The only word is thief: ৰাহুল গান্ধীৰ বিফল শ্লোগান শব্দ “চোৰ”
ৰাহুল গান্ধীৰ বিফল শ্লোগান শব্দ “চোৰ”
DD TIMESত লিখিছে হিমাংশু পাঠকে

ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক প্ৰতিযোগিতা তীব্ৰৰ পৰা দুৰ্বললৈ গতি কৰা দেখিবলৈ পাইছোঁ। ভাৰতীয় ৰাজনীতিৰ অন্যতম ৰাজনৈতিক দল কংগ্ৰেছ দল। নিৰৱ মোডী, বিজয় মালিয়াৰ দৰে ধন্যাঢ্যই বিত্তীয় কেলেংকাৰীত নিজৰ নাম খোদিত কৰি দেশ এৰি পলায়ন কৰাৰ পিছত আমি লক্ষ্য কৰিছোঁ ২০২১ চনত কংগ্ৰেছ দলে নিৰ্বাচনী ৰণকৌশল হিচাপে “চকিদাৰ চোৰ হ্যে” নামেৰে শ্লোগান প্ৰচাৰ কৰিলে।
ইয়াৰ প্ৰত্যুত্তৰত বিজেপি দলে “ম্যে ভি চকিদাৰ হু” নামেৰে ওলোটা শ্লোগানেৰে জনপ্ৰিয় হোৱাহে দেখিলোঁ। লাহে লাহে সময় বাগৰিল আৰু ৰাহুল গান্ধীৰ জনপ্ৰিয়তা কমি অহা দেখা গ’ল। কংগ্ৰেছ দল যিহেতু জৱাহৰলাল নেহেৰু দ্বাৰা প্ৰতিষ্ঠাপন কৰা সেয়েহে তেখেতৰ পৰিয়ালৰ সদস্যই কংগ্ৰেছ দলৰ লেকাম হাতত ল’ব।
এইখিনিতে প্ৰশ্ন উঠে ৰাহুল গান্ধীক প্ৰধান মন্ত্ৰী পদৰ এজন নেতা হিচাপে কিয় গ্ৰহণ কৰা হ’ব নতুবা কিহৰ বাবে গ্ৰহণ কৰা নাই। আমি হয়তো পাহৰা নাই যে জৱাহৰলাল নেহেৰুই ইচ্ছাকৃত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ভাৰতখন ইন্দিৰা গান্ধীৰ হাতত অৰ্পণ কৰি দিছিল।
ইন্দিৰা গান্ধীক হত্যা কৰাৰ পিছত ৰাজীৱ গান্ধীক ভাৰতখন অৰ্পণ কৰি দিয়া হ’ল। ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত সন্তান দুজন শিশু হৈ থকাৰ বাবে ভাৰতক অৰ্পণ কৰিব নোৱাৰিলে।
কিন্তু ২০০৪ চনৰ নিৰ্বাচনত পুনৰ কংগ্ৰেছ শাসনলৈ অহাৰ পিছত ছোনীয়া গান্ধীক প্ৰধানমন্ত্ৰী পতাৰ বাবে যো-জা চলাৰ সময়তেই জ্যেষ্ঠ ৰাজনীতিবিদ ড° সুব্ৰমণিয়াম স্বামীয়ে সংবিধানৰ পিপুলচ্ এক্ট ১৯৫১ ৰ অনুচ্ছেদ অনুযায়ী কোনো বিদেশী নাগৰিকে নাগৰিকত্ব ল’লেও যে প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে সেই কথা উনুকিয়াই ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামক পত্ৰযোগে জনোৱাত ৰাষ্ট্ৰপতিয়ে ছোনীয়া গান্ধী প্ৰধানমন্ত্ৰী হোৱাত অনুমোদন নজনালে।
ফলত নিশাটোৰ ভিতৰতেই ড° মনমোহন সিঙৰ নাম প্ৰস্তাৱ কৰিবলগীয়া হৈছিল। পৰবৰ্তী সময়ত দেখিবলৈ পাইছিলোঁ কেনেকৈ ৰাজহুৱা ভাৱে ছোনীয়া আৰু ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মনমোহন সিঙক গুৰুত্বহীন কৰি সমালোচনাৰ পাত্ৰ হৈছিল। ৰাহুল গান্ধীৰ অপৰিপক্কতা তেতিয়াৰ পৰা আজিলৈকে দেখি আহিছোঁ।
আজি ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ নেতৃত্ব লৈ নিজকে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে ভাৰত ভ্ৰমণ কৰিয়েই আছে। কিন্তু লক্ষ্যনীয় বিষয়টো হ’ল তেওঁলোকৰ পৰিয়ালৰ সদস্যই প্ৰধানমন্ত্ৰী হ’বলৈয়েই জন্ম লোৱাৰ যি ধাৰা চলি আছিল সেই সৌভাগ্যই যেন ৰাহুল গান্ধীক সংগ দিয়া নাই।
ৰাহুল গান্ধীয়ে অন্ততঃ কোনোবা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ নিজৰ পাৰদৰ্শিতা দেখুৱাব আৰু বিশ্বাসযোগ্যতা স্থাপন কৰিব লাগিছিল। তাৰ পৰিবৰ্তে কেৱল দেশৰ প্ৰধানমন্ত্ৰী আৰু বিজেপি দলক চোৰ শ্লোগানেৰে শাসনলৈ আহিব পাৰিম বুলি ভাবি যি আখৰা চলালে সেই আখৰাক ৰাইজে প্ৰত্যাখ্যান কৰিছে।
বিহাৰ নিৰ্বাচনত তেজস্বী প্ৰতাপ যাদৱে ভাল জনপ্ৰিয়তা পাই থকাৰ সময়তে ৰাহুল গান্ধীয়ে প্ৰচাৰ চলোৱাৰ সময়ত ভোটচোৰ শ্লোগানেৰে বিহাৰ দখল কৰিবলৈ গৈ নিজৰ লগতে তেজস্বী প্ৰতাপ যাদৱকো দুবালে।
চকিদাৰ চোৰ হ্যে শ্লোগান দি যোৱাটো লোকসভাত বেয়াকৈ হাৰিল আৰু এতিয়া ভোটচোৰ শ্লোগানেৰে কংগ্ৰেছক যে এঢাপো আগুৱাই নিব পৰা নাই সেয়া আমি দেখি আছোঁ।

