অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZUBEEN GARG: জুবিন গাৰ্গঃ ঈশ্বৰ পুত্ৰৰ জন্মদিন

Spread the love

জুবিন গাৰ্গঃ ঈশ্বৰ পুত্ৰৰ জন্মদি

DD TIMESত লিখিছে উইল চিদ্দিকুৰ ৰহমানে

১৮ নৱেম্বৰ। ঈশ্বৰ পুত্ৰৰ জন্মদিন। মৃত্যুৰ পিছৰ মাত্ৰ দুটা মাহৰ ব্যৱধানত ৰাজ্যবাসীয়ে পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰিবলৈ ওলাইছে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ অৱৰ্তমানৰ প্ৰথমটো জন্মদিন।


সচৰাচৰ জন্মদিনবোৰ উদযাপিত হয় অতি উলহ মালহেৰে। ব্যক্তিজনৰ ব্যক্তিত্ব, সামাজিক মৰ্য্যদা,আৰ্থিক সচ্ছলতা তথা পৰিয়ালৰ আগ্ৰহ কিম্বা ইচ্ছা-অনিচ্ছাৰ ভিত্তিত।

এনে এক প্ৰেক্ষাপটত সমগ্র অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই ৫৩সংখ্যক জন্মদিনটোৰ তাৎপৰ্য আৰু গুৰুত্ব হ’ব স্বাভাৱিকতে এক ব্যতিক্ৰম। এই বিশেষ দিনটোত ৰাজ্যৰ শ শ অনুষ্ঠান প্ৰতিষ্ঠানৰ উদযাপনৰ আয়োজনো হ’ব বিশেষভাৱে, ভিন ভিন প্ৰকাৰে।

ধাৰণা কৰা মতে, ডাঙৰ ডাঙৰ কে’ক কাটি আনন্দ-স্ফূৰ্তি হাই-হুলস্থূলৰ পৰিবৰ্তে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে সম্পন্ন হ’ব এইবাৰৰ জন্মদিন। আমিও তাৰে কামনা কৰিম একান্ত অন্তঃকৰণেৰে।

আলোচনাৰ বিষয় বস্তু হওক জুবিন গাৰ্গৰ জীৱন বিথীকা। দৈনন্দিন জীৱনপঞ্জী, কৰ্মৰাজি, আদৰ্শ আৰু আধৰুৱা চিন্তা চেতনাক কাৰ্যকৰী ৰূপ দিয়া। সামাজিক স্তৰত; সামগ্ৰিকভাৱে।

তাৰ মাজেৰেহে পূৰ্ণতা পাব জুবিন গাৰ্গৰ ইপ্সিত আকাঙ্খা আৰু সমাজ গঢ়াৰ সপোন। আজিৰ তাৰিখত জুবিন গাৰ্গ আধুনিক অসম গঢ়াৰ বাটকটীয়া তথা অৱতাৰী পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পথেৰে আগবঢ়া অন্যজন ঈশ্বৰ পুৰুষ। যাৰ কৰ্ম, সাধনা আৰু অনুশীলন উত্তৰ পুৰুষৰ পথ প্ৰদৰ্শক।

সমাজ আৰু সংস্কৃতিৰ ধ্বজা বাহক জুবিন গাৰ্গক কেৱল এটা দিনৰ বাবে সোঁৱৰণ কিম্বা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ সলনি তেখেতৰ মহান আদৰ্শক সাৰোগত কৰি এখন ‘জুবিন যুগ’ৰ সমাজ গঢ়াৰ সংকল্প হ’ব আমাৰ এই দিনটোৰ পৰিশ্ৰম আৰু প্ৰাপ্তিৰ সাৰ্থকতা।


জুবিন গাৰ্গ নোহোৱা হোৱা সেই দিনটোৰ শোক বিহ্বল ৰাজ্যবাসীৰ মাজত বিমান বন্দৰৰ পৰা স্ব-গৃহলৈ লৈ যোৱাৰ পথত যি কান্দোন, প্ৰাণৰ শিল্পীজনৰ নশ্বৰ দেহক এবাৰ চাই যোৱা, চুই চোৱাৰ হেঁপাহত ৰাজপথলৈ উলাই অহাৰ হেতা-ওপৰা এক বিশ্ব প্রসিদ্ধ ঐতিহাসিক ঘটনা ৰূপে পৰিগণিত হ’ল।

পৰিগণিত হৈছে অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোৰ বিৰ দি বাট নোপোৱা কুৰি মাইল দৈৰ্ঘ্যৰ বাট ছোৱাৰ পদযাত্ৰা সমদলৰ সৰ্বকালৰ ইতিহাস।

নিশ্চিতভাৱে ই এক সাধাৰণ সত্তাৰ পক্ষে সম্ভৱ নহয়।তেওঁ এই বাবেই অসাধাৰণ যে, যি আছিল আৰ্ত জনৰ সাৰথি, ধৰ্মীয় বৈষম্যৰ বলি নিৰীহ লোকৰ সংগী, স্বদেশ-স্বজাতি, মাটি আৰু মানুহ, গছ-লটিকা, বন্যপ্ৰাণী-সৰীসৃপৰ প্ৰেমিক কবি।

সত্য-শিৱ-সুন্দৰৰ আজীৱন পূজাৰী মানুহজন আছিল পূৰ্ণমাত্ৰাই এজন নিপুন শিল্পী। শিল্প সাধনাৰে মানুহ আপোন কৰি ল’ব পৰা ঐশ্বৰিক গুণ ৰাজিৰ বাবেই লাখ লাখ মানুহ ওলাই আহিছিল অন্তেষ্টিক্ৰিয়াৰ দিনা শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে।

সেই একেই শ্ৰদ্ধা,ভক্তি আৰু আত্মবিশ্বাসৰ অবিচলিত প্ৰেৰণাৰে অগ্ৰসৰ হব পোৱাটোৱেই হব আজিৰ জন্ম দিনটোৰ মন্ত্ৰপাঠ। সংকল্প আৰু অন্তৰংগ আলাপ।
ইতিবাচক চিন্তাৰ পাতনিৰে আৰম্ভ হওক তেখেতৰ কৰ্মৰাজিৰ সঠিক মূল্যায়ন।

দৃষ্টিপাত কৰা হওক অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ আশাৰ ৰেঙণি। উৰ্বৰা হওক কৃষ্টিৰ পথাৰ। মুকলি হওক সংগীত, ছবি প্ৰভৃতিৰ উৎকৰ্ষ সাধনৰ সমস্ত প্ৰচেষ্টা। গৱেষণাৰ বিষয় হৈ পৰক জুবিন গাৰ্গ।


পৰ্যাপ্ত হওক ঠায়ে ঠায়ে তেখেতৰ প্ৰতিমূৰ্তি। সোঁৱৰণীৰ আকৰ হৈ থাকক অনন্ত কালৰ বাবে,উত্তৰ পুৰুষৰ বাবে।
যেইকি নহওক, সদৌ শেষত জন্ম তিথিৰ এই বিশেষ দিনটোত আমি আশা কৰিম অধিক তীব্রতৰ হওক জুবিন হত্যাৰ তদন্ত আৰু ন্যায় প্ৰাপ্তিৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ উপযুক্ত শাস্তি প্ৰদান বাবে সমূহীয়া সংগ্ৰামৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!