অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SBI-ITF Junior Tennis: এছবিআই-আইটিএফ জুনিয়ৰ টেনিছত অসমৰ প্ৰত্যাহ্বান সমাপ্ত

Spread the love

এছবিআই-আইটিএফ জুনিয়ৰ টেনিছঃ অসমৰ প্ৰত্যাহ্বান সমাপ্ত

ল’ৰা-ছোৱালীৰ এককৰ কোৱাৰ্টাৰত শীৰ্ষ বাচনিৰ আৰাধ্য-আলবিনা

DD TIMES গুৱাহাটী, ২০ নৱেম্বৰঃ শীৰ্ষ বাচনিৰ দুই খেলুৱৈ ভাৰতৰ আৰধ্যা ক্ষিতিজ আৰু কাজাখস্তানৰ আলবিনা কাকেনোভে চলিত এছবিআই-আইটিএফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ ল’ৰা-ছোৱালীৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷

বিপৰীতে মহানগৰীৰ চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰকল্পত চলি থকা প্ৰতিযোগিতাখনৰ এককত অসমৰ প্ৰত্যাহ্বান সমাপ্ত হৈছে৷ বুধবাৰে অনুষ্ঠিত ছোৱালীৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অসমৰ অন্তিম আশা শ্বেৰী শৰ্মা ৩-৬, ৬-৭ৰ পোনপটিয়া ব্যৱধানত এলীনা ফৰিদৰ বিৰুদ্ধে পৰাস্ত হৈ বিদায় লয়৷

ইফালে, সৰ্বভাৰতীয় টেনিছ সন্থা [আইটা] আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন [আইটিএফ] ৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ ল’ৰা আৰু ছোৱালীৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলিষ্ট নিশ্চিত হৈছে৷

সেই অনুসৰি কাইলৈ হ’বলগা কোৱাৰ্টাৰ ফাইনেল খেলিবলৈ কৰ্টত নামিব ল’ৰাৰ শাখাত আদিত্য মোড়, প্ৰণীল শৰ্মা, মন§ন অশোক আগৰৱালা, প্ৰতীক শ্বেৰণ, তনুষ ঘিলদিয়াল, আৰাধ্য ক্ষিতিজ, ওম পেটেল আৰু প্ৰকাশ ছাৰণে৷

আনহাতে, শ্ৰীনীতি চৌধুৰী, সতীমা টৰেগেন, শৈৱী গৌৰৱ দলাল, আলবিনা কাকেনোভা, এঞ্জেল পেটেল, জেনচী দিপাকভাই কানাবৰ, ডিনাৰা ডি ছিলভা আৰু এলীনা ফৰিদে ছোৱালীৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলিব৷

ইফালে, বুধবাৰে হোৱা ল’ৰাৰ ডাবলচ শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়ৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছে আদিত্য মোড় আৰু প্ৰণীল শৰ্মা যুটি তথা তনুষ ঘিলদয়াল আৰু আৰাধ্য ক্ষিতিজে৷

ডাবলচৰ অন্য কোৱাৰ্টাৰ ফাইনেল লাইটৰ পোহৰত চলি আছে৷ কাইলৈ ল’ৰা-ছোৱালী উভয়ৰে ডাবলচৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!