India International Trade Fair: ভাৰত মণ্ডপমৰ ৰাজস্থান পেভিলিয়নত অসমৰ সংস্কৃতি প্ৰদৰ্শন
ভাৰত মণ্ডপমৰ ৰাজস্থান পেভিলিয়নত অসমৰ সংস্কৃতি প্ৰদৰ্শন
ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসম পেভিলিয়নত দৰ্শকৰ ব্যাপক সঁহাৰি উদ্যোগ মন্ত্রী বিমল বড়াৰ অংশ গ্ৰহণ

DD TIMES গুৱাহাটী, ২২ নৱেম্বৰঃ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৪নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টিএফ)ত শুকুৰবাৰে ৰাজস্হান পেভিলিয়নত অসমৰ সাংস্কৃতি প্ৰদৰ্শন কৰা হয়।

এক ভাৰত শ্ৰেষ্ঠ ভাৰত বিষয়বস্তুৰ আধাৰত আয়োজিত এইবাৰৰ আইআইটিএফত একতা আৰু পাৰস্পৰিক সহযোগিতাৰ লক্ষ্যৰে অসম আৰু ৰাজস্হান দুয়োখন ৰাজ্যই সহযোগী ৰাজ্য হিচাপে অংশ গ্ৰহণ কৰিছে। পৰস্পৰৰ সংস্কৃতিৰ প্ৰতি সন্মান জনাই দুয়োখন ৰাজ্যৰ পেভিলিয়নত পৰস্পৰৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে।

ইয়াৰ আধাৰত ৰাজস্হান পেভিলিয়নত আজি অসমৰ পৰম্পৰাগত সাংস্কৃতিক বৈভৱ সমূহক ৰাজস্হানৰ বিখ্যাত কাঠেৰে নিৰ্মিত পুতলাৰ নাচেৰে বৰ্ণনা কৰি প্ৰদৰ্শন কৰা হয়।

এই পেভিলিয়নৰ এখন ৱালত অসমৰ সংস্কৃতি প্ৰতিনিধিত্ব কৰা বিভিন্ন চিত্র অংকণ কৰাৰ লগতে বিহু নৃত্যও প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ আধাৰত ‘জব ৰেট নে নদী কা স্বপ্না দেখা’ শীর্ষক এক কবিতাৰে দুয়ো ৰাজ্যৰ সাংস্কৃতিক বৈভৱসমূহক উপস্হাপন কৰা হয়।

শুকুৰবাৰে অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই ৰাজস্হান পেভিলিয়নত উপস্থিত হৈ ৰাজস্হান চৰকাৰৰ উদ্যোগ আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলক ইয়াৰ বাবে ধন্যবাদ জনায়।
ইয়াৰ পিছতে মন্ত্রী বড়াই মহাৰাষ্ট্ৰ আৰু বিহাৰৰ পেভিলিয়ন পৰিদৰ্শন কৰি ৰাজ্য দুখনৰ ঔদ্যোগিক বিকাশৰ বুজ লোৱাৰ লগতে ৰাজ্য দুখনৰ সাংস্কৃতিক কাৰ্যসূচীও উপভোগ কৰে।
ভাৰত মণ্ডপমত আয়োজিত আই আই টি এফত অংশ গ্ৰহণ কৰা তিব্বত, ইৰাণ আৰু থাইলেণ্ডৰ পেভিলিয়নত উপস্থিত হৈ উদ্যোগ মন্ত্রী বড়াই দেশকেইখনৰ বাণিজ্যিক প্ৰতিনিধি সকলৰেও মত বিনিময় কৰে।
উল্লেখ্য, বৃহস্পতিবাৰে এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসমৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনেৰে অসম দিৱস উদযাপিত হৈছিল।
মেলাত ৪০টাৰো অধিক বিপণিৰে অংশগ্ৰহণ কৰা আকৰ্ষণীয়ভাৱে নিৰ্মিত অসম পেভিলিয়নত দৰ্শকে বিপুল সহাৰি জনোৱা পৰিলক্ষিত হৈছে।

