অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Establishment of a true Ramrajya: এখন প্ৰকৃত ৰামৰাজ্য স্থাপনৰ বাবে প্ৰতিগৰাকী হিন্দু সন্তান দায়বদ্ধ হোৱা উচিত, আমি নিজকে হিন্দু হিচাপে গৌৰৱ কৰা উচিতঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

Spread the love

ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল


তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কিন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ


এখন প্ৰকৃত ৰামৰাজ্য স্থাপনৰ বাবে প্ৰতিগৰাকী হিন্দু সন্তান দায়বদ্ধ হোৱা উচিত, আমি নিজকে হিন্দু হিচাপে গৌৰৱ কৰা উচিতঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল


“প্ৰশংসাত নিশ্চয়তা নাই কিন্তু সমালোচনাত আন্তৰিকতা থাকেঃ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল

DD TIMES তিনিচুকীয়া আৰু ডুমডুমা, ১৩ ডিচেম্বৰ, ২০২৫ঃ আজি তিনিচুকীয়া আৰু ডুমডুমা চহৰত অনুষ্ঠিত দুটি পৃথক অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

প্ৰথমটি অনুষ্ঠানত ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাত যুগাচার্য শ্রীমৎ স্বামী প্রণৱানন্দজী মহাৰাজৰ নৱনির্মিত শ্ৰীশ্ৰী গুৰু মন্দিৰ, শ্রীশ্রী শিৱ মন্দিৰ আৰু শ্রীশ্রী কৃষ্ণ মন্দিৰৰ লগতে ছাত্রাবাসৰ শুভ উদ্বোধনীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে৷

বৰ্ণাঢ্য আধ্যাত্মিক-সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত, সনাতন সংস্কৃতিৰ বিশালতা আৰু মহত্ত্বক প্ৰতিফলিত কৰা এই অনুষ্ঠানৰ আধ্যাত্মিক পৰিৱেশত সোণোৱালক সংগ দিয়ে সংঘৰ সন্মানীয় বিষয়ববীয়াসকল, মাননীয় বিধায়ক বলিন চেতিয়া, হাউছিং ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, বিশিষ্ট সমাজকৰ্মী কুশকান্ত বড়া, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ প্ৰমুখ্যে শংকৰ দাস আৰু গণ্য-মান্য ব্যক্তিসকলে৷


ভাৰতৰ বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা স্বামী আৰু ভক্তপ্ৰাণ ৰাইজক সম্বোধন কৰি সোণোৱালে প্ৰাচীন হিন্দু সভ্যতাই যুগ যুগ ধৰি পৃথিৱীৰ মানৱ সমাজক প্ৰদান কৰি অহা জ্ঞানৰ পোহৰ, আধ্যাত্মিক চেতনাশক্তিক আমাৰ আটাইৰে বাবে এক গৌৰৱৰ বিষয় হোৱা উচিত বুলি মন্তব্য প্ৰকাশ কৰে৷

তেওঁ কয়- “আমি ভাৰতমাতাৰ সন্তান হিচাপে প্ৰতিগৰাকীয়ে এক সেৱা আৰু সমৰ্পণৰ ভাৱেৰে শ্ৰদ্ধা সহকাৰে ভাৰত মাতৃক সেৱা আগবঢ়োৱাৰ এটি সুযোগ লাভ কৰিছোঁ৷ তাৰ লগতে আহি পৰিছে এটি দায়িত্ব- প্ৰকৃতি আৰু জীৱকুলক সুৰক্ষিত ৰখাৰ৷

আধ্যাত্মিকতা, সহিষ্ণুতা, ধৈৰ্য্য আৰু মানৱতা সন্দৰ্ভত হিন্দুধৰ্মই আমাক যিখিনি চেতনাশক্তি প্ৰদান কৰিছে তাৰ সদব্যৱহাৰ কৰি এখন প্ৰকৃত ৰামৰাজ্য স্থাপনৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী হিন্দু সন্তানে বিশেষভাৱে দায়বদ্ধ তথা প্ৰতিজ্ঞাবদ্ধ হব লাগিব, ৰাষ্ট্ৰধৰ্ম পালন কৰিব লাগিব৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫০০ বছৰ পুৰণি এটি সপোনক দিঠকত পৰিণত কৰি, ৰাম মন্দিৰ স্থাপনৰ জৰিয়তে প্ৰতিগৰাকী হিন্দুক গৌৰৱান্বিত কৰি তুলিছে৷ হিন্দু সভ্যতাৰ শক্তিয়েই হৈছে মহাশক্তি, হিন্দু সভ্যতাৰ বিচাৰধাৰাই হৈছে মহা বিচাৰধাৰা৷

