অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

The world of the little ones: প্ৰকাশ পালে মানস প্ৰতিম দত্তৰ পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন ‘পোনাকণৰ পৃথিৱী’

Spread the love

মানস প্ৰতিম দত্তৰ পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন ‘পোনাকণৰ পৃথিৱী’ৰ উন্মোচন

DD TIMES গুৱাহাটী, ২২ নৱেম্বৰ, ২০২৫ঃ যুৱ লেখক, পৰিৱেশকৰ্মী, শিক্ষক, কবি, অনুবাদক মানস প্ৰতিম দত্তৰ এখন মনোমোহা পাৰিপাৰ্শ্বিক গল্প সংকলন ‘পোনাকণৰ পৃথিৱী’ শুকুৰবাৰে শুভ উন্মোচন কৰা হয়।

গ্ৰন্থখন সামাজিক মাধ্যমযোগে শুভ উন্মোচন কৰে ড° বিজয় কৃষ্ণ দলে, ড° নৱ কুমাৰ চমুৱা, ‘দৈনন্দিন বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়া, ড° গায়ত্ৰী খাৰঘৰীয়া, মৃনাংক ডেকা, শৰৎ শইকীয়া, দেৱব্ৰত গগৈ, নয়নদীপ দত্ত, মনতৃষ্ণা, ত্ৰিবেণী ৰঞ্জন গগৈ, প্ৰদীপ গগৈ, যুগল বৰা, বিকাশ দিহিঙ্গীয়া, শ্যামল শইকীয়া, নয়ন জ্যোতি মুদৈ, ময়ূৰী ঠাকুৰ, সুমিত দাস, অজন্তা ৰাজখোৱা, দেৱজিৎ লাহন, জীৱন্ত বৰা, ভাস্কৰ ভৰালী, প্ৰদীপ গগৈ, দ্বীপৰাজ, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, জিজ্ঞাস বৰুৱা, প্ৰতাপ দত্ত, নিতুল নন্দন ৰেগন, কৃষ্ণগোপাল ভূঞা, পাৰ্থ জ্যোতি বৰুৱা, নিৰ্মল কোচ, যোগানন্দ কোচ, তপন পায়েং, ইন্দ্ৰাণী গগৈ, মৌচুমী বৰগোহাঁই, অৰুণ চমুৱা, উত্তম নৰহ, প্ৰণৱ বড়া, বীৰেণ কোচ, হৰিপ্ৰসন্ন চুতীয়া, প্ৰেৰণা চেতিয়া, উম্মি ৰুম্মানা হুচেইন, আৰু সত্যব্ৰত গগৈয়ে।


শিশু আৰু চেমনীয়াসকলক আকৰ্ষণ কৰিবৰ পৰা মনোৰম গল্পৰে সজোৱা গ্ৰন্থখনৰ আকৰ্ষণীয় কাহিনী আৰু জীপাল ছবিয়ে যুৱ মনত সেউজীয়া ভৱিষ্যত গঢ়ি তোলাৰ দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব।


ধেমাজি জিলাৰ এগৰাকী অন্যতম যুৱ লেখক তথা পৰিৱেশ সংৰক্ষণৰ প্ৰতি নিষ্ঠাবান সমৰ্থক প্ৰকৃতি বন্ধু মানস প্ৰতিম দত্তই তেওঁৰ শিশু গ্ৰন্থখনত নিজৰ দৃষ্টিভংগী জীৱন্ত কৰি তুলিবলৈ যত্ন কৰিছে।

অসমৰ বিভিন্ন স্থানত সম্প্ৰদায়-চালিত পৰিৱেশ সংৰক্ষণৰ লগতে সক্ৰিয়ভাৱে পৰিৱেশ সুৰক্ষা, জলবায়ু সুৰক্ষা আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰচাৰ আৰু প্ৰসাৰত জড়িত হৈ আছে।

এজন লেখক, কবি, অনুবাদক হিচাপে সুপৰিচিত মানসৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰকৃতিৰ জমাদাৰ, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই শীৰ্ষক গ্ৰন্থকেইখনে ইতিমধ্যে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছ।


হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি মানসৰ কাহিনী ইতিমধ্যে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ, দ্য পিপ’ল ষ্টৰী আদিত প্ৰকাশ পাইছে।


শিশুসকল স্বাভাৱিকতে কাহিনীৰ প্ৰতি আকৰ্ষিত হয়, আৰু তেওঁলোকৰ হাতত আছে বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ মূল চাবিকাঠি। ‘পোনাকণৰ পৃথিৱী’ৰ জৰিয়তে লেখকে পৰিৱেশ সুৰক্ষাক সৰল তথা আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিটো কাহিনীৰ সৈতে আকৰ্ষণীয়কৈ বিভিন্ন ছবি সংযোজন কৰা হৈছে।

শিশুসকলক গল্পৰ জৰিয়তে প্ৰকৃতিৰ সৈতে একাত্ম মনোভাৱ স্থাপন কৰাৰ লগতে সংৰক্ষণৰ গুৰুত্ব বুজাত গ্ৰন্থখনে সহায় কৰিব বুলি লেখক দত্তই জনাইছে।

গ্ৰন্থখনৰ কল্পনাপ্ৰসূত কাহিনীৰ সৈতে পৰিৱেশ সুৰক্ষাৰ বাৰ্তাক যুৱ পাঠক আৰু শিক্ষকসকলৰ মাজলৈ সুপৰিকল্পিতভাৱে লৈ যাব বুলি আশা কৰিব পাৰি।


সম্ভ্ৰান্ত প্ৰকাশনগোষ্ঠী পাঞ্চজন্য বুকছে প্ৰকাশ কৰা গ্ৰন্থখনে অভিভাৱক, শিক্ষক আৰু যুৱ পাঠকসকলৰ মাজত পৰিৱেশ বিষয়ক অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!