অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Mustard Flowers: সৰিয়হ ৰখীয়া এজনী গাভৰুৰ প্ৰেমত পৰা কবিজন

Spread the love

সৰিয়হ ৰখীয়া এজনী গাভৰুৰ প্ৰেমত পৰা কবিজন

অনুভৱ প্ৰিয়ম মিৰি

আপোন ঘুনাসূঁতিৰ পৰা লখিমপুৰলৈ
ঘাগৰ ঘাটেৰে ক’ত অহা-যোৱা
তামোলৰ পিক পেলাই পেলাই
চাপৰিৰ কঁহুৱা আৰু ঝাউবনৰ সৈতে
ক’ত গোপন কথা৷

এনেকৈ অহা-যোৱা কৰি থাকোঁতে
এদিন হঠাৎ লগ পাইছিল
সৰিয়হ ৰখীয়া এজনী গাভৰু
তাইৰ সৈতে লাহে লাহে
তেওঁৰ গভীৰ অন্তৰংগ বাঢ়িছিল৷

নিত্য-নৈমিত্তিক কোনেও নজনাকৈ
তাইৰ সৈতে সকলো মনৰ কথা পাতিছিল
দুখবোৰ ভগাই লৈছিল৷

তাইৰ উৰ্বৰ সান্নিধ্যত
জীপাল হৈ পৰিছিল
তেওঁৰ শব্দৰ শস্য-পথাৰ৷

এনেকৈয়ে এদিন তাইৰ প্ৰেমত পৰিছিল
তাই দুখৰ সময়ত
তেওঁৰ হাতখন ধৰিছিল
চেঁচা হ’লে চৌকাৰ জুই উঠাই দিছিল৷

সময় বাগৰিছিল
অথচ সোৱণশিৰিয়ে খহাই নিছিল
তাইৰ খেতি ধৰা
তাইৰ দুখ চাই সহিব নোৱাৰি
তেওঁ আপং খাই সহিব বিচাৰিছিল
সেই দুঃসময়৷

তাই সোৱণশিৰিৰ দৰে বৈ আহি কৈছিল
তুমি ঝাউবনৰ দৰে হালি-জালি থাকিব লাগিব
চাপৰিৰ বালিচৰতো সেউজীয়া হৈ থাকিব লাগিব
আৰু… ‘আজি ৰাতি থাকি যোৱা হ’লে’৷

তেওঁ থাকি গৈছিল ৰাতি
তাইৰ প্ৰিয় নৈখনত কবিতাৰ নাও বাইছিল৷

এদিন তাই তেওঁক লৈ গৈছিল
বৰষুণৰ দেশলৈ
তাত দেখুৱাই দিছিল
‘বৰষুণত গাভৰুবোৰ’৷

তেতিয়া তেওঁ দেখা পাইছিল
কৃষিজীৱি গাভৰুৰ জীয়া প্ৰতিচ্ছবি
তেওঁলোকৰ খিলখিল হাঁহিত
তেওঁ দুখবোৰ পাহৰিছিল
তেওঁলোকৰ অইঃনিতমত মগ্ন হৈ
তেওঁ তাইৰ বুকুত শুই পৰিছিল ৰাতি।

(কবি যোগেন টাইদৰ সজল স্মৃতিত)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!