এই মহাজ্ঞানী, মহা ভাৰতত জন্ম লাভ কৰাৰ বাবে আমি ঈশ্বৰৰ ওচৰত কৃতজ্ঞ হব লাগিব৷ অতীজৰে পৰা ভাৰতবৰ্ষই পৃথিৱীৰ প্ৰতিটো জটিল সমস্যাৰ সমাধান দি আহিছে৷ স্বামী বিবেকানন্দই চিকাগোলৈ গৈ আটাইকে ভাতৃ আৰু ভগ্নী বুলি সম্বোধন কৰি যি ইতিবাচক দৃষ্টিভংগীৰ নিদৰ্শন দৰ্শাইছিল তাক আগবঢ়াই নিয়াৰ এটি নৈতিক দায়িত্ব আমাৰ আটাইৰে আছে৷

এই সন্দৰ্ভত ভাৰত সেৱাশ্ৰমে যিখিনি পদক্ষেপেৰে মানৱতা আৰু ভাতৃত্ববোধাৰ বাৰ্তা কঢ়িয়াই আনিছে তাৰ বাবে এই অনুষ্ঠানৰ লগত জড়িত প্ৰতিগৰাকী সদস্য ধন্যবাদৰ পাত্ৰ৷ আজিৰ এই শুভক্ষণত এই সুন্দৰ মন্দিৰ প্ৰাঙ্গণৰ আধ্যাত্মিক বাতাবৰণত উপস্থিত থাকি মই ধন্য হৈছোঁ৷

ভাৰত সেৱাশ্ৰমে নৱপ্ৰজন্মক সদায়েই হিন্দু ধৰ্মৰ মাহাত্ম্য, পবিত্ৰতা আৰু সহিষ্ণুতাৰ বাৰ্তাৰে উদ্বুদ্ধ কৰি আহিছে৷ আমি নিজকে হিন্দু হিচাপে গৌৰৱ কৰা উচিত৷ ভাল মনৰ অধিকাৰী হ’লেহে আমি ভাল চিন্তা কৰিব পাৰিম, ভাল কাম কৰিব পাৰিম, ভাল মানুহ হব পাৰিম আৰু এখন ভাল সমাজ গঢ়িব পাৰিম৷”

ইয়াৰ লগতে ঐতিহাসিক বাণিজ্য নগৰী তিনিচুকীয়াৰ অসম তথা ভাৰতক শক্তিশালী তথা আত্মনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰতো এটি বিশেষ ভূমিকা আছে বুলি মন্তব্য কৰে সোণোৱালে৷

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ভেটি সুদৃঢ় কৰি সংবাদ মাধ্যমে সমাজৰ জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি আহিছে।

ডুমডুমাত অনুষ্ঠিত দ্বিতীয়টি অনুষ্ঠানত সোণোৱালে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান তথা চতুৰ্বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰে৷

তেওঁৰ লগতে সভাত উপস্থিত থাকে বিধায়ক বলিন চেতিয়া, হাউছিং ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, জ্যেষ্ঠ সাংবাদিক অৰুণ বৰুৱা, অমূল্য খাটনিয়াৰ, ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলেশ্বৰ কলিতা, ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি মনোজ দত্ত, সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক জয়কান্ত মৰাণ, সদৌ অসম ভোজপুৰী সন্থাৰ সভাপতি কৈলাশ গুপ্তা, মৰাণ জাতীয় মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা ৰুণজুন মৰাণ, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙকে আদি কৰি গণ্য-মান্য ব্যক্তিসকল।

সভাত নিজৰ বক্তব্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীজনে গুণগত সংবাদ সেৱাৰে আৰু গঠনমূলক দৃষ্টিভংগীৰে নিষ্ঠাৰে কাম কৰি সমাজ সচেতনতাৰ দিশত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি যাবলৈ সংবাদ মহলক আহ্বান জনায় আৰু তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ নিৰন্তৰ প্ৰচেষ্টাৰ শলাগ লয়।


সোণোৱালে কয়- “গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে জনসাধাৰণৰ মৌলিক অধিকাৰ সমূহৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে জন্মলগ্নৰে পৰা সংবাদ মাধ্যমে এক গুৰুদায়িত্ব পালন কৰি আহিছে আৰু আগন্তুক দিনতো এই ধাৰাবাহিকতা ৰক্ষা কৰিব বুলি মই আশাবাদী৷ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি মই অনুভৱ কৰিছোঁ যে এখন সুন্দৰ সমাজ নিৰ্মাণ কৰাই আপোনাসৱৰ উদ্দেশ্য৷

আপোনালোকে সমাজখনক সংঘাতৰ পৰিৱৰ্তে সমন্বয়ৰ যোগেদি শক্তিশালী হবলৈ এটি বাৰ্তা দিয়ে৷ কেৱল ইয়াতেই নহয়, সমগ্ৰ বিশ্বতেই সংবাদ মাধ্যমে এক জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি আহিছে৷

