অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Elephants are Friends: দুশ বিঘা মাটিত বনৰীয়া হাতীৰ বাবে ধান খেতি কৰিছে ‘হাতী বন্ধু’য়ে

Spread the love

হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ‌ ‘হাতী বন্ধু’য়ে ২০১৮ চনৰ পৰা চলাইছে নিৰন্তৰ প্ৰচেষ্টা

দুশ বিঘা মাটিত বনৰীয়া হাতীৰ বাবে ধান খেতি কৰিছে ‘হাতী বন্ধু’য়ে

নগাঁও কাৰ্বি আংলং সীমান্তৰ হাতীখলি ৰংহাং গাঁৱত লোৱা হৈছে এই পদক্ষেপ

পকা ধান খাই জনাঞ্চলত প্ৰবেশ কৰা নাই সৰহ সংখ্যক বন্যহস্তীয়ে

DD TIMES চামগুৰি, ১৯ নৱেম্বৰঃ অসমৰ ভিন্ন প্ৰান্তত এতিয়া হস্তী-মানুহৰ সংঘাত অব্যাহত আছে। কিন্তু তাৰ বিপৰীতে নগাওঁ কাৰ্বি আংলং সীমান্তৰ হাতীখলিৰ ৰংহাং গাৱঁত দেখিবলৈ পোৱা গৈছে এক বিপৰীত ছবি।

কিয়নো যিটো সময়ত বন্য হস্তী বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি চহা কৃষক সকলৰ সপোনৰ খেতি পথাৰ অনিষ্ট কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি ধ্বংস কৰিছে। ঠিক সেই সময়তে হতিখলিৰ ৰং-হাং গাৱঁত “হাতী বন্ধু” নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিগত ৯ বছৰ ধৰি বন্য হস্তীৰ বাবে ধান খেতি কৰি আহিছে।

বিগত ২০১৮ চনৰ পৰা নিৰৱিচ্ছিন্ন ভাৱে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত চাপানালাৰ প্ৰকৃতি প্ৰেমিক যুৱক বিনোদ দুলো বৰা আৰু পত্নী মেঘনা ময়ুৰ হাজৰিকাৰ প্ৰচেষ্টাত হতিখলিৰ ৰং-হাং গাৱঁৰ ৰাইজৰ সহযোগত ২০০ বিঘা মাটিত ধান খেতি কৰাৰ লগতে প্ৰায় ৮০০ৰ পৰা ৯০০ বিঘা মাটিত বন্য হস্তীয়ে খায় ভাল পোৱা নেপিয়াৰ ঘাঁহ, ঔটেঙা, কুম্ভিৰ,কঁঠাল গছ ইত্যাদি ৰোপন কৰি হাতী মানুহৰ সংঘাত ৰুধৰ চেষ্টা চলাই আহিছে।

হাতী বন্ধুৰ উদ্যোগত ৰংহাং গাৱঁত হাতীৰ বাবে কৰা ধান খেতিত প্ৰায় তিনি শতাধিক হাতীক আৱদ্ধ কৰিবলৈ সক্ষম হৈছে। হাতীৰ বাবে কৰা ধান খেতি খাই থাকোতেই ভৈয়ামৰ কৃষকে চপাবলৈ আৰম্ভ কৰিছে নিজৰ কৃষিভূমিত কৰা ধান‌ খেতি।

এফালে হাতীৰ বাবে কৰা ধান খেতি বনৰীয়া হাতীয়ে খাই থকাৰ বিপৰীতে কৃষকেও চপাইছে পথাৰৰ পকা ধান।এই প্ৰচেষ্টাৰ বাবে হাতী বন্ধুক অসম চৰকাৰে “অসম গৌৰৱ” উপাধিৰে বিভূষিত কৰিছিল।

বৰ্তমান সময়ত বনৰীয়া হাতীৰ জাকে ঠায়ে ঠায়ে দিনে নিশাই উপদ্ৰৱ অব্যাহত ৰখাৰ লগতে আজি এটা বনৰীয়া হাতীয়ে দিনৰ ভাগতে নগাঁও জিলাৰ বামুনীত এজন লোকক আক্ৰমন কৰাত লোক জনৰ ঠিতাতে মৃত্যু হয়।

এনেদৰে ঠায়ে ঠায়ে উপদ্ৰৱ অব্যাহত ৰাখিলেও সৰহ সংখ্যক বনৰীয়া হাতীয়ে নিদিষ্ট স্থানত হাতীৰ বাবে কৰা ধান খেতি খাই আবদ্ধ হৈ থকাত হাতীৰ উপদ্ৰৱ বহু পৰিমাণে নিয়ন্ত্ৰনত আছে।

জনসংখ্যা বৃদ্ধিৰ ফলত বন ভূমিৰ পৰিমান কমি অহাৰ বাবে খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ জাকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপদ্ৰৱ চলাই মানুহৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

এনেক্ষেত্ৰত হাতী বন্ধুৰ দৰে সংগঠনে হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা বিষয়টোত চৰকাৰে গুৰুত্ব আৰোপ কৰা উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!