অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Birthday Ex PM Indira Gandhi: লৌহমানৱী ইন্দিৰা গান্ধীৰ ১০৮ সংখ্যক জন্মজয়ন্তী পালন

Spread the love

লৌহমানৱী ইন্দিৰা গান্ধীৰ ১০৮ সংখ্যক জন্মজয়ন্তী পালন


ধুবুৰী জিলা কংগ্ৰেছৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন

DD TIMES গুৱাহাটী, ২০ নৱেম্বৰঃ দেশজুৰি বুধবাৰে লৌহমানৱী ইন্দিৰা গান্ধীৰ ১০৮ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে বুধবাৰে ধুবুৰীস্থিত ৰাজীৱ ভৱনত ভাৰতৰ এই দেশপ্ৰেমিকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতে এক নতুন মাত্ৰা লাভ কৰিবলৈ সমৰ্থ হৈছিল।

মহিলা সবলীকৰণৰ ক্ষেত্ৰত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে সমগ্ৰ দেশক নেতৃত্ব দিছিল। গুৱাহাটীৰ ৰাজীৱ ভৱনতো প্ৰাক্তন প্ৰধানমন্ত্ৰী, মহান নেত্ৰী ইন্দিৰা গান্ধীৰ জন্ম-জয়ন্তী উদযাপন কৰা হয়।

একে সময়তে ধুবুৰী জিলা কংগ্ৰেছৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ লগতে এখন বিশাল কৰ্মী সভা অনুষ্ঠিত হয়। ইফালে, গোৱালপাৰাতো আজি কংগ্ৰেছৰ বিশাল কৰ্মী সভা অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এইবাৰ যুঁজ এখন হ’ব আৰু কংগ্ৰেছ দল জয়ী হ’ব বুলি মন্তব্য কৰে। কংগ্ৰেছ দলে নিজৰ স্বাৰ্থৰ বাবে নহয়, জনতাৰ ভূমিৰ অধিকাৰৰ বাবে যুঁজিব বুলিও কয় গগৈয়ে।

গগৈয়ে কয়, ”দিছপুৰত বহি থকা এজন ৰজাই ভাবে যে ৪০ হাজাৰ বিঘা ভূমি তেওঁলোকে আদানিক দিব পাৰে, আম্বানিক দিব পাৰে, য’তে-ত’তে বাগান কিনিব পাৰে, নিজৰ প্ৰাইভেট স্কুল স্থাপন কৰিব পাৰে আৰু তাৰ বাবে দুখীয়া ৰাইজক উচ্ছেদ কৰি যাব।

আমি অহা নিৰ্বাচনত সেই ৰজাসকলক শিক্ষা দিম। চৰকাৰ কোনো ৰজা নহয়। চৰকাৰ হ’ব লাগিব দুখীয়া ৰাইজৰ।’’ ৰাইজৰ মনৰ কথা বুজি সেই ৰজাই ভয় খাই ১০ তাৰিখৰ কথা উলিয়ালে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গগৈয়ে আৰু কয়, ”ৰজাই ১০ তাৰিখৰ কথা উলিয়ালে।

আমিও ক’লো যে তোমাৰ ১০ তাৰিখৰ লগত আমাৰো ১০ তাৰিখ দেখুৱাম। তাৰপিছত কি হ’ল? তেওঁৰ ১০ ছেপ্টেম্বৰ ফুছ হ’ল। কিন্তু আমি ১০ ছেপ্টেম্বৰ, ১০ অক্টোবৰ, ১০ নৱেম্বৰত যোগদান সভা পাতিছো আৰু হাজাৰ হাজাৰ লোকে বিজেপি এৰি কংগ্ৰেছত যোগ দিছে।’’ হিমন্ত চৰকাৰে গাঁৱৰ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খোলাৰ লাইচেন্স দিছে বুলি উল্লেখ কৰি মহিলাসকলক উদ্দেশ্যি কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে গাঁৱত থকা মদৰ দোকানবোৰ বন্ধ কৰি পুনৰ চৰকাৰী স্কুল স্থাপন কৰা হ’ব।

বিজেপি চৰকাৰৰ দিনত স্বায়ত্ব শাসিত পৰিষদসমূহৰ বৰমূৰীয়াসকলে কেৱল হিমন্ত বিশ্বৰ ৰিম’ট কণ্ট্ৰলত চলি থাকে বুলিও কয় গগৈয়ে। তেওঁ কয় যে পূৰ্বৰ তৰুণ গগৈৰ চৰকাৰৰ দিনত গোৱালপাৰা, ধুবুৰী অঞ্চলৰ বড়ো, ৰাভা, গাৰো, কোচ ৰাজবংশী, ধৰ্মীয় সংখ্যালঘূ সকলোৱে মুখ্যমন্ত্ৰীৰ পৰা সমানে মৰম লাভ কৰিছিল।

কিন্তু এতিয়াৰ মুখ্যমন্ত্ৰীয়ে কেইজনমান নিৰ্দিষ্ট লোকৰ বাদে সাধাৰণ ৰাইজক মৰম কৰাৰ পৰিৱৰ্তে ভয়-ভাবুকিহে খুৱাই আহিছে। হিমন্ত বিশ্ব জনজাতি বিৰোধী মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি গগৈয়ে আৰু কয় যে হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় ৰাইজৰ মাটি কাঢ়ি আদানি, আম্বানিক দিবলৈ বিচাৰে।

হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অসমৰ ৰাইজক কেতিয়াবা ধৰ্মৰ নামত, কেতিয়াবা ভাষাৰ নামত, কেতিয়াবা উজনি-নামনি আৰু কেতিয়াবা বৰাক-ব্ৰহ্মপুত্ৰৰ নামত ভাগ ভাগ কৰিবলৈ চেষ্টা চলাই আহিছে বুলিও গগৈয়ে কয়। অসমৰ ৰাইজে এইবাৰ হিমন্ত বিশ্ব শৰ্মৰা এনে ঘৃণাৰ ৰাজনীতি ওফৰাই পেলাব লাগিব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহঃ তত্ত্বাৱধায়ক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইন, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, বিধায়ক আব্দুল বাতিন খন্দকাৰকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতা-কৰ্মী উপস্থিত থাকে।

▪️ৰাজীৱ ভৱনত ইন্দিৰা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি

গুৱাহাটীৰ ৰাজীৱ ভৱনত বুধবাৰে ইন্দিৰা গান্ধীৰ ১০৮ সংখ্যক জন্ম জয়ন্তী উপলক্ষে লৌহ মানৱীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত দলৰ উপ-সভাপতি জয়ন্ত কলিতা, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!