অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

India Maritime Week 2025: ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ত উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ আৰু ঔদ্যোগিক সংযোগ বৃদ্ধিৰ বাবে ৩,০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

Spread the love

ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ত উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্দেশীয় জলপথ আৰু ঔদ্যোগিক সংযোগ বৃদ্ধিৰ বাবে ৩,০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে, বগীবিলত এলিভেটেড পথৰ ৰূপায়ণ সংক্ৰান্তীয় অধ্যয়ন ত্বৰান্বিত

ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে জলপথেৰে বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়ালৈ মিথানল আৰু ফৰ্মেলিন ৰপ্তানি বৃদ্ধিৰ বাবে সহযোগিতা বৃদ্ধি কৰিব

গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰত ব্ৰহ্মপুত্ৰকেন্দ্ৰিক ১,০০০ কোটি টকাৰ ৱাটাৰ মেট্ৰ’প্ৰকল্পৰ বাবে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম চৰকাৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে

ব্ৰহ্মপুত্ৰত নৌ-চলাচলৰ সুৰক্ষা বৃদ্ধিৰ বাবে বগীবিল, শিলঘাট, বিশ্বনাথঘাট আৰু পাণ্ডুত লাইটহাউছ স্থাপনৰ বাবে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু ডি জি এল এল-ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

DD TIMES গুৱাহাটী, ২২ নৱেম্বৰ, ২০২৫ঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে অসমৰ অন্তৰ্দেশীয় জল পৰিবহণ নেটৱৰ্ক আৰু ঔদ্যোগিক লজিষ্টিক শক্তিশালী কৰিবলৈ দুখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰিছে।

অসম পেট্ৰ’-কেমিকেলছ লিমিটেড (APL) আৰু অসম চৰকাৰৰ সৈতে স্বাক্ষৰিত এই চুক্তিয়ে ৰাজ্যৰ বিস্তৃত নদী ব্যৱস্থাৰ জৰিয়তে পণ্য আৰু যাত্ৰী পৰিবহণক উৎসাহিত কৰাৰ লক্ষ্য ৰাখিছে, যাৰ ফলত স্থায়ী সংযোগ আৰু অঞ্চলভিত্তিক বিকাশৰ লক্ষ্য ত্বৰান্বিত হ’ব।

উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয় আৰু ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শুকুৰবাৰে গুৱাহাটীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ সকলো প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা কৰে।‌

শেহতীয়াকৈ ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ আধাৰত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম পেট্ৰ’-কেমিকেলছ লিমিটেডে ভাৰত-বাংলাদেশ প্ৰট’কল জলপথ (IBPR) আৰু ৰাষ্ট্ৰীয় জলপথৰ জৰিয়তে মিথানল আৰু ফৰ্মেলিন পৰিবহণৰ বাবে সহযোগিতা বৃদ্ধি কৰিব।

এই পদক্ষেপে বগীবিল, পাণ্ডু আৰু যোগীঘোপাৰ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ জেটিৰ পৰা বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়ালৈ ৰপ্তানি সহজ কৰিব আৰু ৰাষ্ট্ৰীয় জলপথ-১ অৰ্থাৎ গংগা আৰু ২ অৰ্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰৰ জৰিয়তে ঘৰুৱা যোগান শৃংখলা শক্তিশালী কৰিব।

এই প্ৰকল্প প্ৰধানমন্ত্ৰী গতিশক্তি – বহুমুখী সংযোগৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ সৈতে সংগতিপূৰ্ণ আৰু ই অসমৰ ৰপ্তানি আৰু ঔদ্যোগিক সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই নতুন ব্যৱস্থাই উক্ত সামগ্ৰীসমূহৰ বৃহৎ পৰিমাণৰ, কম খৰচী আৰু পৰিৱেশ-অনুকূল পৰিবহণ সক্ষম কৰিব। এই পদক্ষেপৰ বাবে মুঠ বিনিয়োগ ৪০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।

দ্বিতীয়খন বুজাবুজিৰ চুক্তিৰ জৰিয়তে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু অসম চৰকাৰে তেজপুৰ, গুৱাহাটী আৰু ডিব্ৰুগড়ত নগৰীয়া জল পৰিবহণ ব্যৱস্থা (ৱাটাৰ মেট্ৰ’) গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। এই প্ৰকল্পই ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি নিৰৱচ্ছিন্ন আৰু স্থায়ী জল-ভিত্তিক গতিশীলতাপূৰ্ণ নেটৱৰ্ক গঢ়ি তুলিব, যি স্থলপথ, ৰে’ল আৰু বাছ ব্যৱস্থাৰ সৈতে একত্ৰিত হ’ব।

