অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

World Toilet Day: নগাঁও সংমণ্ডলৰ কাৰ্যালয়ত বিশ্ব শৌচালয় দিৱস উদযাপন

Spread the love

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যালয়ত বিশ্ব শৌচালয় (World Toilet) দিৱস উদযাপন

সাহিত্য বঁটাপ্ৰাপক গুৰমাইলক সিঙক সম্বৰ্ধনা

মহাত্মা গান্ধীৰ স্বচ্ছতাৰ সপোন চৰকাৰী বিভাগসমূহৰ তত্বাৱধানত সাকাৰ ৰূপ দিবলৈ গৈছেঃ গল্পকাৰ শিৱানন্দ কাকতি

DD TIMES বেবেজীয়া, ১০ ডিচেম্বৰঃ নগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যালয়ত আজি বিশ্ব শৌচালয় (World Toilet Day) দিৱস উদযাপন কৰা হয়।

তদুপলক্ষে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তা গৌতম বৰাই সভাপতিত্ব কৰা সভাখনিত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, অসম সাহিত্য সভাৰ বঁটা প্ৰাপক তথা গল্পকাৰ গুৰমাইল সিং, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কঠিয়াতলী উপ-সংমণ্ডলৰ সহাকাৰী অভিযন্তা নিখিল শিৱ ডেকা, নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

জিলা সমন্বয়ক ৰেকিবুদ্দিন আহমেদে আঁতধৰা সভাখনত বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিয়ে কয় যে মহাত্মা গান্ধীৰ স্বচ্ছতাৰ সপোন চৰকাৰী বিভাগসমূহৰ তত্বাৱধানত সাকাৰ ৰূপ দিবলৈ গৈছে। এই ক্ষেত্ৰত নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা তথা সংস্কৃতিৱান-সমাজকৰ্মী ৰূপজ্যোতি বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনিত অসম সাহিত্য সভাৰ বঁটা প্ৰাপক বিশিষ্ট গল্পকাৰ গুৰমাইল সিঙক সম্বৰ্ধনা জনোৱা হয়।


উল্লেখ্য যে উক্ত সভাতে জিলাখনৰ পা‍ঁচজন অনাময় হিতাধিকাৰীক নগদ ধন আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা সভাখনিতে জুৰীয়া ঠিয়টাঙনি ৰাজহুৱা শৌচালয় পৰিচালনা সমিতি, পুৰণিগুদাম কেঞাপট্টিৰ শংকৰী কলা কৃষ্টি কেন্দ্ৰ আৰু গেৰুৱাআটি গৰৈমাৰী চুৱাহী মোক্তাব পৰিচালনা শৌচালয় সমিতি কেইখনক আজি বিশ্ব শৌচাগাৰ দিৱসতে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত শ্বহীদ অনিল বৰা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ বিভিন্ন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!