অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

CHUTIA JATI MOHILA SANMILON: তিতাবৰত চুতীয়া জাতি মহিলা সন্মিলনৰ চুতীয়া জনগোষ্ঠীয় মহিলাৰ বিশাল সমাৰোহ

Spread the love

তিতাবৰত ‘সদৌ চুতীয়া জাতি মহিলা সন্মিলন, অসম’ৰ উদ্যোগত চুতীয়া জনগোষ্ঠীয় মহিলাৰ বিশাল সমাৰোহ সম্পন্ন

DD TIMES তিতাবৰ, ১৮ নৱেম্বৰঃ ‘সদৌ চুতীয়া জাতি মহিলা সন্মিলন, অসম’ৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত যোৱা ১৫ আৰু ১৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে তিতাবৰৰ বাঢ়ৈ কুকুৰাচোৱা ৰাজহুৱা খেলপথাৰত ৰাজ্যিক ভিত্তিত চুতীয়া জনগোষ্ঠীয় মহিলাৰ বিশাল সমাৰোহ অনুষ্ঠিত হয়।


উজনি অসমৰ সৌমাৰ খণ্ডৰ প্ৰায় ৬০০ খ্ৰীষ্টাব্দৰ পৰা ১৬০০ খ্ৰীষ্টাব্দৰ তৃতীয় দশকলৈ মহাপ্ৰতাপেৰে শাসন কৰা অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ বৈচিত্ৰময় চুতীয়া সংস্কৃতি সংৰক্ষণ, প্ৰদৰ্শন আৰু প্ৰচাৰৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ জিলাসমূহৰ চুতীয়া জনগোষ্ঠীৰ মহিলাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সমাৰোহৰ প্ৰথমদিনা পুৱা সন্মিলনৰ কাৰ্যকৰী সভানেত্ৰী গুণ চুতীয়াই মূল তোৰণ উন্মোচনৰ পিছত পতাকা উত্তোলন কৰে সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী জয়া বৰুৱাই।

সন্মিলনৰ প্ৰশাসনিক সাধাৰণ সম্পাদিকা অৰ্পণা চুতীয়াই বীৰাঙ্গনা সাধনী আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিৰ সন্মুখত স্মৃতি তৰ্পণ কৰাৰ পিছত বীৰাঙ্গনা সাধনীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে সম্পাদিকা কমলা শইকীয়াই।

সম্পাদিকা কমলা হাজৰিকাই ভোজনালয়ৰ দ্বাৰ মুকলি কৰাৰ পিছত সমাৰোহৰ মূল মঞ্চ উদ্বোধন কৰে সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা বৰ্ণালী চুতীয়াই।

দুপৰীয়া অনুষ্ঠিত হোৱা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে সন্মিলনৰ সম্পাদিকা কুমকুম বৰা আৰু নিকুমণি শইকীয়াই।

সন্ধ্যা সম্পাদিকা ৰিংকুমণি সাধনীৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে প্ৰথমদিনাৰ কাৰ্যসূচী সামৰণি পৰে। দ্বিতীয় দিনা পুৱা বাঢ়ৈবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঋতুপৰ্ণ হাজৰিকাই গছপুলি ৰোপণেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীৰ পিছত চুতীয়া সংস্কৃতি প্ৰদৰ্শনেৰে অঞ্চলটো পৰিভ্ৰমণ কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱাই।

দুপৰীয়া ‘সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসম’ৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী জয়া বৰুৱাৰ সভানেত্ৰীত্বত আৰু কাৰ্যকৰী সভানেত্ৰী অৰুণা বৰাই উদ্বোধন কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে লেখিকা জুৰি শইকীয়াই।

ভাষণ প্ৰসংগত চুতীয়া জনগোষ্ঠীৰ সুলেখিকা জুৰি শইকীয়াই কয় যে, অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়াসকলৰ নিজস্ব এটা সংস্কৃতি আছে; নিজৰ এটা ভাষা আছে। চুতীয়াসকলৰ ভাষাটো তেওঁলোকৰ পুৰোহিত দেউৰীসকলৰ মাজত এতিয়াও প্ৰচলিত। 

চুতীয়াসকলৰ নিজস্ব গীত-নৃত্য, স্থাপত্য শৈলী, খাদ্য, বস্ত্ৰ, ধৰ্ম আছে আৰু ধৰ্ম চৰ্চাৰ অৱহেলাত বৰ্তমান ধৰ্ম লুপ্তপ্ৰায় যদিও অন্যান্য ৰীতি-নীতি, পৰম্পৰা আজিও বিদ্যমান।