এই অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে কয়, “এই বুজাবুজিৰ চুক্তিসমূহ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ। তেখেতৰ সবল নেতৃত্বই উত্তৰ-পূৰ্বাঞ্চলক অন্তৰ্দেশীয় জলপথ সংযোগ আৰু ঔদ্যোগিক সুযোগ-সম্ভাৱনাৰ প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰি আছে। আমি সমগ্ৰ অঞ্চলটোত অন্তৰ্দেশীয় জলপথ ব্যৱস্থাৰ সৰ্বোচ্চ ব্যৱহাৰৰ বাবে দৃঢ় প্ৰতিজ্ঞ।”

ৱাটাৰ মেট্ৰ’প্ৰকল্পৰ অধীনত ফেয়াৰৱে, নৌ-চালনা সহায়ক আৰু যাত্ৰী টাৰ্মিনেল গঢ়ি তোলা হ’ব, যি ইলেক্ট্ৰিক-হাইব্ৰিড যাত্ৰীবাহী নাৱৰে সমৰ্থিত হ’ব। কোচি মেট্ৰ’ৰে’ল লিমিটেডে (KMRL) ৰাজ্য চৰকাৰৰ পৰামৰ্শত ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ সম্ভাৱ্যতা অধ্যয়ন চলাই আছে। প্ৰকল্পৰ অনুমানিক খৰচ ১,০০০ কোটি টকা (ভূমি খৰচ বাদে)।

অন্যান্য গুৰুত্বপূৰ্ণ চুক্তিসমূহ হৈছে- হেৰিটেজ ৰিভাৰ জাৰ্নিজ প্ৰাইভেট লিমিটেডৰ সৈতে ৫০০ কোটি টকাৰ ক্ৰুজ পৰ্যটন প্ৰকল্পৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত, ডিব্ৰুগড়ত আঞ্চলিক উৎকৃষ্টতাৰ কেন্দ্ৰ (১৮৮ কোটি) আৰু গুৱাহাটীত ভূমি উন্নয়ন (৫৫ কোটি) ইত্যাদি।

মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশতো একাধিক প্ৰকল্পৰ কাম চলি আছে, যেনে গোমতী-মেঘনা সংযোগ, ডুম্বুৰ হ্ৰদত ক্ৰুজ জাহাজৰ জৰিয়তে পৰ্যটন উন্নয়ন, চিয়াং নদীত জল পৰিবহণ ব্যৱস্থা আদি।

সৰ্বানন্দ সোণোৱালে আজি কয়, “মোদী চৰকাৰৰ সদিচ্ছা আৰু দায়বদ্ধতাৰ ফলত উত্তৰ-পূবৰ নদীসমূহ পুনৰুজ্জীৱিত হৈ অৰ্থনৈতিক বৃদ্ধিৰ চালিকাশক্তি হৈ পৰিছে। নতুন সহযোগিতাৰ জৰিয়তে আমি নদী পৰিবহণ, পৰ্যটন আৰু সীমান্ত বাণিজ্যক জীৱনৰেখালৈ ৰূপান্তৰিত কৰিছোঁ।

শুকুৰবাৰে গুৱাহাটীত জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰিলোঁ আৰু সকলো কাম তৎপৰতাৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিলোঁ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ অভূতপূৰ্ব ৰূপান্তৰ সাধন হৈছে। ইতিমধ্যে এই খণ্ডত ১,০০০ কোটি টকাতকৈও অধিক বিনিয়োগ কৰা হৈছে আৰু আগন্তুক বছৰসমূহৰ বাবে আমাৰ লক্ষ্য ৫,০০০ কোটি টকাতকৈও অধিক। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোৰ পৰিবহণ, সংযোগ আৰু আন্তঃগাঁথনিয়ে এক নতুন গতি লাভ কৰিব।

এই সবল প্ৰচেষ্টাসমূহে অঞ্চলটোক দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ হিচাপে গঢ় দিছে আৰু অভূতপূৰ্ব সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিছে। শেহতীয়াকৈ অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫-ত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ ব্যাপক উন্নয়নৰ বাবে প্ৰায় ৩,০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে, যাৰ ভিতৰত অত্যাধুনিক নগৰীয়া জল পৰিবহণ ব্যৱস্থাও অন্তৰ্ভুক্ত। সকলো বিষয়াক টীম ইণ্ডিয়াৰ মনোভাবেৰে কাম কৰি এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ আমাৰ সামূহিক সংকল্পক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!