অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাশিৰোনামসাহিত্য

প্ৰতিপন্ন আৰু প্ৰত্যাহ্বানঃ শক্তিশালী কলমৰ কণ্ঠমদাৰজ্যোতি

Spread the love

গ্ৰন্থবাৰ্তাত লিখিছে মদাৰজ্যোতিয়ে

শিক্ষাবিদ, সমাজকৰ্মী, গীতিকাৰ, কবি প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ সদ্যপ্ৰকাশিত দুখন কাব্যসংকলন ক্ৰমে প্ৰত্যাহ্বান আৰু প্ৰতিপন্ন। আমাৰ অসম, অসমীয়া অগ্ৰদূত, কৱচ, কলংপাৰ, জ্যোতিৰিংগন আদি বিভিন্ন কাকত-আলোচনীৰ পৰা থূপাই সংকলিত কৰা সংকলন দুখনত কবিৰ পৰিপুষ্ট কাব্যভাষা ফুটি উঠিছে।

আন্তৰ্জাতিক সন্ত্ৰাসবাদ নিৰ্মূল, প্ৰকৃতি বন্দনা, মনস্তাত্ত্বিক বিশ্লেষণ, যৌৱনৰ দাৰ্শনিক দৃষ্টিভংগী, সাম্যবাদ, একালৰ অশান্তজৰ্জৰ অসমৰ ছবি, প্ৰেমৰ অভিঘাত, স্বপ্নভংগৰ যন্ত্ৰণা, জীৱন-মৃত্যুত আধ্যাত্মিক দৃষ্টিপাত, লোক-জীৱন প্ৰমুখ্যে বিচিত্ৰ বিষয় প্ৰতিপন্ন শীৰ্ষক কাব্য সংকলনৰ কবিতাসমূহৰ মূল উপজীৱ্য।

আনহাতে মাইথ’লজি আৰু বাস্তৱৰ তুলনাত্মক অধ্যয়ন, অসুস্থ সমাজ ব্যৱস্থাৰ বিৰূদ্ধে কবিৰ দৃঢ় প্ৰতিবাদ, প্ৰকৃতি সুৰক্ষা, ব্যক্তিত্ব বন্দনা, ভাষাপ্ৰীতিৰ প্ৰেৰণা, সম্পৰ্ক চৰ্চা আদি বিষয়সমূহ প্ৰেমেশ্বৰ ঠাকুৰীয়াৰ প্ৰত্যাহ্বান শীৰ্ষক কাব্যসংকলনৰ মূল উপজীৱ্য। “কাৰ বাবে কবিতা?” এইক্ষেত্ৰত সচেতন কবিয়ে কবিতাক সমাজ সংস্কাৰৰ আহিলাৰূপে ব্যৱহাৰ কৰা দেখা যায়।

সিংহভাগ গীতিসুৰীয়া কবিতাৰে কবিয়ে কাব্যভাষাৰ অন্তৰ্লীন সুৰ আৰু ছন্দোগত সুৰ — এই দুয়োটাৰে ভাৰসাম্য সুন্দৰকৈ ৰক্ষা কৰিব পৰাৰ হেতু কবিতাসমূহে আধুনিক সাজ পৰিধান কৰিছে। “গোস্পদে নভোমণ্ডল”ৰ লেখিয়াকৈ কবিৰ কেইবাটাও সাৰ্থক ছুটি কবিতা সংকলনখনত সন্নিৱিষ্ট হৈছে। পাঠকে পঢ়িলে সময়ৰ মূল্যবান খৰছেই হ’ব।

গ্ৰন্থ লেখকৰ ফোনঃ ৯১০১৫১২৬০৮

মদাৰজ্যোতিৰ ফোনঃ ৬০০২৫৭৬০৯৭

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!