এক গঠনমূলক সমালোচনাৰে সংবাদ মাধ্যমৰ উপস্থিতি অতি প্ৰয়োজনীয়৷ আমি যেতিয়া এটি সামাজিক দায়িত্ব লওঁ, আমাক চোৱাচিতা কৰিবলৈ কোনোবাৰ প্ৰয়োজন হয়৷ আমাৰ সামাজিক আচৰণ, বক্তব্য দায়িত্বশীল হোৱা উচিত৷ তাতে যদি কৰবাত আউল লাগে, আমাক সোৱৰাই দিবলৈ প্ৰয়োজন আছে এটি সজাগ সংবাদ মাধ্যমৰ৷

জনসাধাৰণৰ কণ্ঠ হিচাপে, বাকস্বাধীনতাক সুৰক্ষিত কৰিবলৈ সংবাদ মাধ্যমে সদায়েই এটি গুৰুদায়িত্ব পালন কৰি আহিছে৷ এই দায়িত্ব এতিয়া আৰু বাঢ়িছে বিশেষকৈ সামাজিক মাধ্যমৰ যুগত৷ সামাজিক মাধ্যমৰ প্ৰত্যক্ষ কৰা সামাজিক মূল্যবোধ অৱক্ষয়ৰ এই পৰিস্থিতিত আমাৰ পৰম্পৰাগত সংবাদ মাধ্যমে যুঁজ দিব লাগিব৷


আমাৰ সমাজৰ যিসকল প্ৰবাদ প্ৰতিম পুৰুষে সামাজিক, সাংস্কৃতিক বা আধ্যাত্মিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙনি আগবঢ়াই দি থৈ যোৱা বাক্যবোৰ গুৰুৰ বাণী হিচাপে আমি গ্ৰহণ কৰিব লাগিব।


জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানিতে কৈ গৈছিল “বিশ্ববিজয়ী ন-জোৱান”৷ আমিও আমাৰ অসমীয়া সমাজখনক বিশ্ব শ্ৰেষ্ঠ হিচাপে গঢ়ি তুলিব লাগিব। পৃথিৱীৰ যিকোনো প্ৰান্তত গ’লেও আমি আমাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰিবই লাগিব।”

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰভাৱ এতিয়া সকলো ক্ষেত্ৰতে বিদ্যমান কিন্তু ইয়াৰ যাতে ঋণাত্মক প্ৰভাৱ নপৰি কেৱল ধনাত্মক প্ৰভাৱ হে পৰে সেয়া আমি লক্ষ্য ৰাখিব লাগিব।আমি আমাৰ সমাজ ব্যৱস্থাত মানৱতা আৰু প্ৰযুক্তিৰ সামঞ্জস্যতা ৰাখিব লাগিব কিয়নো মানৱতাক বিসৰ্জন দি কেতিয়াও সমাজৰ উন্নতি সাধন কৰিব পৰা নাযায়।

আমি আমাৰ অৰ্থনীতি উন্নত কৰিব লাগিব কিন্তু বায়ুমণ্ডল বা পৰিবেশ বিনষ্ট কৰি অৰ্থনৈতিক উন্নয়ন কেতিয়াও কাম্য নহয়। প্ৰকৃতি সুন্দৰ হৈ থাকিলেহে আমিও সু স্বাস্থ্যবান হৈ থাকিব পাৰিম৷ যদি প্ৰকৃতিয়ে ৰুগীয়া হৈ থাকিব আমি প্ৰাণীজগত নিৰোগী হৈ থাকিব নোৱাৰিম, তাহানিতে পৰম্পৰাগত যিটো চিকিৎসা পদ্ধতি সেইটো প্ৰকৃতিৰ পৰাই লাভ কৰা আমি চিকিৎসা পদ্ধতি যাৰ সদায় প্ৰয়োজনবোধ আছে।

সোণোৱালে লগতে কয় যে তাহানিতে লাচিত বৰফুকন ডাঙৰীয়াই যেনেকৈ সকলো ক্ষেত্ৰতে নিজৰ পাৰদৰ্শিতা দেখুৱাইছিল ঠিক তেনেকৈ আজি একবিংশ শতিকাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব লাগিব কিয়নো এতিয়া প্ৰতিযোগিতাৰ যুগ আৰু সেয়েহে কেৱল এটা ক্ষেত্ৰত নহয় সকলো ক্ষেত্ৰতে পাৰ্গতালি প্ৰদৰ্শন কৰিব লাগিব।


তেওঁ শেষত কয় যে সংবাদ মাধ্যমে যেতিয়া সমালোচনা কৰে মই সদায় ভাল পাওঁ আৰু প্ৰশংসাক সদায় ভয় কৰোঁ- কিয়নো প্ৰশংসাত নিশ্চয়তা নাই কিন্তু সমালোচনাত আন্তৰিকতা থাকে৷ সেয়েহে সংবাদ মাধ্যমে বাঘৰ দৰে আমাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি থাকিলেহে আমাৰ দৰে ৰাজনৈতিক ব্যক্তিসকলৰ মেৰুদণ্ড সদায় পোন হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!