অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ROI ROI BINALE: ‘ৰৈ ৰৈ বিনালে’ আমেৰিকাৰ মিছিগানৰ ডে ট্ৰাইটৰ ছৱিগৃহত প্ৰিমিয়াৰ শ্ব’ উপভোগ জুবিন গাৰ্গ অনুৰাগীৰ

Spread the love

‘ৰৈ ৰৈ বিনালে’ আমেৰিকাৰ মিছিগানৰ ডে ট্ৰাইটৰ ছৱিগৃহত প্ৰিমিয়াৰ শ্ব’ উপভোগ জুবিন গাৰ্গ অনুৰাগীৰ

DD TIMES নগাঁও, ১৯ নৱেম্বৰঃ ঈশ্বৰ পুত্ৰ তথা অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ সমগ্ৰ বিশ্বতে সমাদৃত হোৱা পৰিলক্ষিত হৈছে।

ৰাজ্যখনৰ লগতে সমগ্ৰ ভাৰত বৰ্ষৰ পৰিধি নেওচি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছিগানটো ‘ৰৈ ৰৈ বিনালে’ কথাছবিখন উপভোগ কৰিলে জুবিন গাৰ্গ অনুৰাগী সকলে।

১৬ নৱেম্বৰত মিছিগানৰ ডে ট্ৰাইট অঞ্চলৰ ইমাজিন চিনেমা ছবি গৃহত আত্মপ্ৰকাশ কৰে বহু প্ৰত্যাশিত ছবি ‘ৰৈ ৰৈ বিনালে’। এই বিশেষ প্ৰদৰ্শনে ৰাজ্যখনৰ অসমীয়াৰ লগতে ওচৰৰ অঞ্চলৰ লোককো জুবিন গাৰ্গৰ শেষ অন-স্ক্ৰীন উপস্থিতি উপভোগ কৰাৰ এক অপূৰ্ব সুযোগ প্ৰদান কৰিলে।

কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ অন্তিম ছবিখনক উপভোগ কৰিবলৈ উপস্থিত হয় মিছিগানৰ লগতে চুবুৰীয়া ৰাজ্য ইলিনয়, অহাইঅ, পেনচিলভিনিয়াকে ধৰি কানাডাৰ অন্টাৰিঅ’ৰ বিভিন্ন অসমীয়া লোক। কাৰ্যক্রমৰ আৰম্ভণি হৈছিল এভ্যৰ্থনৰ্থা অনুষ্ঠান “মিট-এণ্ড-গ্ৰিট”ৰে।

জুবিন গাৰ্গৰ গীত, অৱদান,তেওঁৰ লগত হোৱা সান্নিধ্য ইত্যাদি ভাবৰ আদান প্ৰদান আৰু ৰসাল কাহানীৰে পৰি পূৰ্ণ এই অনুষ্ঠানে সকলোকে আৱেগি কৰি তুলিছিল। তাৰ পিছত জুবিন গাৰ্গৰ স্মৃতিত অত্যন্ত সংক্ষিপ্ত আৰু গম্ভীৰভাৱে এক শ্রদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছিল।

উপস্থিতসকলে তেওঁলোকৰ প্ৰিয় শিল্পীৰ শান্তি -লাভৰ কামনাৰে প্ৰাৰ্থনা আগবঢ়াইছিল। প্ৰিয় তাৰকাগৰাকীক সন্মান জনোৱাৰ বাবে জুবিন গাৰ্গৰ বাবে এখন আসন উচৰ্গা কৰা হৈছিল, য’ত তেওঁৰ প্ৰিয় বস্তসমূহ সজাই থোৱা আছিল।

হাতে বোৱা গামোচা, জনজাতীয় স্কাৰ্ফ, আৰু গামোচাৰ নক্সাৰে শোভিত টুপি, যিয়ে উপস্থিত অতিথি বৃন্দক দি ছিল জুবিন গাৰ্গৰ উপস্থিতিৰ এক নিবিড় অনুভৱ।

প্ৰদৰ্শন শেষ হোৱাৰ পিছত চিকাগোৰ তৃষ্ণালি নেওগৰ পৰিচালনাত এক উষ্মা-ভৰপূৰ Q&A অনুষ্ঠান অনষ্ঠিুষ্ঠিত হ’ল য’ত বিভিন্ন দৰ্শকে জুবিন গাৰ্গক সোঁৱৰি চকুলো টুকে তথা ছবিখন চাই হোৱা অভিজ্ঞতাৰ অনভুৱ অভি ব্যক্ত কৰে।

এই কথাছবি প্ৰদৰ্শনটো আয়োজন কৰিছিল জুবিন গাৰ্গৰ আগ্ৰহী অনুৰাগী আৰু Assam Association of Michigan (AAMI)ৰ সক্রিয় সদস্যসকলে। এই প্ৰচেষ্টাত সহযোগিতা কৰিছি ল OAKOKHO (অআকখ)—অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰলৈ নিয়োজিত এক নন-প্ৰফিট সংগঠনে।

চিৰঞ্জিত বৰদলৈ, আশাপূৰ্ণা শৰ্মা, অংশুমান গোস্বামী আৰু বিশাল শর্মা‌ই অনুষ্ঠানটোৰ প্ৰচাৰ, পৰিচালনা, পৰিকল্পনা আৰু যোগাযোগৰ দায়িত্ব গ্ৰহণ কৰিছিল।


AAMI (আমি ) AAMI হৈছে সম্প্ৰদায়ৰ মনোভাৱত গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতি বদ্ধ এটা উৎসাহী গোট। আয়োজক সকল অত্যন্ত আশাবাদী যে এই প্ৰদৰ্শনটো এই অঞ্চলত বহুতো অসমীয়াৰ ছবি প্ৰদৰ্শনৰ পথ মুকলি কৰিলে।

জুবিন গাৰ্গৰ অসমীয়া চিনেমাৰ প্ৰতি থকা দৃষ্টি কোণৰ সৈতে তেওঁলোকৰ মাজত এক বৃহৎ ঘৰুৱা-আন্তঃৰাষ্ট্ৰীয় দৰ্শক আকৰ্ষণ কৰা, আৰু তেওঁলোকে বিশ্বৰ এই অংশত অসমীয়া ছবিৰ প্ৰচাৰ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!