অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Wild elephant attack in Bamuni: বামুণীত দিন দুপৰতে বন্যহস্তীৰ আক্ৰমণ

Spread the love

বামুণীত দিন দুপৰতে বন্যহস্তীৰ আক্ৰমণত এজন নিহত : দুজনী গাভিনী গাহৰিৰ মৃত্যু

ঘৰ-দুৱাৰ লণ্ডভণ্ড, গাড়ী, মটৰ চাইকেলৰ ক্ষতিসাধন

DD TIMES বঢ়মপুৰ, ১৯ নৱেম্বৰঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তথা কঠীয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ বামুণী দলৈগাঁৱত মঙলবাৰে পুৱা ভাগতে এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ উপদ্ৰৱত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ উপৰি দুজনী গাভিনী গাহৰিৰ মৃত্যু হয়। স্থানীয় লোকৰ পৰা জানিব পৰা মতে, পুৱা ভাগত পাহাৰৰ পৰা খাদ্যৰ সন্ধানত অহা অকলশৰীয়া হাতীটোৱে বামুণী দলৈগাঁৱত উগ্ৰ ৰূপ ধাৰণ কৰে।

হাতীৰ উপদ্ৰৱত অজয় পাটৰ, পুতুল ইংতি আৰু গকুল কৰ্মকাৰ নামৰ তিনিজন লোকৰ ঘৰ, বাচন-বৰ্তন, গছ-গছনি আদি ভাঙি-ছিঙি লণ্ডভণ্ড কৰে।

ইয়াৰ মাজতে হাতীটোৱে এ এছ ০২ এ কিউ ৫৮৭৪ নম্বৰৰ এখন বগা ৰঙৰ গাড়ী আৰু এ এছ ০২ এ ওৱাই ৭১১৮ নম্বৰৰ এখন মটৰ চাইকেলৰ ক্ষতিসাধন কৰে।

এনে অৱস্থাত অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ মাজতে নগাঁও চহৰৰ নিকটৱৰ্তী ওপৰ ডিমৰুগুৰি নিবাসী সাধন দাস নামৰ প্ৰায় ৫৮ বছৰীয়া এজন লোক কোনো কামৰ বাবে গৈ উক্ত স্থানত উপস্থিত হোৱাত তেওঁকো হাতীটোৱে আক্ৰমণ কৰাত গুৰুতৰ ভাবে আহত হয় আৰু পিছত স্থানীয় লোকৰ সহযোগত তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু হয়।

ইফালে, হাতীৰ আক্ৰমণৰ বিষয়ে খবৰ পাই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত কৰিছে। শেহতীয়াকৈ জনা মতে, গাঁওখনৰ কিছু নিলগতে অৱস্থান কৰি থকা উন্মত্ত হাতীটোৱে যি কোনো সময়তে আক্ৰমণ কৰাৰ আশংকাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে।

উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোত প্ৰতি বছৰে বন্যহস্তীৰ এনে উপদ্ৰৱৰ ঘটনা সংঘটিত হৈ আহিছে যদিও আজিকোপতি স্থায়ী সমাধান হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!