CRICKET: গোগামুখত ক্ৰিকেট প্ৰতিযোগিতা
২৩ নৱেম্বৰৰ পৰা গোগামুখত সদৌ অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতাঃ ১৮টা দলৰ অংশগ্ৰহণ

DD TIMES গোগামুখ, ২২ নৱেম্বৰঃ লখিমপুৰ আৰু ধেমাজি জিলা সীমান্তৱৰ্তী পথালিপাম (গোগামুখৰ সমীপত) কাইলৈৰ পৰা অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তাত ১৬ বছৰ অনুৰ্ধ্বৰ ল’ৰা শাখাৰ ক্ৰিকেট প্ৰতিযোগিতা ৷
গোগামুখ ক্ৰিকেট একাডেমীৰ উদ্যোগত আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৃষ্ঠপোষকতাত লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত পথালিপামস্থিত সোৱণশিৰি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগা উক্ত ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ মূল বিভিন্ন জিলাৰ মুঠ ১৮টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছে ৷
প্ৰতিযোগিতাখনৰ আয়োজক গোগামুখ ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষক ৰাজু পেগুৱে জনোৱা মতে লখিমপুৰ আৰু ধেমাজি জিলাৰ সংগম স্থল পথালিপাম-গোগামুখত পোন প্ৰথমবাৰৰ বাবে লেজাৰ বলৰ জৰিয়তে সদৌ অসম ভিত্তিত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে আৰু প্ৰতিযোগিতাত নিমন্ত্ৰিত সকলোবোৰ ক্ৰিকেট দলেই যোগদান নিশ্চিত কৰিছে ৷
আয়োজক সমিতিয়ে খেলুৱৈসকলৰ থকা, খোৱা-বোৱাৰ সকলোবোৰ সুবিধা কৰি দিছে ৷ প্ৰশিক্ষক পেগুৱে লগতে জনোৱা মতে খেলখনত ডিব্ৰুগড়, লখিমপুৰ, ঢকুৱাখনা, বিহপুৰীয়া, নাৰায়ণপুৰ, ধেমাজি, জোনাই, গুৱাহাটী, তিনিচুকীয়া, মংগলদৈ, নাওবৈচা আদিৰ পৰা মুঠ ১৮ টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছে ৷
তেওঁ জনোৱা মতে কাইলৈ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজকৰ্মী কল্যাণ গগৈ, আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, টি এম পি কে, বীৰ লাচিত সেনা, তাই আহোম ছাত্ৰ সন্হা, গোগামুখ বণিজ সন্হা আদিৰ নেতৃত্ববৃন্দই ৷
গোগামুখ ক্ৰিকেট একাডেমীয়ে প্ৰতিযোগিতাখনত সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

