলা সাহিত্য সভা আৰু ত্ৰিবেণী শতদল সাহিত্য সভাৰ বহুকেইজন বিষয়ববীয়া প্ৰমুখ্যে কেইবাশতাধিক সাহিত্যানুৰাগী উপস্থিত থাকে ৷
অনুষ্ঠানৰ লগত সংগতি ৰাখি কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গণেশ্বৰ চহৰীয়াৰ সভাপতিত্ব অনুস্থিত সভাত বিধায়ক ভৱেশ কলিতাই অধিৱেশনখনি সাহিত্যানুৰাগীসকলৰ সহায় সহযোগিতাত অতি সুন্দৰভাৱে সাফল্যমণ্ডিত হ’ব বুলি আশা প্ৰকাশ কৰে আৰু আগন্তুক সময়ত অবিভক্ত কামৰূপ জিলাৰ সীমা সামৰি কামৰূপ দিৱস পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ৷
আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তৰণি চৰণ কলিতাই উদ্দেশ্যে বাখ্যা কৰা আলোচনা সভাখনত সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থয়ো পৰামৰ্শমূলক ভাষণ ৰাখে ৷
সভাত আগন্তুক জিলা সভাৰ মধ্যকালীন অধিৱেশনখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়৷
উল্লেখ্য, অধিৱেশনৰ অন্যান্য কাৰ্যসূচীসমুহৰ লগতে মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, প্ৰধান সম্পাদক দেৱজিৎ বৰা সহিতে কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷

