অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

Nobel Lecture Series 2.0: গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত ন’বেল বক্তৃতামালা ২.০

Spread the love

গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত ন’বেল বক্তৃতামালা ২.০

DD TIMES গুৱাহাটী, ৩০ নৱেম্বৰঃ বিগত বছৰৰ দৰে এইবছৰো গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত আজি  ন’বেল বক্তৃতামালা  ২.০ সফলতাৰে অনুষ্ঠিত হয় ৷

চলিত  বছৰত বিভিন্ন শিতানত ন’বেল বঁটা প্ৰাপকসকলৰ জীৱন আৰু মানৱ জাতিলৈ  তেওঁলোকৰ অৱদান সম্পৰ্কে সমল বক্তাসকলে তথ্যপূৰ্ণ আৰু বিশ্লেষণাত্মক  ভাষণ প্ৰদান কৰে ৷

বক্তৃতামালাত বক্তৃতা প্ৰদান কৰা গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকল হ’ল ক্ৰমে ইংৰাজী বিভাগৰ দিব্যৰঞ্জন খাটনিয়াৰ (সাহিত্য), ড° এলৱিন ক্ৰ’ নিহাং (অৰ্থনীতি), ড° মানসজ্যোতি ডেকা (ৰসায়ন বিজ্ঞান), ড° অভিলাষা বৰা (পদাৰ্থ বিজ্ঞান), ড° স্বাগতা দেৱনাথ (চিকিৎসা বিজ্ঞান)  আৰু ড° ধনমণি কলিতা (শান্তি)৷

গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটৰ সম্পাদক ড° জিন্টু শৰ্মাই আঁত ধৰা বক্তৃতামালাৰ আৰম্ভণিতে সভাপতি ড° ধৰণী লাহনে শিক্ষক গোটৰ প্ৰাণশক্তি আৰু ইতিবাচক কাম-কাজৰ প্ৰশংসা কৰি চমুকৈ দুৱাষাৰ কয়৷

বক্তৃতামালা আয়োজনৰ যোগেদি শিক্ষক গোটে যে এটা গুৰুত্বপূৰ্ণ কামৰ উদাহৰণ দেখুৱাইছে সেই কথাও উল্লেখ কৰে ৷

ড° জিন্টু শৰ্মাই ন’বেল বঁটাৰ ইতিহাস আৰু বঁটাৰ সৈতে জড়িত কেইবাটাও ৰোমাঞ্চকৰ কাহিনীও প্ৰসংগক্ৰমে বৰ্ণনা কৰে ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগতে বিভিন্ন বিভাগৰ ছাত্ৰছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷

প্ৰতিটো শিতানৰ ন’বেল  বক্তৃতাৰ পিছতে বিষয়টো সম্পৰ্কত সমল বক্তাৰ সৈতে উপস্থিত দৰ্শকসকলৰ মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয় ৷

বক্তৃতামালাৰ শেষত বক্তাসকলক  শিক্ষক গোটৰ তৰফৰ পৰা এখনি প্ৰশংসা পত্ৰ আৰু একোটিকৈ উপহাৰ প্ৰদান কৰা হয়৷ অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই শিক্ষক গোটৰ উপ সভাপতি ড° পিংকী বৰুৱাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!