NEW BOOKS: নলবাৰীত অসম গ্ৰন্থমেলাৰ সফল সামৰণি
নলবাৰীত অসম গ্ৰন্থমেলাৰ সফল সামৰণি
১.৫০ কোটিৰ কিতাপ বিক্ৰীঃ চাৰিখন গ্ৰন্থ বিক্ৰীৰ শীৰ্ষত

DD TIMES নলবাৰী, ১৭ নৱেম্বৰঃ অভিলেখ সংখ্যক কিতাপ বিক্ৰীৰে সামৰণি পৰিল নলবাৰীত চলি থকা অসম গ্ৰন্থমেলাৰ। যোৱা ৬ নৱেম্বৰৰ পৰা আজিলৈ অনুষ্ঠিত অসম গ্ৰন্থমেলাত এইবাৰ অভিলেখ সংখ্যক কিতাপ বিক্ৰী হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে নলবাৰীৰ ঐতিহাসিক হৰিমন্দিৰৰ ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি এইবাৰো অনুষ্ঠিত হয় অসম গ্ৰন্থমেলা।
জানিব পৰা মতে নলবাৰীত অনুষ্ঠিত এইবাৰৰ অসম গ্ৰন্থমেলাত প্ৰায় ১.৫০ কোটি টকাৰ কিতাপ বিক্ৰী হয়। এই কথা ৰাজহুৱাকৈ সামাজিক মাধ্যমত সদৰী কৰি গ্ৰন্থমেলা উপ-সমিতিৰ বিষয়ববীয়া প্ৰণৱ কুমাৰ বৰ্মনে প্ৰকাশ কৰে এইদৰে, “নলবাৰী ৰাস মহোৎসৱৰ গ্ৰন্থমেলাত আজিও অভিলেখ সংখ্যক পাঠকৰ ভিৰ।
১৩ দিনত বিক্রী ১.৫০ কোটিৰ ওচৰা-ওচৰি। পাঠক সমাজক ভুৰি ভুৰি ধন্যবাদ।” প্ৰতিদিনে গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানত যথেষ্ট সংখ্যক লোকে ভিৰ কৰা দেখা যায়। আনহাতে, আৰম্ভণিৰ দিনাৰ পৰা আজিলৈকে প্ৰতিদিনে গ্ৰন্থমেলাৰ বিভিন্ন বিপণীতো বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়।
শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্ন বয়সৰ লোকৰ উপস্থিতিত উখল-মাখল হৈ থকা নলবাৰীত অনুষ্ঠিত অসম গ্ৰন্থমেলাত জুবিন গাৰ্গ বিষয়ক গ্ৰন্থৰ চাহিদা সৰ্বাধিক আছিল যদিও অন্যান্য নিৰ্বাচিত গ্ৰন্থৰ সমাদৰো যথেষ্ট আছিল বুলি বনলতা, ৰেখা প্ৰকাশন, ডেউকা প্ৰকাশন, অধ্যয়ন, পাব্লিকেচন আৰু, অসম প্ৰকাশন পৰিষদ, নৱোদয় আদিকে ধৰি গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা বিভিন্ন গ্ৰন্থ বিক্ৰেতাই জনাইছে।
বিভিন্ন বিপনীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি নলবাৰীত আজি সামৰণি পৰা অসম গ্ৰন্থমেলাত চাৰিখন গ্ৰন্থই সৰ্বাধিক সমাদৰ লাভ কৰে। এইক্ষেত্ৰত বিক্ৰীৰ শীৰ্ষত আছে জুবিন গাৰ্গ বিষয়ক দুখন গ্ৰন্থ। জানিব পৰা মতে সদ্যপ্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰ ৰচিত ‘পিতৃৰ দৃষ্টিত জুবিন’ গ্ৰন্থখন সৰ্বাধিক বিক্ৰী হোৱাৰ বিপৰীতে এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ শীৰ্ষক গ্ৰন্থখন।
