Comedian Tirap Roy Chowdhury: নাট্যকাৰ, জনপ্ৰিয় কৌতুক অভিনেতা টিৰাপ ৰায় চৌধুৰীৰ দেহাৱসান
নাট্যকাৰ-জনপ্ৰিয় কৌতুক অভিনেতা টিৰাপ ৰায় চৌধুৰীৰ দেহাৱসানঃ বঙাইগাঁৱত শোকৰ ছাঁ

DD TIMES বঙাইগাঁও, ৩০ নৱেম্বৰঃ বঙাইগাঁও চহৰৰ বৰপাৰা নিবাসী জনপ্ৰিয় কৌতুক অভিনেতা, নাট্যকাৰ, পৰিচালক টিৰাপ ৰায়চৌধুৰীৰ শনিবাৰে পুৱা প্ৰায় ৭.৩৫ বজাত দেহাৱসান ঘটে ৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন অৱস্থাত অকাল বিয়োগ ঘটা শিল্পী গৰাকী দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ ৫৩ বছৰ বয়স হৈছিল ৷

উল্লেখ্য যে ১৯৭২ চনৰ ১৮ নৱেম্বৰত বঙাইগাঁও চহৰৰ বৰপাৰাত জন্মগ্ৰহণ কৰা টিৰাপ ৰায়চৌধুৰীৰ পিতৃ-মাতৃ আছিল প্ৰয়াত শিশিৰ ৰায়চৌধুৰী আৰু প্ৰয়াত লক্ষী ৰায়চৌধুৰী ৷
বৰপাৰা ১ নং প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষাজীৱন আৰম্ভ কৰা টিৰাপ ৰায়চৌধুৰীয়ে বঙাইগাঁও বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱাৰ পিচতে দৰং কলেজত নামভৰ্তি কৰে ৷ দৰং কলেজৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হয় আৰু ইয়াৰ পিচতে বঙাইগাঁও মহাবিদ্যালয়ত বাণিজ্য শাখাত স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰে ৷
শৈশৱ কালৰে পৰা নাটকৰ লগত জড়িত হৈ পৰা প্ৰয়াত চৌধুৰীয়ে কেবাখনো নাটক ৰচনা কৰাৰ লগতে নাটক, ধাৰাবাহিকত অভিনয় কৰি বঙাইগাঁৱৰ লগতে বিভিন্ন ঠাইত যথেষ্ট জনপ্ৰিয় হৈ পৰে ৷ তেওঁ ৰচনা কৰা একাংকিকা নাটসমূহৰ ভিতৰত ’অবুজ’, চিঞৰ , শতিকাৰ বিতৰ্কিত মহজাক, ’বাঞ্চাৰামৰ বাগান’ আদি অন্যতম ৷
আনহাতে, সম্পূৰ্ণ নাটবোৰ হৈছে ’ সমৰ্পণ ’, ’জয় পৰাজয়’, ’অশুচি প্ৰতিমা’ আদি ৷ সেইদৰে প্ৰয়াত টিৰাপ ৰায়চৌধুৰী আছিল হাইচ-লাইচ নামৰ কৌতুক গোষ্ঠীটোৰ অন্যতম জন্মদাতা ৷ এই কৌতুক গোষ্ঠীটোৰ জৰিয়তে বিহু মঞ্চ আদিত কৌতুক অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ মাজত হাঁহিৰ খোৰাক যোগাইছিল। তেওঁ সদায় কৌতুকত কোচ ৰাজবংশী ভাষাটোক প্ৰাধান্য দিছিল ৷
কৌতুক অভিনেতা চৌধুৰীয়ে ৰাইজৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰা ’খাপলাংকাই ’ নামৰ অসমীয়া ধাৰাবাহিকখনৰো কেইবাটাও খণ্ডত অভিনয় কৰিছিল ৷ তাৰোপৰি কৌতুক শিল্পীগৰাকীৰ উদ্যোগতে কেইবাখনো ভিছিডি ফিল্মো নিৰ্মাণ হৈছিল ৷
ইয়াৰে অন্যতম হৈছে ’ অ’ দাদি নাখাইছতে’ আৰু ’হাইচ-লাইচৰ অপাৰেচন’ ৷ তেওঁ যাত্ৰা নাট্য দলৰ লগতো জৰিত হৈ পৰিছিল ৷ বিশেষকৈ পুৰণি বঙাইগাঁও বেতবাৰীৰ নাট্যদল (যাত্ৰাদল) শংকৰজ্যোতি মিনি থিয়েটাৰৰ লগত ওতপ্ৰোতভাবে জৰিত থাকি কেবাখনো নাটক ৰচনা কৰাৰ লগতে অভিনয়ো কৰিছিল ৷
ইয়াৰে অন্যতম নাটবোৰ হৈছে ’বদনামী প্ৰেম’, ’প্ৰেমৰ পৃথিৱীত অমানিশা’, ’বোৱাৰী আকৌ আহিব’, ’বলীয়ান মানুহৰ সপোন’ ইত্যাদি ৷ ইপিনে প্ৰয়াত কৌতুক শিল্পী গৰাকীৰ মৃতদেহ দুপৰীয়া ১২মান বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁৰ বৰপাৰাস্থিত বাসভৱনত আহি পোৱাৰ পিচতে তেওঁৰ গুণমুগ্ধ তথা বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বঙাইগাঁও জিলা ছাত্ৰ সন্থা, নৱজেউতি ক্লাব, জ্যোতি সংঘ, বঙাইগাঁও জিলা শিল্পী সমাজ, আক্ৰাছু, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব, বঙাইগাঁও জিলা ক্ৰীড়া সন্থা, ইলোৰা বিজ্ঞান মঞ্চৰ বঙাইগাঁও শাখাৰ লগতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ পূৰবী সৰকাৰ, বিশিষ্ট সমাজসেৱী প্ৰভাত বৈষ্ণৱকে তথা কেবাটাও সংগঠন আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকি শেষ শ্ৰদ্ধা নিবেদন কৰে ৷
পিচত বঙাইগাঁও শ্মশানত তেওঁৰ শেষকৃত সম্পন্ন কৰা হয় ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী নিলুমনি ৰায়চৌধুৰী, একমাত্ৰ পুত্ৰ ৰিয়ান ৰায়চৌধুৰীৰ লগতে ভাতৃ আদিকে ধৰি অনেক গুনমুগ্ধক এৰি থৈ যায় ৷ শিল্পীগৰাকীৰ অকাল মৃত্যুত বঙাইগাঁৱত শোকৰ ছাঁ পৰিছে ৷

