Electrical Control Room: নগাঁৱৰ মধুপুৰত নৱনিৰ্মিত বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষ মুকলি বিধায়ক ৰূপক শর্মাৰ
নগাঁৱৰ মধুপুৰত নৱনিৰ্মিত বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষ মুকলি বিধায়ক ৰূপক শর্মাৰ
এতিয়াৰ পৰা লোড শ্বেডিং আৰু কম ভলটেজৰ সমস্যাৰ পৰা নগাঁও চহৰবাসীৰ লগতে পাৰ্শ্বৱৰ্তী ৰাইজে বহুখিনি পৰিত্ৰাণ পাবঃ বিধায়ক ৰূপক শৰ্মা

DD TIMES নগাঁও, ২০ নৱেম্বৰঃ নগাঁও চহৰত বিদ্যুৎ যোগানৰ নাটনি দূৰ কৰি বুধবাৰে ১০ হাজাৰ মেগাৱত (2×5Mv) বিদ্যুৎ উৎপন্ন কৰিব কৰা এটি নতুন বৈদুত্যিক নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হয়৷

নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাঁৱৰ মধুপুৰ শ্মশান কমিটিৰ সহযোগিতাত মধুপুৰ শ্মশান কমিটিয়ে প্ৰদান কৰা ভূমিত অসম শক্তি বিতৰণ কোম্পানীয়ে নগাঁও চহৰবাসীক নিৰবিচ্ছিন্ন বিদ্যুৎ সেৱা প্ৰদানৰ বাবে মধুপুৰত এটি নতুন বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষ নিৰ্মানৰ ব্যৱস্থা গ্ৰহণ কৰে।
উল্লেখযোগ্য যে সমগ্ৰ নগাঁৱত কেৱল মাত্ৰ এটি বৈদুত্যিক সংমণ্ডলে বিদ্যুতৰ সা-সুবিধা প্ৰদান কৰি থকাত প্ৰাকৃতিক দুৰ্যোগ অথবা অন্য বিশেষ কাৰণত বিদ্যুতৰ বাবে বহু সময়ত অসুবিধাৰ সন্মুখীন হবলগীয়া হোৱা কথাটো নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই গুৰুত্ব প্ৰদান কৰে৷
তাৰ পৰিপ্ৰেক্ষিতত অসম শক্তি বিতৰণ কোম্পানীৰ বিষয়ববীয়া সকলৰ লগত বিধায়ক গৰাকীয়ে সঘন যোগাযোগ ৰক্ষা কৰিছিল যদিও নগাঁও চহৰৰ মাজত পোনপ্ৰথমে এটি বিদুত্যৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিবলৈ প্ৰয়োজনীয় ভূমিৰ নাটনি হৈছিল৷
পিছলৈ বিধায়ক ৰূপক শৰ্মাই মধুপুৰৰ শ্মশান কমিটিৰ লগত আলোচনা কৰি শ্মশানখনৰ ভূমিত বিদ্যুতৰ নিয়ন্ত্ৰণ কক্ষটিৰ স্থাপন কৰাৰ কথা আলোচনা কৰি নগাঁও সংমণ্ডলৰ অধীনত বৈদুত্যিক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে৷
সেই অনুসৰিয়ে নগাঁৱৰ সংমণ্ডলৰ অধীনত মধুপুৰত সংযোজিত হ’ল এটি বৈদুত্যিক নিয়ন্ত্ৰণ কক্ষ৷ বুধবাৰে বিয়লি নতুনকৈ নিৰ্মাণ কৰা বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই।
উদ্ধোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম শক্তি বিতৰণ কোম্পানীৰ নগাঁও সংমণ্ডলৰ মুখ্য প্ৰবন্ধক অভিজিত শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি বিধায়ক শৰ্মাই কয় যে নগাঁও বাসীৰ বাবে সুখবৰ।
এতিয়াৰ পৰা লোড শ্বেডিং আৰু কম ভলটেজৰ সমস্যাৰ পৰা নগাঁও চহৰবাসীৰ লগতে পাৰ্শ্বৱৰ্তী ৰাইজে বহুখিনি পৰিত্ৰাণ পাব। নৱনিৰ্মিত বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষটিৰ জৰিয়তে চহৰবাসীয়ে উন্নত বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হ’ব।
নগাঁও চহৰৰ বিভিন্ন স্থানত থকা শ্মশানৰ ওপৰঞ্চি ভূমি শ্মশান কমিটিৰ সন্মতি সাপেক্ষে লৈ সেই ভূমিত ৰাইজৰ সুবিধাৰ্থে পানী যোগান আঁচনি, বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছো৷ মধুপুৰতো বৈদ্যুতিক নিয়ন্ত্ৰণ কক্ষটি স্থাপন কৰিবলৈ ভূমিৰ অভাৱ হোৱাত মধুপুৰ শ্মশান কমিটিৰ সৈতে আলোচনা কৰিছিলো। আৰু মধুপুৰ শ্মশান কমিটিয়ে বৈদুত্যিক নিয়ন্ত্ৰণ কক্ষটি নিৰ্মান কৰিবলৈ ভূমি প্ৰদান কৰিছিল।
এই মহৎ কাৰ্যৰ বাবে বাবে কমিটীৰ বিষয়ববীয়াসকলক বিধায়ক শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে। লগতে বিধায়ক শৰ্মাই মধুপুৰ শ্মশানৰ পথটিত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিবলৈও বিদ্যুৎ সংমণ্ডলৰ বিষয়ববীয়া সকলক আহ্বান জনায়৷সভাত অসম শক্তি বিতৰণ কোম্পানীৰ মহাপ্ৰবন্ধক বিজয় শংকৰ বৰুৱা উপস্থিত থাকি কয় যে,নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ বাবে নতুনকৈ মধুপুৰত বৈদুত্যিক নিয়ন্ত্ৰণ কক্ষটি নিৰ্মাণ কৰিবলৈ সক্ষম হ’লো।
লগতে অনাগত সময়ত বিধায়কগৰাকীক আৰু ভূমি দিয়াত সহায় কৰিলে আৰু কেইবাটাও বৈদুত্যিক নিয়ন্ত্ৰণ কক্ষ নগাঁৱত নিৰ্মাণ কৰিব বুলিও সভাত উপস্থিত ৰাইজক জানিবলৈ দিয়ে।
উদ্ধোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাখনত অসম শক্তি বিতৰণ কোম্পানীৰ মহাপ্ৰবন্ধক বিজয় শংকৰ বৰুৱা, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা, বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যবাহী বিষয়া প্ৰাঞ্জল কটকী, সহকাৰী মহাপ্ৰৱন্ধক স্বপন দাস, উপ-সংমণ্ডল বিষয়া সিদ্ধান্ত পৰ্ণ শইকীয়া,মধুপুৰ শ্মশান কমিটিৰ সভাপতি বলীন শইকীয়া, পৌৰ আয়ুক্ত অলকমণি ভট্টাচাৰ্য্যকে প্ৰমূখ্য কৰি বিশিষ্ট ব্যক্তিসকল আৰু বিদ্যুৎ বিভাগৰ বিষয়া, কৰ্মচাৰীসকল উপস্থিত থাকে।

