অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Telangana North–East Connection Festival: চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক জোনমণি দেৱী খাউণ্ডক তেলেংগানাত সম্বৰ্ধনা

Spread the love

চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক জোনমণি দেৱী খাউণ্ডক তেলেংগানাত সম্বৰ্ধনা


হায়দৰাবাদ, ২২ নৱেম্বৰঃ হায়দৰাবাদৰ প্ৰসাদ থিয়েটাৰত অনুষ্ঠিত ‘তেলেংগানা উত্তৰ–পূৱ সংযোগ’ মহোৎসৱৰ মঞ্চত শুকুৰবাৰৰ দিনটো অসমৰ বাবে গৌৰৱময় মুহূর্ত হৈ ৰ’ল।

অসমৰ খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক ড° জোনমণি দেৱী খাউণ্ডে তেলেংগানা ৰাজ্যপাল জিষ্ণু দেৱ বৰ্মা আৰু ৰাজ্যখনৰ সাংস্কৃতিক মন্ত্ৰী কোমতিৰেড্ডি ভেংকট ৰেড্ডীৰ পৰা বিশেষ অভিনন্দন তথা সন্মান লাভ কৰে।

তেলেংগনা চৰকাৰে সাংস্কৃতিক বিনিময় আৰু মানৱিক সংযোগ বঢ়াবলৈ উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ‘নিৰি৯’ৰ পৰিচালক ড° খাউণ্ডে ঘোষণা কৰিছে যে ২০২৫ চনৰ ২০ আৰু ২১ ডিচেম্বৰত তেলেংগনাৰ হায়দৰাবাদত ‘নিৰি৯ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত হ’ব।

এই আন্তর্জাতিক মহোৎসৱত তেলুগু চলচ্চিত্ৰ উদ্যোগৰ বহু বিশিষ্ট অতিথি আৰু বিচাৰক হিচাপে উপস্থিত থাকিব। উদ্বোধনী আৰু সামৰণী অনুষ্ঠানত তেলেংগনাৰ পৰম্পৰাগত নৃত্য–গীতৰ বিশেষ প্ৰদৰ্শনীও অন্তৰ্ভুক্ত হ’ব বুলি ড° খাউণ্ডে জানিবলৈ দিছে।

হায়দৰাবাদত মহোৎসৱ সফলভাৱে আয়োজনৰ বাবে তেলেংগনা চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু ৰাজ্যপালৰ কাৰ্যালয়ে ইতিমধ্যে সহযোগিতাৰ আশ্বাস আগবঢ়াইছে।

প্ৰাথমিক পৰ্যায়ৰ আলোচনা ইতিমধ্যে সন্তোষজনকভাৱে আগুৱাই আছে বুলি ড° খাউণ্ডে প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!