Smart Classroom Inauguration: শুৱালকুছিৰ বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুম উদ্বোধন
শুৱালকুছিৰ এই বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে ডিজিটেল পদ্ধতিত পঢ়িব, স্মাৰ্ট ক্লাছৰুমৰ উদ্বোধন

DD TIMES শুৱালকুছি, ২২ নৱেম্বৰঃ শুৱালকুছিৰ কে. আৰ. কে. হাইস্কুলত এতিয়া ছাত্ৰ-ছাত্ৰীয়ে আধুনিক ডিজিটেল প্ৰযুক্তিৰ সহায়ত পঢ়াশোনা কৰিব পাৰিব।
আধুনিক শিক্ষা পদ্ধতি আগবঢ়োৱাৰ উদ্দেশ্যে বিদ্যালয়খনত এটা স্মাৰ্ট ক্লাছৰুম প্ৰস্তুত কৰা হৈছে, যাৰ উদ্বোধন বৃহস্পতিবাৰে কেন্দ্ৰীয় শুৱালকুছি গাঁও পঞ্চায়তৰ সভাপতি অনিল চন্দ্ৰ বৈশ্যই কৰে।
এই কাৰ্যসূচীত চৰকাৰী গাঁও বুঢ়া ধ্ৰুৱ কলিতা, জ্যেষ্ঠ সাংবাদিক তথা শুৱালকুছি সাংবাদিক সন্থাৰ সভাপতি দিলীপ মেধীও উপস্থিত আছিল।
তেওঁলোকৰৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষিকা আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে কাৰ্যসূচীটোক অধিক স্মৰণীয় কৰি তোলে।
এই স্মাৰ্ট ক্লাছৰুমটো ডিজিটেল সেৱা খণ্ডৰ দেশৰ অন্যতম আগশাৰীৰ কোম্পানী ইন্টেলিস্মাৰ্টে ছাত্ৰ-ছাত্ৰীৰ উন্নত শিক্ষাৰ বাবে প্ৰস্তুত কৰি দিয়ে।
এই স্মাৰ্ট ক্লাছৰুমত স্মাৰ্ট প্ৰজেক্টৰ, প্ৰজেকচন স্ক্ৰিন, নতুন ডেস্ক, বেঞ্চ আৰু কাৰ্পেট সংস্থাপন কৰা হৈছে। লগতে সমগ্ৰ কোঠাটো নতুনকৈ ৰং কৰা হৈছে, যিয়ে কোঠাটোৰ সৌন্দৰ্য অধিক উন্নত কৰিছে।
এই উপলক্ষে গাঁও পঞ্চায়তৰ সভাপতি অনিল চন্দ্ৰ বৈশ্যই কয় যে গাঁৱত এনে সুবিধা প্ৰস্তুত হোৱাত ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ প্ৰতি আগ্ৰহ অধিক বৃদ্ধি পাব।
আজি সমগ্ৰ বিশ্ব ডিজিটেল দিশে আগবঢ়িছে, সেয়ে সকলোৰে ডিজিটেল প্ৰযুক্তিৰ বিষয়ে জ্ঞান থকাটো অতি প্ৰয়োজনীয়।
ইয়াৰ জৰিয়তে যিকোনো বিষয়ৰ তথ্যৰ অভাৱ হ্ৰাস কৰিব পাৰি। ইন্টেলিস্মাৰ্টৰ এই পদক্ষেপ যথেষ্ট প্ৰশংসনীয় আৰু সমাজৰ প্ৰতি দায়িত্ববোধ প্ৰকাশ কৰে।
ইয়ে লৈ চৰকাৰী গাঁও বুঢ়া ধ্ৰুৱ কলিতা আৰু জ্যেষ্ঠ সাংবাদিক তথা শুৱালকুছি সাংবাদিক সন্থাৰ সভাপতি দিলীপ মেধীয়ে কয় যে ইন্টেলিস্মাৰ্টৰ এই উদ্যোগৰ ফলত কে. আৰ. কে. স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে আধুনিক প্ৰযুক্তিৰে শিক্ষালাভ কৰিব পাৰিব।
ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত শিকাৰ আগ্ৰহো অধিক বৃদ্ধি পাব। তেওঁলোকে লগতে কয় যে সকলো ব্যক্তিগত প্ৰতিষ্ঠানে সমাজৰ প্ৰতি এনে উদ্যোগ লোৱা উচিত, তেতিয়েহে সমাজ আৰু ৰাজ্য সফলভাৱে আগবঢ়ি যাব।

