অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Cultural City Tezpur: সাংস্কৃতিক নগৰী তেজপুৰত মৰিছে এজনী এজনীকৈ ১১জনী কাউৰী

Spread the love

সাংস্কৃতিক নগৰী তেজপুৰত মৰিছে এজনী এজনীকৈ ১১জনী কাউৰী

DD TIMES তেজপুৰ, ২২ নৱেম্বৰঃ তেজপুৰ চহৰৰ প্ৰবেশ পথৰ লগতে থকা বৰপুখুৰীক চাৰিওফালে পৰ্যটকৰ আকৰ্ষণৰ বাবে সৌন্দৰ্য্যৱৰ্ধনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে উদ্যান নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ মাজতে শুকুৰবাৰে পুৱা ক্ৰমশঃ লুপ্ত হ’বলৈ ধৰা ১১ টাকৈ ধোৱা কাউৰী বৰপুখুৰীৰ পাৰত মৃত্যু মুখত পৰি থকাৰ দৃশ্য প্ৰকৃতিপ্ৰেমী সংগঠনৰ একাংশ লোকে প্ৰতক্ষ কৰাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কোনো দুষ্ট চক্ৰই পুখুৰীৰ পাৰত বিষাক্ত দ্ৰব্য পেলোৱাৰ ফলতেই সেই দ্ৰব্য খোৱাৰ বাবেই ১১টাকৈ কাউৰী মৃত্যুমুখত পৰাৰ সন্দেহ ব্যক্ত কৰিছে প্ৰকৃতিপ্ৰেমী সংগঠনৰ সদস্যসকলে।

যদি কোনো ৰোগত মৃত্যু হ’ল হয় তেতিয়া একে ঠাইতে এনেদৰে ১১টাকৈ কাউৰী মৃত্যুমুখত নপৰে বুলিও সন্দেহ প্ৰকাশ কৰি প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণী প্ৰেমী তথা সৰ্প বান্ধৱ ৰ্সৌৰভ বৰকটকীয়ে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!