তিনিচুকীয়া চহৰ কঁপাই জোঁৰ সমদল কৰি ওলাই আহিল হাজাৰ হাজাৰ চুতীয়লোক
চুতীয়াসকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মামৰকপত্ৰ চাইছাৰ
তিনিচুকীয়া, ৪ ছেপ্টেম্বৰঃ আমি চুতীয়াসকলে আজিৰ তাৰিখত ৰাজনীতিৰ খেলত বহুহাজাৰ ভোট দি কাৰোবাক জিকাব নোৱাৰিব পাৰোঁ;কিন্তু পোন্ধৰ/বিশ হাজাৰ ভোট কাঢ়ি জাতিক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি অহা নেতা-মন্ত্ৰীসকলক হৰুৱাব পাৰিম।”-এই মন্তব্য চাইছা অৰ্থাৎ চুতীয়া যুৱ সন্মিলন,অসমৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াৰ।

বুধবাৰে সন্ধিয়া ৭ বজাত চুতীয়া যুৱ সন্মিলন অসম’ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বাহিৰ কৰা জোঁৰ
সমদল কাৰ্যসূচীৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে চুতীয়া জনগোষ্ঠীৰ যুৱনেতাগৰাকীয়ে।
যোৱা কেইবাদশকো ধৰি অসমৰ আদিম ভূমিপুত্র চুতীয়াসকলে জনগোষ্ঠীটোৰ ন্যায্য প্রাপ্য অধিকাৰৰ বাবে কেন্দ্ৰ,তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত ধাৰাবাহিকভাৱে গণতান্ত্রিক আন্দোলন কৰি অহাৰ উপৰিও ৰাজ্য চৰকাৰৰ লগত আলোচনাত মিলিত হৈ জনগোষ্ঠীটোৰ সমস্যা সমাধানৰ আহ্বান জনাই আহিছে যদিও ৰজাঘৰে বিশেষ গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে চুতীয়া জনগোষ্ঠীৰ লোকসকল।
সেয়ে আজি চুতীয়া যুৱ সন্মিলন, অসম’ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন আৰু জনজাতিকৰণৰ দাবীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ চুতীয়া লোকসকল একত্ৰিত হৈ জোঁৰ সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

উল্লেখ্য, চুতীয়া সকলৰ প্রধান দাবী জনজাতিকৰণ, উপগ্রহীয় স্বায়ত্ব শাসন, APSC আৰু বিভিন্ন বিশ্ববিদ্যালয়ত আসন সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্রতিশ্রুতি আজিলৈকে পূৰণ নোহোৱাত আজি সন্ধিয়া তিনিচুকীয়া চহৰৰ মাজমজিয়াত
-“জনজাতিকৰণ আমাৰ ন্যাৰ্য্য দাবী, চুতীয়াসকলক উপগ্ৰহীয় স্বায়ত্ব শাসন প্ৰদান কৰক, ন’এছ.টি.ন’ ৰেচ,চুতীয়া যুৱ সন্মিলন,অসম(CYSA) জিন্দাবাদ,অসম বিধান সভাত চুতীয়া জনগোষ্ঠীৰ লোকৰ আসন বৃদ্ধি কৰক,চুতীয়া আমি জনজাতি-জনজাতিকৰণ আমাৰ ন্যাৰ্য্য দাবী।…ইত্যাদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

