অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Darang Rhino in Quarter Finals: গোগামুখত সদৌ অসম ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত দৰং ৰাইন’ কোৱাৰ্টাৰ ফাইনেলত

Spread the love

গোগামুখত সদৌ অসম ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত দৰং ৰাইন’ কোৱাৰ্টাৰ ফাইনেলত

DD TIMES গোগামুখ, ২ নৱেম্বৰঃ লখিমপুৰ আৰু ধেমাজি জিলা সীমান্তৱৰ্তী পথালিপামৰ সোৱণশিৰি মহাবিদ্যালয়ৰ খেলপথাৰত গোগামুখ ক্ৰিকেট একাডেমীৰ উদ্যোগত আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৃষ্ঠপোষকতাত সদৌ অসম ভিত্তিত পুৰ্ণ গতিত অনুষ্ঠিত হৈ থকা ১৬ বছৰ অনুৰ্ধ্বৰ ল’ৰাৰ  ক্ৰিকেট প্ৰতিযোগিতাত দৰং ৰাইন’ ক্ৰিকেট ক্লাবে নলবাৰী নৱোদয়া ক্ৰিকেট একাডেমীক ৭ উইকেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ 

আজি অনুষ্ঠিত হোৱা খেলত  টছ’ত জয়ী হৈ নলবাৰী ক্ৰিকেট একাডেমীয়ে  প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি  নিৰ্ধাৰিত ৩০ অভাৰত ১০  উইকেটৰ বিনিময়ত ২৬.১ অভাৰত  ৮৪  ৰাণ  সংগ্ৰহ কৰে ৷ দলটোৰ হৈ মনজিৎ দাসে ৩৭ বলত সৰ্বাধিক ২৫  ৰাণ সংগ্ৰহ কৰে ৷

জয়ৰ বাবে ৮৫ ৰাণৰ  লক্ষ্য অনুকৰণ কৰি দৰং ৰাইন’ ক্ৰিকেট একাদশে  মাত্ৰ ১৩.৩  অভাৰতে ৩ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দৰঙৰ হৈ মুক্তিয়াৰ হুছেইনে ৪১ বলত ৫১ ৰাণ সংগ্ৰহ কৰি দলৰ জয় সহজ কৰি তোলে ৷ দৰঙৰ হৈ অভিজ্ঞান নেওগেও ১৪ ৰাণৰ বৰঙণি যোগায় ৷

মুক্তিয়াৰ হুছেইনে মেন অফ দ্যা মেচ আৰু শ্ৰেষ্ঠ বেটাৰৰ সন্মান লাভ কৰে ৷ 

দৰঙৰ ধ্ৰুৱজ্যোতি বৰাই  ৬ অভাৰত ১১ ৰাণ খৰচ কৰি ২ উইকেট লাভ কৰে ধ্ৰুৱজ্যোতিক শ্ৰেষ্ঠ বলাৰৰ সন্মান দিয়া হয়। 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!