SBI-ITF Junior Tennis: এছবিআই-আইটিএফ জুনিয়ৰ টেনিছত ভাৰতৰ আৰাধ্যা ক্ষিতিজৰ দ্বিমুকুট
এছবিআই-আইটিএফ জুনিয়ৰ টেনিছত ভাৰতৰ আৰাধ্যা ক্ষিতিজৰ দ্বিমুকুট
শীৰ্ষ বাচনিৰ আলবিনাক হৰুৱাই ছোৱালীৰ চেম্পিয়ন ভাৰতৰ জেনচি

DD TIMES গুৱাহাটী, ২২ নৱেম্বৰঃ ভাৰতৰ জেনচি দিপকভাই কানবাৰে বৃহৎ অঘটন ঘটাই গুৱাহাটীত অনুষ্ঠিত এছবিআই-আইটিএফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত ছোৱালীৰ একক শাখাৰ খিতাপ দখল কৰিছে৷
ইফালে, আজি সামৰণি পৰা প্ৰতিযোগিতাখনৰ ল’ৰাৰ একক শাখাৰ খিতাপ ভাৰতৰ আৰাধ্যা ক্ষিতিজে লাভ কৰি দ্বিমুকুট অৰ্জন কৰিবলৈ সক্ষম হয়৷
গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাৰ আজি অন্তিম দিনা চমক সৃষ্টিৰে ছোৱালীৰ একক শাখাৰ ফাইনেলত বাচনি বিহীন ভাৰতৰ জেনচিয়ে শীৰ্ষ বাচনিৰ কাজাখস্তানৰ আলবিনা কাকেনোভাক ৬-৪, ৬-৪ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে৷
স্মৰ্তব্য যে ছেমিফাইনেলতো জেনচিয়ে অঘটন ঘটাই কাজাখস্তানৰে দ্বিতীয় বাচনিৰ সাতীমা টৰেগেনক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল৷
ইফালে, সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন [আইটিএফ] ৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ ল’ৰাৰ একক শাখাৰ ফাইনেল দুই ভাৰতীয়ৰ মাজত অনুষ্ঠিত হয়৷ শীৰ্ষ বাচনিৰ আৰাধ্যা ক্ষিতিজে ৬-২, ৭-৬ ৰ পোনপটিয়া ছেটত দ্বিতীয় স্থানৰ প্ৰনীল শৰ্মাক পৰাস্ত কৰে৷
উল্লেখ্য যে ক্ষিতিজে ল’ৰাৰ ডাবলছ খিতাপো লাভ কৰিছিল৷ প্ৰতিযোগিতাৰ অন্তত অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই বঁটা বিতৰণ কৰে৷

