অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

National Service Scheme: আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি’ৰ সপ্তাহযোৰা শিবিৰ

Spread the love

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ‘ৰাষ্ট্ৰীয় সেৱা আঁচনি’ৰ সপ্তাহযোৰা শিবিৰৰ সফল সামৰণি

DD TIMES বেবেজীয়া, ২৩ নৱেম্বৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ এটি সপ্তাহযোৰা শিবিৰ যোৱা ১৫ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰ লৈকে বেবেজীয়াৰ সমীপৰ মাহৰিআটী‌ ট্ৰাইবেল ভিলেজত অনুষ্ঠিত হৈ যায়।

কাৰ্যসূচী অনুসৰি ১৫ নৱেম্বৰত পুৱা ৮ বজাত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ পতাকা গাঁৱৰ গাঁওবুঢ়া ধীৰেন বৰদলৈয়ে পতাকা উত্তোলন কৰাৰ পিছতে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সংগীত পৰিৱেশন কৰা হয়।

এই অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সদানন্দ পায়ে‌ং, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰকল্প বিষয়া নিপন দাস, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ চিত্তৰঞ্জন নাথ, গাঁৱৰ বহুকেইজন বিশিষ্ট ব্যক্তি আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।

দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে ‘পুষ্টিকৰ খাদ্য আৰু পৰিস্কাৰ পৰিচ্ছন্নতা’ শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। তৃতীয় দিনা গাঁওবাসী ৰাইজৰ সহযোগীতাত এটি চাফাই অভিযান আৰু বুক্ষৰোপন কাৰ্যসূচী সমাপন কৰা হয়।

তাৰ পিছতে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ‌ স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীসকলে‌ ৰাইজক উদ্দেশ্যি বৃক্ষৰোপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য ৰাখে। চতুৰ্থ দিনৰ কাৰ্যসূচী অনুসৰি প্ৰথমে সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তাৰ পিছতে জিলা স্বাস্থ্য বিভাগৰ সহযোগিতাত এটি ‌বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।

মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সদানন্দ পায়েং, এন.চি.চি. ৰ লেফটেনেণ্ট ডঃ জলীন প্ৰকাশ চেতিয়া উপস্থিত থকা এই শিবিৰৰ দ্বাৰা গাঁওবাসী ৰাইজৰ মাজত ঔষধো বিতৰণ কৰা হয়। পঞ্চম দিনা মাহৰিআটী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত গীত -নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

বিদ্যালয়ৰ প্ৰধান শিক্ষক সীমান্ত ভৰালীৰ বিশেষ সহযোগিতাত আয়োজিত অনুষ্ঠানটিত বিজয়ী ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীসকলে‌ তেওঁলোকৰ লগত মত বিনিময়ো কৰে।‌ ষষ্ঠ দিনা গাঁওবাসী ৰাইজৰ হিতাৰ্থে ‘মাদ্ৰক দ্ৰৱ্য আৰু সমাজত ইয়াৰ কু-প্ৰভাৱ’ শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়।

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰকল্প বিষয়া নিপন দাস আৰু স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীসকলে‌ সভাত বক্তব্য ৰাখে। সপ্তাহযোৰা শিবিৰৰ অন্তিম দিনৰ কাৰ্যসূচী পুৱা ১১ বজাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। স্বামী বিবেকানন্দ, মহাত্মা গান্ধী, আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰকল্প বিষয়া ডঃ অমিয়া পাটৰ।

মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ চিত্তৰঞ্জন নাথ, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰাক্তন প্ৰকল্প বিষয়া প্ৰশান্ত গগৈ, এন.চি.চি লেফটেনেণ্ট ডঃ জলীন প্ৰকাশ চেতিয়াও উপস্থিত থাকে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সদানন্দ পায়েঙে আদৰণি ভাষণ দিয়া অনুষ্ঠানটিত বিশিষ্ট অতিথিসকলে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বক্তব্য ৰাখে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে সত্ৰীয়া নৃত্য,ধুনুচী নৃত্য, বিহু নৃত্য, উড়িয়া গান‌, যোগ আদি প্ৰদৰ্শন কৰে।

অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰাক্তন স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰী সকলকো বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানৰ আটাইকেইদিনৰ কাৰ্যসূচীতে মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰকল্প বিষয়া নিপন দাস উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!