Building a strong India: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূল উদ্দেশ্যই হৈছে এখন শক্তিশালী ভাৰত গঢ়ি তোলাঃ মোহন ভাগৱত
গুৱাহাটীত যুৱ নেতৃত্ব সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱত
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূল উদ্দেশ্যই হৈছে এখন শক্তিশালী ভাৰত গঢ়ি তোলাঃ মোহন ভাগৱত

DD TIMES গুৱাহাটী, ২০ নৱেম্বৰঃ পূৰ্ব নিৰ্ধাৰিত ধাৰণা তথা উদ্দেশ্য প্ৰণোদিত প্ৰচাৰৰ আধাৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক লৈ কোনোধৰণৰ সিদ্ধান্তত উপনীত নহ’বলৈ যুৱ শক্তিলৈ আহ্বান ৰাষ্টীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা° মোহন ভাগৱতৰ।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা সৰসংঘচালকগৰাকীয়ে বুধবাৰে গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত এক যুৱ নেতৃত্ব সন্মিলনত অংশগ্ৰহণ কৰি অঞ্চলটোৰ যুৱ সমাজক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক ওচৰললৈ আহি নিৰীক্ষণ আহ্বান জনায়।
সমাজৰ বিভিন্ন ক্ষেত্ৰৰ তিনি শতাধিক যুৱ প্ৰতিনিধিক সম্বোধন কৰি সৰসংঘচালক ডা° মোহন ভাগৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নীতি-আদৰ্শ-কৰ্মৰাজিৰ লগতে সংঘক লৈ চলি থকা চৰ্চা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

নিজৰ বক্তব্যৰ পাতনি মেলি সৰসংঘচালক গৰাকীয়ে কয় যে, সংঘ বৰ্তমানে এক চৰ্চাৰ বিষয়। “কিন্তু, যি চৰ্চা হয় সেইয়া সত্য তথ্যৰ ভিত্তিত হোৱা উচিত”- মন্তব্য সৰসংঘচালক গৰাকীৰ।
তথ্যৰ উৎসৰ ক্ষেত্ৰত মন্তব্য কৰি তেওঁ কয় যে, বৰ্তমানে উইকিপিডিয়াকে ধৰি একাংশ উৎসত সংঘ সম্পৰ্কীয় উপলব্ধ তথ্যৰ ৫০ শতাংশই ভুল অথবা অসম্পূৰ্ণ। “ইচ্ছাকৃতভাবে সংঘ সন্দৰ্ভত অপপ্ৰচাৰ মিডিয়াত চলি আছে।”
কণ্ঠশিল্পী শৰৎ ৰাগৰ দেশভক্তিমুলক গীতৰ মাজেৰে আৰম্ভ হোৱা অনুষ্ঠানটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সমাজৰ বাবে সংঘক বুজি পোৱাৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে চিহ্নিত হৈছে। “যুৱ নেতৃত্ব সন্মিলনী”ত সৰসংঘচালক ডা° ভাগৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূল লক্ষ্য আৰু উদ্দেশ্য বৰ্ণন কৰে।
সংঘৰ প্ৰতিষ্ঠাপক ডা° কেশৱ বালিৰাম হেডগেৱাৰৰ প্ৰসংগেৰে তেওঁ কয়- সংঘৰ মূল উদ্দেশ্যই হৈছে ভাৰতক বিশ্ব গুৰুৰ আসনত প্ৰতিষ্ঠা কৰোৱা। একমাত্ৰ সমাজৰ উত্থানতহে ৰাষ্ট্ৰৰ উত্থান সম্ভৱ বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়,“একতা আৰু গুণৱত্তা সম্পন্ন এখন সমাজ তৈয়াৰ হ’লেহে ৰাষ্ট্ৰৰ উত্থান সম্ভৱ হ’ব।”
এইক্ষেত্ৰতে উন্নত দেশসমূহৰ ইতিহাস অধ্যয়নৰ বাবে আহ্বান জনাই তেওঁ আঙুলিয়াই দিয়ে, এই দেশসমূহে উন্নতিৰ শিখৰলৈ যোৱাৰ প্ৰাৰম্ভিক এশটা বছৰ নিজ নিজ সমাজখনক একতা আৰু গুণৱত্তাৰ আধাৰত বিকশিত কৰিছিল। “ভাৰতৰ সমাজো তেনে হ’ব লাগে”- তেওঁ কয়।
