অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Spoken Sanskrit Language: খাগৰিজান মহাবিদ্যালয়ত সংস্কৃত ভাষাৰ কৰ্মশালা

Spread the love

খাগৰিজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ‘Spoken Sanskrit Language’ শীৰ্ষক তিনিদিনীয়া কৰ্মশালাৰ সফল সামৰণি

DD TIMES বেবেজীয়া, ২২ নৱেম্বৰঃ নগাঁৱৰ অন্যতম অগ্ৰনী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণয় কোষৰ সমন্বয়ত আৰু নতুন দিল্লীৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ সৌজন্যত ইংৰাজী ২০ নৱেম্বৰ ২০২৫ তাৰিখৰ পৰা ২২ নৱেম্বৰ ২০২৫লৈ তিনিদিনীয়া কাৰ্যসূচীৰে ‘Spoken Sanskrit Language’s শীর্ষক এখনি কৰ্মশালা অনুষ্ঠিত হৈ আজি সফল সামৰণি পৰে।

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সংস্কৃত শিক্ষণ কেন্দ্ৰৰ শিক্ষক তপন ৰাজবংশী। সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত নীৰৱ সাধক হিচাপে কৰ্মৰত ৰাজবংশীয়ে কৰ্মশালাৰ তিনিও দিনতে ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ পাঠদান কাৰ্য আগবঢ়ায়।

তেওঁ কয় যে আমি দৈনন্দিন জীৱনত যথেষ্টসংখ্যক সংস্কৃত শব্দ ব্যৱহাৰ কৰোঁ যদিও সেই সম্পৰ্কে সচেতন নহয়। সমল ব্যক্তিগৰাকীয়ে বৰ্তমান সময়ত সংস্কৃতৰ প্ৰাসংগিকতা, ছাত্ৰ-ছাত্ৰীয়ে ভাষাটোৰ শিক্ষাৰে কেনেকৈ নিজক বিকাশ কৰি তুলিব পাৰে এই সম্পৰ্কে স্পষ্টভাৱে অৱগত কৰে।

কৰ্মশালাৰ শেষত ২২ নৱেম্বৰ আজি দুপৰীয়া ১২ বজাৰ পৰা এখনি সামৰণি সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি সংস্কৃত ভাষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ৰশ্মি ডেকা।

অনুষ্ঠানটিত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰ্ণয় কোষৰ মুখ্য সমন্বয়ক ৰাইহানুল আহমেদ, মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়।

খাগৰিজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° স্বপন জ্যোতি নাথে আঁত ধৰা কৰ্মশালাখনত অসমীয়া বিভাগৰ সমূহ অধ্যাপক-অধ্যাপিকাই অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!