অসমৰ যোৰহাট , গোলাঘাট, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, কাৰ্বি আংলং আদি বিভিন্ন জিলাৰ পৰা অহা চুতীয়া জনগোষ্ঠীৰ কেইবা হেজাৰ মহিলাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত ভাষণ প্ৰদান কৰে ক্ৰমে ‘সদৌ চুতীয়া জাতি সন্মিলন, অসম’ৰ উপদেষ্টা অমিয় বৰা, ‘চুতীয়া যুৱ সন্মিলন অসম’ৰ মুখ্য উপদেষ্টা মোহন শইকীয়া, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আদিয়ে।

অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, তিতাবৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা দৈনিক গণ অধিকাৰ আৰু দৈনন্দিন বাৰ্তাৰ স্তম্ভ লেখক বিমান শইকীয়া, চুতীয়া জনগোষ্ঠীৰ কুণ্ডিল কোঁৱৰ বঁটা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ‘অসম কণ্ঠ’ বঁটা, শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰাপ্ত তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ কাৰ্যকৰী সভানেত্ৰী তথা চিচিবৰ বিধান সভা সমষ্টিৰ বলিষ্ঠ নেত্ৰী গুণ চুতীয়া, প্ৰশাসনিক সাধাৰণ সম্পাদিকা অৰ্পণা চুতীয়া, সম্পাদিকাত্ৰয় বৰ্ণালী চুতীয়া, ৰিংকুমণি সাধনী, কমলা শইকীয়া, যোৰহাটৰ বিশিষ্টা তথা নিৰ্ভীক সমাজসেৱিকা চিনুমণি বৰা আদিয়ে সন্মানিত অতিথিৰূপে আসন অলংকৃত কৰা বিশাল সমাৰোহত সদৌ চুতীয়া জাতি মহিলা সন্মিলন, অসম’ৰ সভানেত্ৰী জয়া বৰুৱাই উদাত্ত কণ্ঠে ভাষণ প্ৰদান কৰি কয় যে, ৰাজনৈতিক বিভাজন, সাংস্কৃতিক, সামাজিক বৈষম্য, আভ্যন্তৰীণ বিভেদমুখী প্ৰৱণতা, স্ব-পৰিচয়ৰ ক্ষেত্ৰত হীনমন্যতা আদিৰ বাবেই একালৰ গৌৰৱশালী শাসক জনগোষ্ঠী চুতীয়াসকলে সকলো দিশতে পিছপৰি থাকিবলগীয়া হৈছিল।

দীর্ঘদিন ধৰি অব্যাহত থকা চুতীয়াসকলৰ এই পশ্চাদমুখী অৱস্থাৰ পৰা উদ্ধাৰ কৰি জাতিটোক উত্তৰণৰ বাটলৈ লৈ যোৱাৰ বাবে তাহানিৰ দিনত কোনোধৰণৰ তৎপৰতা নাছিল।

কিয়নো আর্থ-সামাজিক তথা শৈক্ষিক দিশত একেবাৰে পিছপৰি থকা চুতীয়াসকলক নেতৃত্ব দিয়াৰ বাবে সেই সময়ত জাতিটোৰ মাজৰ পৰা কোনো মধ্যবিত্ত নেতৃত্বৰ উত্থান হোৱা নাছিল।

চুতীয়াসকলৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্নত অসমীয়া বর্ণহিন্দু মধ্যবিত্ত নেতাচামৰো ভূমিকা আছিল সদায়ে নেতিবাচক। এই সময় কিন্তু এদিন সলনি হৈছিল; সলনি হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনে সৃষ্টি কৰা গণ সচেতনতাৰ মাধ্যমৰ মাজেদি।

অসহযোগ আন্দোলনে জগাই তোলা স্বদেশপ্রেমৰ গইনা লৈয়ে চুতীয়াসকলৰ মাজৰে এচাম শিক্ষিত লোক স্বজাতি চেতনাৰে উদ্বুদ্ধ হৈ উঠিছিল, যিসকলে পিছলৈ চুতীয়াসকলক লৈ বহু কেইবাগৰাকী চুতীয়া জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিয়ে প্ৰথমটো সংগঠন গঢ়ি তোলাৰ পদক্ষেপ লৈছিল।

লুইতৰ বুকুয়েদি বহু পানী বৈ গল। বহু বছৰৰ পৰিকল্পনাৰ পিছত অৱশেষত ১৯২৫ চনৰ ১০ এপ্ৰিলত গোলাঘাট ঢেকিয়াল মৌজাৰ অন্তৰ্গত নপমুৱা চাৰিআলিত ‘আসাম চুতীয়া সন্মিলন’ গঠন হৈছিল।

