অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

The house of love: কলিজাৰ কোণত সাঁচি ৰখা ভালপোৱাৰে সমৃদ্ধ ‘প্ৰেমৰ ঘৰ’

Spread the love

কলিজাৰ কোণত সাঁচি ৰখা ভালপোৱাৰে সমৃদ্ধ ‘প্ৰেমৰ ঘৰ’

DD TIMESত লিখিছে ছিংকি কাশ্যপে

বৰ্তমান গ্ৰন্থমেলাৰ বতৰ। ৰাজ্যৰ বিভিন্ন স্থানত চলি আছে গ্ৰন্থমেলা। ন-পুৰণি লেখকসকলে প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰকাশ কৰিছে ভিন্নস্বাদৰ গ্ৰন্থ। গ্ৰন্থমেলাৰ এই বতৰতে প্ৰকাশ পাইছে ৰঞ্জিত পাটগিৰিৰ নতুন উপন্যাস ‘প্ৰেমৰ ঘৰ’।

ৰঞ্জিত পাটগিৰি অসমীয়া সাহিত্যক্ষেত্ৰ বিশেষকৈ যুৱ সমাজৰ মাজত এক পৰিচিত নাম। পাটগিৰিৰ নৱতম উপন্যাস ” প্ৰেমৰ ঘৰ” প্ৰকাশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা গ্ৰন্থমেলাসমূহত গ্ৰন্থানুৰাগীৰ বেছ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । উপন্যাসখন প্ৰকাশ কৰিছে গুৱাহাটীৰ ৰেখা প্ৰকাশনে।

এই উপন্যাসখনত সন্নিৱিষ্ট হৈছে এক সুমধুৰ প্ৰেম কাহিনী। ঔপন্যাসিকে গ্ৰাম্য সমাজৰ সহজ-সৰল মানুহৰ সম্পৰ্কৰ সুন্দৰ আভাষ দিছে। লগতে আছে জীৱনৰ বিভিন্ন ঘাট-প্ৰতিঘাট, সুখ-দুখ, হাঁহি-কান্দোনৰ মন চুই যোৱা বিশ্লেষণ।

যুৱ ঔপন্যাসিকগৰাকীয়ে উপন্যাসখনত মানৱ জীৱনৰ প্ৰেম ভালপোৱাৰ এক হৃদয়স্পৰ্শী অনুভূতিক সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। উপন্যাসখনত পাটগিৰিয়ে ২০টাকৈ খণ্ড সংযোজন কৰিছে। প্ৰতিটো খণ্ডতেই ভিন্নস্বাদ লাভ কৰিব পাঠকে।

সহজ-সৰল, প্ৰাঞ্জল ভাষাত লিখা উপন্যাসখনত থকা খণ্ডসমূহ হৈছে― ফাগুন ফাগুন লগা আবেলি, সৰাপাতত সোঁৱৰণী, কলিতে সৰি মৰহিল সুগন্ধি ফুল,ভালপোৱা ইমান আলসুৱা, এপাহ ফুলিল এপাহ সৰিল, ভালপোৱা মানে সৰ্বস্ব ত্যাগ, ৰং-চঙীয়া পখিলাৰ জাক, ধানতকৈও ধুনীয়া তুমি, ইজনৰ বুকু আনজনেৰে ভৰা, কোনে কলেজৰ বাটত ৰুমাল পাৰি ছীট ৰাখিছিল বাছত, লহপহকৈ বাঢ়ি আহে ভালপোৱাৰ বন-লতা, প্ৰিয়জনৰ চিঠিৰ ভাঁজে ভাঁজে, চকুৱে চকুৱে কথা ক’লে, কলেজ কেম্পাছৰ মুকলি বতাহ, সময় সোঁৱৰণিৰ এখিলা পাত, পাৰে জানো উৰিব পাখি ভগা পখী, উমি উমি জ্বলে হেঁপাহ, পাৰি জানো পাহৰিব তেজ ৰঙা অতবোৰ স্মৃতি,হৃদয় হেৰুওৱা মানুহে ৰাতি ৰাতি উচুপে আৰু কলিজাৰ কোণত সাঁচি ৰখা ভালপোৱা।

প্ৰেম-ভালপোৱা কেতিয়াও হেৰাই নাযায়। হয়তো কোনোবাই কাৰোবাক পাহৰি যোৱাৰ অভিমান কৰিব পাৰে। কিন্তু বাস্তৱ ক্ষেত্ৰত ভালপোৱাজনৰ পৰা আঁতৰি থকাটো জানো সম্ভৱ! বুকুৰ নিভৃত কোণত অতি সযতনে সাঁচি ৰখা হয় ভালপোৱা মানুহজনৰ প্ৰতিচ্ছবি। এয়াই পৰিস্ফুট হৈছে ‘প্ৰেমৰ ঘৰ’ নামৰ সদ্য প্ৰকাশিত এখন উপন্যাসত।

উপন্যাসখন পঢ়ি থাকিলে বহু ঠাইত নিজক বিচাৰি পোৱা যায়। প্ৰতিগৰাকী পঢ়ুৱৈৰ এনে ভাব হ’ব যেন , নিজৰে কথা লিখিছে ঔপন্যাসিকে। নিজৰ অতীত, নিজৰ শৈশৱ-কৈশোৰৰ দিনবোৰ আকৌ এবাৰ উভতাই পাব পাৰি ‘প্ৰেমৰ ঘৰ’ৰ জৰিয়তে।

উপন্যাসখনৰ পাতে পাতে আছে মিঠা প্ৰেম-ভালপোৱাৰ কাহিনী। নিশ্চিতভাবে অসমীয়া সাহিত্যৰ ভঁৰাললৈ ৰঞ্জিত পাটগিৰিৰ এয়া উৎকৃষ্ট উপহাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!