অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

BTC Winter Session: বিটিচিৰ শীতকালীন অধিৱেশন আৰম্ভ

Spread the love

বিটিচিৰ শীতকালীন অধিৱেশন আৰম্ভ


হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰত যোগ দিলে ৬ মনোনীত সদস্যই

DD TIMES গুৱাহাটী, ১ ডিচেম্বৰঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ শীতকালীন অধিৱেশন। প্ৰথম দিনটোত অসম চৰকাৰৰ তিনিগৰাকী কেবিনেট মন্ত্ৰী ক্ৰমে বিটিচি ৰ তত্বধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু চৰণ বড়ো উপস্থিত আছে।

তদুপৰি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, বিত্ত বিভাগৰ সচিব সহ ৩৯টা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত বিটিচিৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হ’ব।

বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ এই শীতকালীন অধিৱেশনৰ সময়তে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিৰ চৰকাৰত নতুনকৈ যোগদান কৰিছে ছয়জন মনোনীত এমচিএলএ।

নতুন এই ছয় এমচিএলএৰ নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাজ্যপালে অনুমোদন প্ৰদান কৰে।ছয়জন মনোনীত সদস্যৰ ভিতৰত আছে ক্ৰমে ৰাজবংশী জনগোষ্ঠীৰ পৰা কৰ্মেশ্বৰ ৰায়, ৰাভা জনগোষ্ঠীৰ বাবে ৰতন চন্দ্ৰ ৰাভা, গোৰ্খা জনগোষ্ঠীৰ পৰা নন্দলাল মোগৰ, কোচ জনগোষ্ঠীৰ পৰা হেমপ্ৰভা দেৱী, কলিতা জনগোষ্ঠীৰ পৰা অজয় ​​কুমাৰ হাজৰিকা আৰু শৰণীয়া–কছাৰী জনগোষ্ঠীৰ পৰা ৰিদীপ কুমাৰ ডেকা।

বিটিচিত ভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এনে প্ৰশাসনিক পদক্ষেপে বিটিএডিৰ বৈচিত্ৰময় সামাজিক স্থিতি পৰিষদ গঠনত প্ৰতিফলিত হ’ব বুলি আশা কৰা হৈছে।

ইতিমধ্যে পৰিষদলৈ মনোনিত ৬সদস্যৰ তিনি গৰাকী ক্ৰমে অজয় কুমাৰ হাজৰিকা, কামেশ্বৰ ৰয় আৰু ৰতন চন্দ্ৰ ৰাভাই শপত গ্ৰহণ কৰিছে।

আন তিনিগৰাকী সদস্য ক্ৰমে হেমপ্ৰভা দেৱী, নন্দলাল মগৰ আৰু ৰিদীপ কুমাৰ ডেকাই অহা ৩ ডিচেম্বৰত শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!