১৯৭৬ চনত ঊনবিংশ সংখ্যক অধিৱেশনত সংগঠনটোৰ নাম “সদৌ চুতীয়া জাতি সন্মিলন, অসম” নামেৰে পৰিচিত বৃহৎ সংগঠনটোৱে জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক উত্তৰণৰ সংগ্ৰামখন অব্যাহত ৰখাৰ মাজতে সংগঠনটোৰ নেতৃবৃন্দই ইয়াৰ সাংগঠনিক পৰিসৰ বৃদ্ধি কৰাৰ বাবে তৎপৰতা গ্রহণ কৰিছিল।

১৯৪৬ চনৰ ২০ এপ্ৰিলত অনুষ্ঠিত মৰাণ অধিৱেশনত ‘চুতীয়া ছাত্র সন্মিলন’ আৰু ‘চুতীয়া মহিলা সন্মিলন’ নামেৰে দুটা নতুন সংগঠনৰ জন্ম দিছিল। নৱগঠিত ছাত্র সংগঠন ‘চুতীয়া ছাত্র সন্মিলন’ৰ সভাপতি আৰু সম্পাদক আছিল ক্রমে সোণাৰাম চুতীয়া আৰু লীলাধৰ বৰা।

আনহাতে, একে সময়তে গঢ় লৈ উঠা মহিলা সন্মিলনখনৰ সভানেত্রী আছিল সুবর্ণবালা বৰা। ১৯৭৬ চনত ছাত্ৰ সন্মিলনৰ নাম “সদৌ অসম চুতীয়া যুৱ ছাত্ৰ সন্মিলন” নামেৰে নামকৰণ কৰা হয়।

পৰৱৰ্তী সময়ত ২০১৪ চনত এই সংগঠনৰ নাম “চুতীয়া যুৱ সন্মিলন, অসম” (CYSA, চাইছা) গঠন হয়। চুতীয়া যুৱ ছাত্ৰ সন্মিলনৰ পৰা ২০০৫ চনত “সদৌ অসম চুতীয়া ছাত্ৰ সন্থা” গঠন হয়।

বৰ্তমান সময়ত চুতীয়া জনগোষ্ঠীৰ স্বীকৃতি প্ৰাপ্ত সংগঠনসমূহ হৈছে ক্ৰমে সদৌ চুতীয়া জাতি সন্মিলন; অসম, সদৌ চুতীয়া জাতি মহিলা সন্মিলন; অসম, চুতীয়া যুৱ সন্মিলন; অসম, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু শেহতীয়াকৈ সদৌ চুতীয়া যুৱ পৰিষদ।

ভাষণ প্ৰসংগত চুতীয়া জনগোষ্ঠীৰ বলিষ্ঠ নেত্ৰী জয়া বৰুৱাই কয় যে, চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণৰ ন্যায্যতাৰ মূল বিষয় হ’ল চুতীয়াৰ সুকীয়া সাংস্কৃতিক পৰিচয়, ঐতিহাসিক ভিত্তি আৰু সামাজিক-অৰ্থনৈতিক বঞ্চনাৰ প্ৰতিৰক্ষা।

যিহেতু চুতীয়াৰ নিজস্ব ভাষা, ৰীতি-নীতি, পৰম্পৰা আৰু উৎসৱ আছে, যিবোৰক এক সুকীয়া সাংস্কৃতিক সত্তা হিচাপে চিহ্নিত কৰা হয়। জনজাতিৰ মৰ্যাদাই চুতীয়া জনগোষ্ঠীৰ এই অনন্য ঐতিহ্যক সংৰক্ষণ কৰিবলৈ সহায় কৰিব।

তদুপৰি চুতীয়াসকলে এটা সময়ত এক শক্তিশালী চুতীয়া ৰাজ্য স্থাপন কৰিছিল, যাৰ ৰাজধানী আছিল শদিয়া। এই অতীতৰ ইতিহাস চুতীয়া জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদাৰ এক অন্যতম যুক্তি।

বৰ্তমান চুতীয়াই সামাজিক-অৰ্থনৈতিক বঞ্চনাৰ সন্মুখীন হৈছে, যাৰ ফলশ্ৰুতিত জনজাতিৰ মৰ্যাদা লাভ কৰাটো চুতীয়া জনগোষ্ঠীৰ বাবে এক বাঞ্ছনীয় বিষয়।

কেন্দ্ৰীয় চৰকাৰে যদিহে চুতীয়াক জনজাতিকৰণ নকৰে তেন্তে অসমৰ চুতীয়া মহিলাসকলৰ লগতে সমগ্ৰ চুতীয়াই ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিবলৈ বদ্ধপৰিকৰ।

বিভিন্ন জিলাৰ চুতীয়া জনগোষ্ঠীৰ শিল্পীসকলে চুতীয়া জনগোষ্ঠীয় হুৰাই ৰাঙলী বিহুৰ উপৰি চুতীয়া সংস্কৃতি পৰিৱেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!