অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Wild elephants in Kandali: কন্দলীত বন্যহস্তীৰ তাণ্ডৱ, ৬টা বাসগৃহ লণ্ডভণ্ড

Spread the love

কন্দলীত বন্যহস্তীৰ তাণ্ডৱ ৬টা বাসগৃহ লণ্ডভণ্ড

বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে দুৰ্ভগীয়া পৰিয়ালে

উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী

DD TIMES বঢ়মপুৰ, ৮ ডিচেম্বৰঃ নগাঁও জিলাৰ কঠিয়াতলী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কন্দলীত হাতী-মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে। জানিব পৰা মতে, যোৱা নিশা বন্যহস্তীয়ে ছোটকন্দলীৰ বনুৱা গাঁৱৰ ৬টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে একাংশ লোকৰ গৃহত ৰখা ধান খাই তহিলং কৰে।

বন্যহস্তীয়ে গৃহত আক্ৰমণ কৰি থকাৰ সময়ত পৰিয়ালকেইটাৰ লোকসকলৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি কন্দলী এলেকাৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও সেয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত নগাঁৱৰ বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

যাৰ ফলত বৃহত্তৰ কন্দলী অঞ্চলটোত বনৰীয়া হাতীৰ আতংক দিনক দিনে বৃদ্ধি পাই আহিছে। বিগত বর্ষসমূহত বন্যহস্তীয়ে বহু পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰিও শ শ লোকৰ খেতিৰ ধান, শাক-পাচলি, ফলমূল আদি খাই বিস্তৰ ক্ষতিসাধন কৰি আহিছে।

এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালসমূহে উপযুক্ত ক্ষতিপূৰণ বিচাৰি বন বিভাগৰ ওচৰত আবেদন দাখিল কৰিছিল যদিও আজিকোপতি পৰিয়ালসমূহে উপায়ুক্ত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উঠিছে।

সংশ্লিষ্ট বিভাগৰ এনে দায়িত্বজ্ঞানহীন কৰ্মকাণ্ডৰ বাবে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।আনকি অঞ্চলটোত বন বিভাগে ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ ক্ষেত্ৰত একো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে স্থানীয় লোকে আতংকৰ মাজেৰে দিন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

বন্যহস্তীৰ আক্ৰমণত ক্ষতিসাধন হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিবলৈ স্থানীয় ৰাইজে বন বিভাগৰ প্ৰতি দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!