অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

TEZPUR UNIVERSITY 68 DAYS: তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশপথ বন্ধ কৰি প্ৰতিবাদ

Spread the love

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশপথ বন্ধ কৰি প্ৰতিবাদ

প্ৰতিবাদৰ ৬৮দিনৰ পাছতো নিৰ্বিকাৰ চৰকাৰ

DD TIMES তেজপুৰ, ২৮ নৱেম্বৰঃ ৰাজ্যৰ সৰ্বসাধাৰণৰ অলেখ ত্যাগ তথা ৮৫৫জন ছহিদৰ কেঁচা তেজৰ বিনিময়ত সম্পাদিত অসম চুক্তিৰ আধাৰত গঢ় লোৱা তেজপুৰ বিশ্ববিদ্যালয়ত একাংশ তথাকথিত উচ্চ শিক্ষিত লোকৰ কাৰ্যই বিশ্ববিদ্যালয়খনৰ ভৱিষ্যতৰ প্ৰতিয়েই প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সময়ত বিশ্ববিদ্যালয়খনত অব্যাহত অচলা অৱস্থা দূৰকৰাত ৰহস্যজনক ভাবে চৰকাৰী কৰ্তৃত্বশীল পক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাকলৈ বৃহস্পতিবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত আন্দোলনে নতুন ৰূপ ধাৰণ কৰে৷

প্ৰনিধানযোগ্য যে, দেশৰ অন্যতম উচ্চশিক্ষা প্ৰতিষ্ঠান খনৰ মৰ্যাদা এচামে সময়ে সময়ে স্বজনতোষণ আৰু দুৰ্নীতিৰে ম্লান কৰি অহাৰ বিপৰীতে শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আৰু তেওঁৰ সহযোগী একাংশই ব্যাপক লুণ্ঠণ চলোৱাৰ গুৰুতৰ অভিযোগ উঠাৰ উপৰি দুমাহৰ অধিককাল বিশ্ববিদ্যালয়ত উপস্থিত নথকা উপাচাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাত আজি দুপৰীয়াৰ পৰা বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে প্ৰতিবাদকাৰীয়ে৷

উল্লেখযোগ্য যে, সীমাহীন দুৰ্নীতি-ভ্ৰষ্টাচাৰ কৰা বুলি অভিযোগ উঠা তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ গৰিমাক ভূ-লুণ্ঠিত কৰা উপাচাৰ্য শম্ভূনাথ সিঙৰ অপসাৰণৰ দাবীত বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ-ছাত্ৰ সমাজ আৰু কৰ্মচাৰী সমাজে চলাই অহা প্ৰতিবাদী কাৰ্যসূচীয়ে ৬৮দিন সম্পূৰ্ণ কৰিলে যদিও ইয়াৰ বিৰুদ্ধে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ তদন্ত সমিতিয়ে সকলো পৰীক্ষা কৰি যোৱা সত্বেও আজিলৈকে এইক্ষেত্ৰত কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে৷

উচ্চশিক্ষা মন্ত্ৰালয়ৰ এনে ৰহস্যজনক নিৰ্বিকাৰ ভূমিকাৰ বিপৰীতে যোৱা দুমাহৰ অধিক কাল তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰী, শিক্ষক তথা কৰ্মচাৰী সমাজে যৌথভাবে সমদল, বিক্ষোভ,অৱস্থান ধৰ্মঘট,প্ৰতিবাদী সভা, পোষ্টাৰিং আদি কাৰ্যসূচীৰ মাধ্যমৰে প্ৰতিবাদ চলাই গৈছে৷

কিন্তু কৰ্তৃত্বশীল পক্ষৰ নিৰ্বিকাৰ ভূমিকাৰ বাবেই আজি বিক্ষুব্ধ ছাত্ৰ সমাজে বিশ্ববিদ্যালয়ত সন্মুখীন হোৱা বিভিন্ন অসুবিধা আৰু ইয়াত সংঘটিত হৈ অহা ব্যাপক দূৰ্নীতি-অনিয়মৰ প্ৰতিবাদত আজি দুপৰীয়াৰ পৰা বিশ্ববিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দি বিক্ষোভ প্ৰদৰ্শন কৰে।

বিক্ষোভকাৰীসকলে বিশ্ববিদ্যালয়ৰ বাছকে ধৰি সকলোধৰণৰ বাহন বিশ্ববিদ্যালয়ত প্ৰবেশত বাধা আৰোপ কৰি চৌহদৰ বাহিৰত বন্ধ কৰি ৰখাৰ লগতে বিক্ষোভস্থলীত এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে, প্ৰতিবাদকাৰী সকলে উপাচাৰ্য সিঙক অপসাৰণ নকৰাত ক্ষুব্ধ হৈ পৰাৰ লগতে বিশ্ববিদ্যালয়ৰ লাচিত আৰু জয়মতী নামৰ নৱনিৰ্মীত ছাত্ৰাবাস দুটাত ব্যৱহাৰ কৰা আচবাব ক্ৰয়ৰ নামত ব্যাপক দুৰ্নতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে৷

