Remembering Zubeen Garg on his birthday: উৰিয়াগাঁৱত জুবিন গাৰ্গক জন্মদিনত স্মৰণ
উৰিয়াগাঁৱত আছুৰ উদ্যোগত জুবিন গাৰ্গৰ জন্মদিন উদযাপন

DD TIMES বঢ়মপুৰ, ১৮ নৱেম্বৰঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিনটো অসমৰ উপৰি দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে।
জুবিনৰ সৃষ্টিৰেই তেওঁক ওপজা দিনত অনুৰাগীসকলে উপহাৰ দিবলৈ চেষ্টা কৰিছে।
নগাঁও জিলাৰ উৰিয়াগাঁও ৰাজহুৱা খেলপথাৰ প্ৰাংগণতো এই উপলক্ষে আজি জুবিন গাৰ্গৰ গীতৰ এখনি প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰতিযোগিতাখনি উদ্বোধন কৰে কণ্ঠশিল্পী কৃষ্ণমণি নাথে। শতাধিক প্ৰতিযোগীৰ কন্ঠত প্ৰাণ পাই উঠে প্ৰাণৰ শিল্পীগৰাকীৰ এটাৰ পিছত আনটো চিৰসেউজ গান।
উল্লেখ্য যে, প্ৰতিযোগিতা খনত বিচাৰকৰ আসন অলংকৃত কৰে জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আৰু গীতিকাৰ, সুৰকাৰ তথা সংগীত পৰিচালক মৃনালকান্তি মেধিয়ে।
অনুষ্ঠানটিত বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় জুবিন গাৰ্গৰ সৈতে বিগত তিনিটা দশক বাদ্য সংগত কৰা সহযোগী ৰাজা বৰুৱাকো।
অঞ্চলটোৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে জুবিন গাৰ্গৰ ওপজা দিনত লৈ আয়োজন কৰা এই অনুষ্ঠানত।