তিনিচুকীয়া মহাবিদ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা এই জোঁৰ সমদল কাৰ্যসূচীক শ শ আৰক্ষী, চি,আৰ,পি,এফে তীব্র বাধা দিয়ে যদিও,চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে এই বাধাকো কেৰেপ নকৰি ৪ কি:মি পথ অতিক্ৰম কৰি নিজৰ দাবী সাব্যস্ত কৰে।অসমৰ অন্যতম ভূমিপুত্র চুতীয়া সকল ঐতিহাসিক ভাৱে প্রাচীনতম জনগোষ্ঠী।
উত্তৰ-পূর্বাঞ্চলৰ নিজস্ব বৈশিষ্ট্যময় ভাষা,ধর্মীয় ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি ইত্যাদিৰে বৃহৎ বড়ো কছাৰীমুলীয় ঠালৰ অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক আদিম ভূমিপুত্র জনগোষ্ঠী হিচাপে স্বীকৃতিপ্রাপ্ত।
১৮৫২ চনৰ পৰা ১৯৬১ চনলৈকে ভাৰতবৰ্ষৰ লোকপিয়লৰ টোকাত অসমৰ চুতীয়া সকলক জনজাতি বুলি চৰকাৰীভাৱে চিহ্নিত কৰা হৈছিল।ভাৰতৰ বিশেষকৈ উত্তৰ-পূর্বাঞ্চলৰ ডিস্ট্রিক্ট গেজেটৰ নথিত স্বাধীনতাৰ আগৰ আৰু পিছতো চুতীয়াসকলক জনজাতি হিচাপে চিহ্নিত কৰা আছে।
তদুপৰি গণশিল্পী বিষ্ণু প্রসাদ ৰাভাই ৰচনা কৰা “বড়ো জাতীয় সঙ্গীত’ত উল্লেখ আছে-“কছাৰী, ডিমাচা, মৰাণ, বড়ো ছুটিয়া, জলধা, ত্রিপুৰা, গাৰো, লালুং, হাজং, মেছ, মহলিয়া, ৰাভা, মদাই একেই ভাই।” কিন্তু গুৰুত্বপূর্ণ কথা যে উপৰোক্ত সকলোবোৰ জনগোষ্ঠীয়েই জনজাতিৰ মৰ্যদা পালে যদিও জনজাতিকৰণৰ সম্পূর্ণ অর্হতা থকাৰ পিছতো ছুটিয়া (চুতীয়া) আৰু মৰাণক আজিলৈকে ৰাজ্য চৰকাৰে জনজাতিৰ ময্যাদা প্রদান কৰা নাই।
মিচিং বানে কেবাং,সদৌ অসম দেউৰী সম্মিলন,আৰু সদৌ অসম ট্রাইবেল সংঘইও চুতীয়া জনগোষ্ঠীক ভৈয়াম অনুসূচিত জনজাতিৰ স্বীকৃতি প্রদানত সম্মতি প্রদান কৰিছে।অন্যহাতে ১৯৯৭ চনৰ কেন্দ্রীয় সংসদৰ বাছনি সমিতিখনে চুতীয়া জনগোষ্ঠীক অনুসূচিত (ভৈয়াম)জনজাতিত তালিকা ভুক্ত কৰাত অনুমোদন জনাইছিল।
চুতীয়া সকলৰ কিছু শাখা যেনে-দেউৰী চুতীয়া
(দেউৰী),মিৰি চুতীয়া (মিচিং) সকলক অসমৰ ভৈয়াম অনুসূচিত জাতিৰ তালিকাত ইতিমধ্যে অন্তর্ভুক্ত কৰা হৈছে।
১৯৩৫ চনত চাইমন কমিচনৰ প্ৰতিবেদনত চুতীয়া সকলক অনুসূচিত জাতি অন্তর্ভুক্ত কৰিব পৰা যায় বুলি উল্লেখ কৰিছিল।
তদুপৰি ১৯৮০ চনত তদানীন্তন প্রধান মন্ত্রী প্রয়াত ইন্দিৰা গান্ধীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা স্মাৰক পত্ৰখনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা প্রতিবেদন বিচাৰিছিল।
সেইমর্মে অসম চৰকাৰে জনজাতি গৱেষণা প্রতিষ্ঠানৰ সঞ্চালকক প্রতিবেদন যুগুত কৰি ৰাজ্য চৰকাৰৰ যোগেদি কেন্দ্রীয় চৰকাৰলৈ প্রতিবেদন প্রেৰণৰ নির্দেশনা দিছিল।
কিন্তু সেই প্রতিবেদনখনৰ কথাবোৰ জনজাতিকৰণৰ সপক্ষত থকাৰ পিছতো ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে কোনো পদক্ষেপ গ্রহণ নকৰিলে।সেইয়ে আজি চুতীয়া যুৱ সন্মিলন, অসমৰ কেন্দ্ৰীয় সমিতিৰ বহুসংখ্যক নেতাৰ উপস্থিতিত তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত জিলাখনৰ কেইবাসহস্ৰাধিক চুতীয়ালোকে তিনিচুকীয়া চহৰৰ মাজেৰে জোঁৰ সমদল কৰি হুংকাৰ
দিয়ে চৰকাৰক।