IFFI-2025: আইএফএফআই-২০২৫ৰ সামৰণি অনুষ্ঠানত আকৰ্ষণৰ কেন্দ্ৰবিন্দু উত্তৰ-পূৰ্বাঞ্চলৰ বিশাল সাংস্কৃতিক কাৰ্যসূচী
আইএফএফআই-২০২৫ৰ সামৰণি অনুষ্ঠানত বিশাল সাংস্কৃতিক প্ৰদৰ্শনীৰে উত্তৰ-পূৰ্বাঞ্চল হৈ পৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু
ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু পাপনৰ বিশিষ্ট কৰ্মৰাজি আধাৰিত আকৰ্ষণীয় অনুষ্ঠান পৰিৱেশন

DD TIMES গুৱাহাটী, ২৮ নৱেম্বৰঃ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫-ৰ সামৰণি অনুষ্ঠানত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক শক্তিশালীভাৱে উপস্থাপন কৰা হয়।
ইয়াত আকৰ্ষণীয় লোক পৰম্পৰা, ধ্ৰুপদী ঐতিহ্য আৰু সমসাময়িক কলাত্মক উৎকৰ্ষতাক একেলগে বিশ্ব মঞ্চত তুলি ধৰা হয়।

ভাৰতৰ সমগ্ৰ প্ৰান্তক প্ৰতিনিধিত্ব কৰাকৈ এইবাৰৰ সাংস্কৃতিক প্ৰদৰ্শনীৰ পৰিকল্পনা কৰা হৈছিল। ইয়াত ৰাজস্থানৰ মৰুভূমি আৰু কৰ্ণাটকৰ উপকূলীয় পৰম্পৰাৰ পৰা আৰম্ভ কৰি স্পন্দনশীল উত্তৰ-পূব আৰু ভাৰতৰ ভক্তিমূলক সংগীতৰ পৰম্পৰালৈকে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱ প্ৰতিফলিত হৈ উঠে।

এই অনুষ্ঠানৰ এক উল্লেখযোগ্য আকৰ্ষণ আছিল ৰঞ্জিত গগৈৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি প্ৰদৰ্শন। এই প্ৰদৰ্শন এফএফআই-ৰ মঞ্চত অঞ্চলটোৰ এতিয়ালৈকে অন্যতম অতিশয় বিস্তৃত্ব প্ৰতিনিধিত্বকাৰ্য্য হৈ উঠে।
উত্তৰ-পূব খণ্ডটোক ভাৰতীয় চিনেমালৈ অঞ্চলটোৰ অৱদান আৰু ইয়াৰ আঠোখন ৰাজ্যৰ সাংস্কৃতিক স্বকীয়তা উভয়কে উদযাপনেৰে দুটা-খণ্ডত উপস্থাপনৰ পৰিকল্পনা কৰা হৈছিল।

প্ৰথম খণ্ডত ডঃ ভূপেন হাজৰিকা, এছ.ডি. বৰ্মন, আৰ.ডি. বৰ্মন, জুবিন গাৰ্গ আৰু পাপনৰ বিশিষ্ট কৰ্মৰাজি আধাৰিত আকৰ্ষণীয় নৃত্য পৰিৱেশনে ভাৰতৰ চিনেমাৰ ধ্বনি পৰিদৃশ্যত উত্তৰ-পূৰ্বাঞ্চলৰ মৌলিক অৱদানত আলোকপাতকৰে।

দ্বিতীয় খণ্ডত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ পৰম্পৰাগত লোকনৃত্য প্ৰদৰ্শন কৰা হয়। যথাঃ অৰুণাচল প্ৰদেশৰ ন্যাপাচাম আৰু জিয়াচাম, অসমৰ বিহু, মিজোৰামৰ চেৰাউ (বাঁহনৃত্য), মেঘালয়ৰ ৱাংগালা, মণিপুৰৰ পুংচোলোম, ত্ৰিপুৰাৰ সংগ্ৰেইন, নাগালেণ্ডৰ ৱাৰিঅ’ৰ ডান্স আৰু ছিকিমৰ সিংঘীচাম।
এইখণ্ডই অঞ্চলটোৰ সংগীত আৰু ছন্দ, ৰং আৰু সাংস্কৃতিক স্বকীয়তাত অৱলোকন কৰে। যিয়ে কলাত্মক বৈচিত্ৰ্যৰ জৰিয়তে ভাৰতৰ ঐক্যক সুদৃঢ়় কৰে। উক্ত পৰিৱেশন সামৰণি অনুষ্ঠানটোৰ অন্যতম প্ৰধানলোক অনুষ্ঠান হিচাপে পৰিগণিত হয়।
ৰাজস্থান, কৰ্ণাটক, অসম, অৰুণাচলপ্ৰদেশ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ৰ শিল্পীসকলৰ এই সামৰণি অনুষ্ঠান বিশ্বৰ অন্যতম বিশিষ্ট চলচ্চিত্ৰমঞ্চত এক বিস্তৃত ৰাষ্ট্ৰীয় প্ৰদৰ্শনী হিচাপে প্ৰতিপন্ন হয়।

