পৰিৱেশৰ প্ৰতি দায়বদ্ধ এজন শিক্ষক– মানস প্ৰতিম দত্ত
DD TIMES শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত আমি আপোনালোকক লৈ যাম এজন এনে শিক্ষকৰ কাহিনীৰ ওচৰলৈ, যি শিক্ষকতাৰ লগতে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো অতুলনীয় অৱদান আগবঢ়াইছে। তেওঁ হৈছে বিজ্ঞানৰ শিক্ষক তথা পৰিৱেশৰ একনিষ্ঠ সৈনিক – মানস প্ৰতিম দত্ত। আজি আমি তেওঁৰ জীৱন, কৰ্ম, আৰু পৰিৱেশৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ কথা তুলি ধৰিম। তেনে চাওঁ আহক এই বিশেষ সংবাদ!

শিক্ষক দিৱসৰ দিনটোত আমি স্মৰণ কৰোঁ এনে শিক্ষকসকলক, যিসকলে জ্ঞানৰ পোহৰৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধতাৰ পথ দেখুৱাই। শিশুসকলৰ মাজত প্ৰকৃতি ছাৰ হিচাপে পৰিচিত মানস প্ৰতিম দত্ত এজন এনে শিক্ষক, যাৰ নাম শুনিলেই আমাৰ মনলৈ আহে এজন নিভাঁজ শিক্ষকৰ ছবি – যি শিক্ষাৰ্থীৰ মনত বিজ্ঞানৰ প্ৰতি কৌতূহল জগোৱাৰ লগতে পৰিৱেশৰ প্ৰতি সচেতনতাৰ বীজ সিঁচিছে।

তেওঁৰ কৰ্মৰ মূল লক্ষ্য হৈছে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিব পৰা। তেওঁৰ ৰচিত গ্ৰন্থসমূহে পৰিৱেশৰ সৌন্দৰ্যৰ লগতে ইয়াৰ সংকটৰ কথাও সহজ ভাষাত তুলি ধৰিছে। তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে:

- সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি
- কোলাহল আৰু নীৰৱতাৰ সিপাৰে
- সেউজীয়া দিনৰ নৈসৰ্গিক খোজ
- চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু
- মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা

এই গ্ৰন্থসমূহে পাঠকৰ মনত পৰিৱেশৰ প্ৰতি গভীৰ চিন্তাৰ সৃষ্টি কৰিছে আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰিছে।

কবি হিচাপেও মানস প্ৰতিম দত্তৰ আছে সুকীয়া পৰিচয়। নিবিড় অনুৰাগ মানস নামেৰে কাব্যচৰ্চা কৰে মানসৰ কবিতা প্ৰান্তিক, সাদিন, জনমভূমি, দৈনিক অসমকে আদি কৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে।

- মানস প্ৰতিম দত্তই কেৱল কিতাপৰ পাততেই সীমাবদ্ধ নাথাকি, হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। তেওঁ ধ্ৰুৱজ্যোতি চেতিয়া, ৰণ্টু চেতিয়া আৰু বিমান সন্দিকৈৰ সৈতে মিলি পৰিৱেশ সংৰক্ষণ গোট পিয়’ৰ এনভাইৰণমেণ্ট ফ’ৰ ৱাইল্ডলাইফ’ (PuNFoWild) প্ৰতিষ্ঠা কৰিছে। এই সংগঠনৰ জৰিয়তে তেওঁলোকে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰি পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰিছে।

WeNaturalistৰ কেম্পাছ চেম্পিয়ন হিচাপে সেৱা আগবঢ়োৱা মানসে অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বও পালন কৰিছিল।
ইয়াৰ উপৰিও, তেওঁ পৰিৱেশৰ প্ৰতি সজাগতা জগাবলৈ পাৰিপাৰ্শ্বিক কবিতা ৰচনা কৰিছে, যিবোৰে পাঠকৰ মনত গভীৰ প্ৰভাৱ পেলায়।

পৰিৱেশ বিষয়ক বিভিন্ন কাৰ্যসূচীসমূহৰ জৰিয়তে মানস প্ৰতিম দত্তই যুৱ প্ৰজন্মক পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ পাঠ শিকাইছে, যি গুৰু পূৰ্ণিমাৰ দিনটোত আমাৰ বাবে এক প্ৰেৰণাদায়ক উদাহৰণ।

মানস প্ৰতিম দত্তৰ কৰ্ম কেৱল পৰিৱেশৰ কাৰ্যসূচীতেই সীমাবদ্ধ নহয়। তেওঁ শিক্ষাৰ্থীৰ বাবে পৰিৱেশ আৰু বিজ্ঞান বিষয়ক গ্ৰন্থৰ অনুবাদ কৰি শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁৰ অনুবাদিত গ্ৰন্থৰ ভিতৰত উল্লেখযোগ্য হৈছে কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে। কেওখন গ্ৰন্থ নেশ্যনেল বুক ট্ৰাষ্টৰ পৰা প্ৰকাশিত।

ইয়াৰ উপৰিও, তেওঁ বিদ্যাঃ দ্য লিভিং স্কুলৰ বাবে “সুখী জীৱনৰ বাবে পৰিৱেশ শিক্ষা” বিষয়ক এক বিশেষ পাঠ্যসূচী প্ৰস্তুত কৰিছে। এই পাঠ্যসূচীয়ে শিক্ষাৰ্থীসকলক পৰিৱেশৰ প্ৰতি সচেতন হোৱাৰ লগতে সুখী আৰু সুস্থ জীৱনৰ গুৰুত্ব শিকাইছে।

মানস প্ৰতিম দত্তই নিয়মীয়াকৈ নিয়মীয়া বাৰ্তাৰ অকণি আৰু বিশ্ব বিচিত্ৰাত পৰিৱেশ বিষয়ক লেখাৰ জৰিয়তে পৰিৱেশ চৰ্চা অব্যাহত ৰাখিছে। তদুপৰি, সাদিন, দৈনিক অসম, দৈনিক জনমভূমি, অন্যযুগ, আলোকপ্ৰভঞ্জন, আৰু দৈনন্দিন বাৰ্তাৰ দৰে বিভিন্ন কাকত-আলোচনীত তেওঁৰ লেখাই পৰিৱেশৰ প্ৰতি সজাগতা বিয়পোৱাত সহায় কৰিছে।

মানস প্ৰতিম দত্তৰ দৰে শিক্ষকৰ কৰ্মই আমাক শিকাইছে যে শিক্ষা কেৱল কিতাপৰ পাততেই সীমাবদ্ধ নহয়, ই সমাজ আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ এক মহান পথ।

গুৰু পূৰ্ণিমাৰ এই দিনটোত আমি তেওঁৰ দৰে শিক্ষকসকলক সশ্ৰদ্ধ ধন্যবাদ জনাইছোঁ, যিসকলে আমাৰ ভৱিষ্যত প্ৰজন্মক পৰিৱেশৰ প্ৰতি সচেতন আৰু দায়বদ্ধ কৰি তুলিছে।
মানসে ৰচনা কৰিছে পৰিৱেশ সজাগতামূলক গীত মাতো।

আপোনালোককো আমি শিক্ষক দিৱসৰ দিনটোত পৰিৱেশৰ প্ৰতি সৰু সৰু পদক্ষেপ ল’বলৈ আহ্বান জনাইছোঁ – এটা গছ ৰোপণ কৰক, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰক, বা আপোনাৰ অঞ্চলত পৰিৱেশ আৰু বিজ্ঞান সজাগতা ক্ষেত্ৰত নিজকে নিয়োজিত কৰক।