উল্লেখযোগ্য যে,এই দুটা ছাত্ৰাবাসৰ বাবে ক্ৰয় কৰা সামগ্ৰী সমূহ অতি নিম্নমানৰ হোৱাৰ উপৰি একোখন প্লাষ্টিকৰ চকী ক্ৰয় কৰা হৈছে পাঁচহেজাৰ পাঁচশ টকাৰ অধিক মূল্যত৷ বজাৰত এনে চকীৰ মূল্য বহু পৰিমাণে কম যদিও একেদৰেই একোখন টেবুল ১২হেজাৰ আঠশৰ অধিক মূল্যত তথা ইয়াৰ ড্ৰয়াৰৰ বাবে অতিৰিক্ত ভাবে তিনিহেজাৰ পাঁচশ টকা মূল্য ব্যয় কৰিবলগীয়া হৈছে৷

একেদৰে একোখন লোহাৰ বিচনা ক্ৰয় ১৮হাজাৰ তিনিশ টকাৰ অধিক মূল্যত৷ প্ৰকৃততে এই সকলোবোৰ সামগ্ৰীৰ মূল্য বজাৰত যথেষ্ট কম বুলি অভিযোগ তুলি এনেদৰে বিশ্ববিদ্যালয়ৰ ধনৰ সৰাধপতাৰ আঁৰত ব্যাপক দুৰ্নীতিয়েই মূল বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে৷

প্ৰনিধানযোগ্য যে,নায়মবহিৰ্ভুত ভাবে ছাত্ৰাবাসৰ লগতে বিভিন্ন অট্টালিকা নিৰ্মাণ কৰা বিশ্ববিদ্যালয়খনত কিংবদন্তি কণ্ঠশিল্পী জুৱিন গাৰ্গৰ বিয়োগতো দায়িত্বত থকা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উপযুক্ত সন্মান প্ৰদৰ্শন নকৰাৰ উপৰি আনকি শিল্পীজনৰ নামটোও ভুলকৈ লিখিছিল৷

ইতিমধ্যে বিশ্ববিদ্যালয়খনত সৃষ্ট পৰিস্থিতি তথা অভিযোগৰ সত্যাসত্য পৰীক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উপৰি ৰাজ্যপালে গঠন কৰি দিয়া কমিতিয়ে পৃথকে তদন্ত সম্পন্ন কৰাৰ পাছতো আজিলৈকে কোনো পদক্ষেপ চৰকাৰে গ্ৰহণ নকৰাৰ আঁৰত ৰাজনৈতিক হস্তক্ষেপ ঘটাৰ সন্দেহ ঘণীভূত হৈছে৷উল্লেখযোগ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ত ইতিপূৰ্বেও সংঘটিত অনিয়মৰ বাবে চিবিআইৰ তদন্ত হোৱাৰ লগতে একাংশ যোগান কাৰীকো উত্তৰাধিকাৰী সূত্ৰেই কোটি কোটি টকাৰ কাম দিয়াৰ অভিযোগো আছে৷

ইয়াৰে ভিতৰত পূৰ্বে এজন যোগানকাৰীৰ বিয়োগৰ পিচত তেওঁৰ পত্নীক আৰু তাৰ পিছত তেওঁলোকৰ পুত্ৰক যোগানৰ ঠিকা দি বিশেষ অনুগ্ৰহ প্ৰদৰ্শন কৰা এইখন বিশ্ববিদ্যালয়ত এতিয়া বহিৰাজ্যৰ কোম্পানী তথা যোগানকাৰীক কোটি কোটি টকাৰ কিতাপ যোগানৰ লগতে নিৰাপত্তাৰক্ষী নিয়োগৰো ঠিকা আবন্টন দিয়াৰ আঁৰত বৃহৎ কমিচনৰ অংক আছে বুলিও চৰ্চা হোৱাৰ লগতে অভিযোগ উঠিছে৷

কিন্তু পূৰ্বৰ চিবিআইৰ তদন্তৰ যেনেদৰে এইপৰ্যন্ত ফলাফল শূন্য একেদৰে উপাচাৰ্য আৰু তেওঁৰ সাংগোপাংগ সকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু আন্দোলনৰো ফলাফল প্ৰায় আঢ়ৈ মাহে ওলোৱা নাই৷

শেহতীয়াকৈ ছাত্ৰাবাসৰ উপৰি গৃহনিৰ্মাণ তথা সামগ্ৰী যোগানৰ নামত সংঘটিত অনিয়মৰ বিৰুদ্ধে চিবিআইৰ তদন্ত হ’ব লাগে বুলিও বিশ্ববিদ্যালয়খনৰ ভিতৰে বাহিৰে চৰ্চিত হোৱাৰ সময়ত আচৰিতভাৱে নিৰ্বিকাৰ হৈ আছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ উপৰি ৰাজ্যৰ সাংসদ সকল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!