সৰসংঘচালক ডা°মোহন ভাগৱতে এই মন্তব্যৰ প্ৰতিফলন ঘটিছে শত বৰ্ষ পুৰ্তি উপলক্ষ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই গ্ৰহন কৰা পঞ্চ পৰিবৰ্তনৰ কৰ্মসূচীত।
আনহাতে, ৰাষ্ট্ৰ হিচাপে ভাৰতৰ মহানতাৰ আঁৰত ভাৰতত দেখা পোৱা ভাষা, প্ৰান্ত, বিশ্বাসৰ বিবিধতাক সন্মান আৰু স্বীকাৰ কৰাৰ পৰম্পৰাক আগস্থান দিয়ে সৰসংঘচালক গৰাকীয়ে। “বিচিত্ৰতাক সন্মান দিয়াৰ ভাৱধাৰা অন্য দেশত নাই”-বুলি তেওঁ মন্তব্য কৰে। “কিন্তু, ভাৰতত বিভিন্নতাক লৈ প্ৰচলিত ভাৱধাৰা হ’ল- মোৰটো শুদ্ধ। কিন্তু, তোমাৰ স্থানত তুমিও শুদ্ধ।”
এইক্ষেত্ৰত ভাৰতৰ পৰা পৃথক হোৱা সকলে বিবিধতা হেৰুৱাই পেলোৱা বুলি উল্লেখ কৰি পাকিস্তানত পাঞ্জাবী আৰু সিন্ধীভাষী সকলে উৰ্দু ভাষা ব্যৱহাৰ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰে।
৷এই বিবিধতাক সন্মান কৰা সকলেই হিন্দু বুলি উল্লেখ কৰি তেনে হিন্দু সমাজক একত্ৰিত কৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লক্ষ্য বুলি দোহাৰে। “যেতিয়ালৈকে ভাৰতৰ সমাজ সংগঠিত আৰু গুণবান নহয়, ভাৰতৰ ভাগ্য সলনি নহয়।” গুৰু নানক, শ্ৰীমন্ত শংকৰদেৱ আদি যুগনায়ক সকলেও নিজৰ কৰ্মৰাজিৰে ভাৰতৰ এই বিচিত্ৰতাক সন্মান জনাই একতাৰ বাণী বিলাই যোৱাৰ প্ৰসংগ তেওঁ উল্লেখ কৰে। “বিভিন্নতা একতাৰ উদ্যাপন”- তেখেতে উল্লেখ কৰে।
গুৱাহাটী মহানগৰৰ বিভিন্ন ক্ষেত্ৰৰ যুৱ নেতৃত্বই অংশ লোৱা সন্মিলনত সৰসংঘচালক ভাগৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এটা সু-মানৱ প্ৰস্তুতিকৰণ প্ৰণালী বুলি এক সাৱলীল বাখ্যা আগবঢ়ায়।
সংঘৰ উদ্দেশ্য হৈছে স্থানীয় পৰ্যায়ত অ-ৰাজনৈতিক, সামাজিক নেতৃত্ব সৃষ্টি কৰা। “ব্যক্তি নিৰ্মাণেই সমাজ পৰিবৰ্তন কৰিব আৰু সমাজ পৰিবৰ্তন হ’লেই ব্যৱস্থাৰ পৰিৱৰ্তন হ’ব।” সংঘৰ শাখাসমূহৰ কাৰ্যসূচীত কেনেদৰে ব্যক্তিৰ গুণৱত্তাৰ উত্তৰণত গুৰুত্ব দিয়া হয় তাৰ অভিজ্ঞতা ল’বলৈ তেওঁ যুৱশক্তিক আহ্বান জনায়।
প্ৰশ্নোত্তৰৰ মাজেৰে আন্তৰিক আলাপৰ সময়তো সৰসংঘচালক ডা° ভাগৱতে দুৰ্নীতি-ভ্ৰষ্টাচাৰ একমাত্ৰ মানুহৰ চৰিত্ৰ নিৰ্মাণেৰে হে সমাপ্ত কৰিব পৰা যাব বুলি মন্তব্য কৰে। একেদৰে, আইনৰ জৰিয়তে গোৰক্ষাৰ লগে লগে সমাজত বৈজ্ঞানিকভাৱে গো পালন হ’লেহে প্ৰকৃত অৰ্থত গোৰক্ষা হ’ব বুলি তেওঁ মন্তব্য কৰে। তদুপৰি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মূল উদ্দেশ্যই হৈছে এখন শক্তিশালী ভাৰত গঢ়ি তোলা। “ভাৰতৰ হকে” নীতিৰে নিজৰ দেশক শক্তিশালী কৰাৰ গত্যন্তৰ নাই বুলিও তেওঁ উল্লেখ কৰে।
সময়, ৰুচি আৰু ক্ষমতা অনুসৰি সংঘৰ কাম-কাজত ব্ৰতী হ’বলৈ যুৱ শক্তিক আহ্বান জনাই সৰসংঘচালক গৰাকীয়ে স্পষ্ট কৰি দিয়ে – ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ সমাজৰে এটা অংশ। উত্তৰ পূৰ্বাঞ্চলতো সংঘৰ ভেটি ক্ৰমান্বয়ে সূদৃঢ় হোৱা বুলি সৰসংঘচালক ভাগৱতে উল্লেখ কৰে।

