অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NALBARI: বৰাখাটত শিক্ষণ শিকন সঁজুলি প্ৰতিযোগিতা

Spread the love

বৰাখাটত শিক্ষণ শিকন সঁজুলি প্ৰতিযোগিতা

DD TIMES নলবাৰী, ২০ নৱেম্বৰঃ পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৩৭নং উত্তৰ পূব ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰ ১ আৰু ২ৰ বিদ্যালয়সমূহৰ মাজত সাক্ষৰতা আৰু সাংখ্যিকতা বিষয়ৰ শিক্ষণ শিকন সঁজুলি (TLM)ৰ প্ৰতিযোগিতা এখন কালি অনুষ্ঠিত হয়।

প্ৰতিযোগিতাৰ উপৰি শিক্ষণ শিকন সঁজুলিৰ প্ৰদৰ্শনী এখনো অনুষ্ঠিত হয়।

বৰাখাট প্ৰাথমিক বিদ্যালয়ত কালি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ঘোষিত ফলাফল ৩৭নং উত্তৰ পূব ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰ নম্বৰ ১ৰ বিদ্যালয়সমূহৰ ভিতৰত সাক্ষৰতা বিষয়ত প্ৰথম স্থান উত্তৰ বাউসীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰে ২২৭নং বালিজাৰ প্ৰাথমিক বিদ্যালয়ে।

সাংখ্যিকতা বিষয়ৰ শিক্ষণ শিকন সঁজুলিৰ প্ৰতিযোগিতাত ৬২৫নং খাৰশিঠা প্ৰাথমিক বিদ্যালয় প্ৰথম হোৱাৰ বিপৰীতে উত্তৰ বাউসীয়াপাৰা প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় স্থান লাভ কৰে।

আনহাতে, ৩৭নং উত্তৰ পূব ধৰ্মপুৰ মণ্ডল সমল কেন্দ্ৰ নম্বৰ ২ৰ বিদ্যালয়সমূহৰ ভিতৰত সাক্ষৰতা বিষয়ত প্ৰথম বৰাখাট প্ৰাথমিক বিদ্যালয় আৰু দ্বিতীয় ১৪১নং মুলাৰকুছি প্ৰাথমিক বিদ্যালয় হোৱাৰ উপৰি সাংখ্যিকতা বিষয়ত প্ৰথম স্থান স্বৰ্গীয় আফতাব আলী প্ৰাথমিক বিদ্যালয়ে আৰু দ্বিতীয় স্থান ১৪১নং মুলাৰকুছি প্ৰাথমিক বিদ্যালয়ে লাভ কৰে বুলি সংশ্লিষ্ট মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আব্দুল দিল আহমেদ আৰু জয়ন্ত ডেকাই আজি জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!