নীলিম আকাশ কাশ্যপ ৰচিত গ্ৰন্থখনৰ তৃতীয় সংস্কৰণ অসম গ্ৰন্থমেলাৰ সময়তে প্ৰকাশ হয়। ‘পিতৃৰ দৃষ্টিত জুবিন’ত কপিল ঠাকুৰে ব্যক্তিগত অভিজ্ঞতা বৰ্ণনা কৰাৰ বিপৰীতে ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ত প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ গান আৰু কবিতাক গল্পৰ ৰূপ দিয়া হৈছে।
আনহাতে, ‘চক্ৰবেহু’ আৰু ৰঞ্জিত পাটগিৰিৰ ‘প্ৰেমৰ ঘৰ’ উপন্যাসৰ চাহিদা আছিল নতুনকৈ প্ৰকাশিত অন্যান্য গ্ৰন্থৰ ভিতৰত সৰ্বাধিক।
সাম্প্ৰতিক ৰাজনীতিৰ বহু অকথিত সত্য উদঙাই দিয়া ‘বনলতা’ প্ৰকাশনে প্ৰকাশ কৰা ‘চক্ৰবেহু’ত ৰাজনীতিৰ মুখাৰ আঁৰৰ মুখ খোল খোৱা বুলি পঢ়ুৱৈৰ মাজত হোৱা চৰ্চাৰ পৰিপ্ৰেক্ষিতত গ্ৰন্থখনে পঢ়ুৱৈৰ যথেষ্ট সমাদৰ লাভ কৰে বুলি বনলতা প্ৰকাশনৰ নৱ শৰ্মাই জানিবলৈ দিয়ে।
আনহাতে, এটা নিপোটল প্ৰেম কাহিনীৰে ৰচিত ৰঞ্জিত পাটগিৰিৰ ‘প্ৰেমৰ ঘৰ’ উপন্যাসখন যুৱ পঢ়ুৱৈৰ মাজত অধিক সমাদৃত হয় বুলি জনাইছে প্ৰকাশক ৰেখা প্ৰকাশনে। ‘পিতৃৰ দৃষ্টিত জুবিন’, ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’, ‘চক্ৰবেহু’ আৰু ‘প্ৰেমৰ ঘৰ’ নামৰ কিতাপকেইখনে নলবাৰীত অনুষ্ঠিত অসম গ্ৰন্থমেলাত যথেষ্ট সমাদৰ লাভ কৰাৰ উপৰিও হনুমান চালিছা, নাৰায়ণ কবচ, সাধুকথাৰ বিভিন্ন কিতাপ, কুইজৰ কিতাপ, ধৰ্মীয় গ্ৰন্থ, নামৰ পুথি আদিৰো বিক্ৰী আছিল যথেষ্ট।
তদুপৰি ৰীতা চৌধুৰী আৰু অনুৰাধা শৰ্মা পূজাৰীৰ বিভিন্ন উপন্যাস, কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা’, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ‘অনুৰাধাৰ দেশ’, মৃণাল কলিতাৰ ‘বকুল ফুলৰ দৰে’, ৰুবুল মাউতৰ ‘মোৰো এটা সপোন আছে’, প্ৰশান্ত কুমাৰ দাসৰ ‘সপোন এটাৰ সপোন’, কৌশিক নন্দন বৰুৱাৰ ‘সৰাফুল’, নীলিম আকাশ কাশ্যপৰ ‘সোণৰ খাৰু-কলিজাৰ ছাঁ’, মনোজ কুমাৰ গোস্বামীৰ ‘মাৰাডোনাৰ ঘড়ী’, শুভ্ৰ কিংকৰ গোস্বামীৰ ‘সূৰ্যস্বপ্ন’, প্ৰতিভা ভাগৱতীৰ ‘মাটিৰ সৰগ’, কৰৱী দেৱীৰ ‘জোনবাই এই বেজী এটি দিয়া’, মানস প্ৰতিম দত্তৰ ‘প্ৰকৃতিৰ বিচিত্ৰ সাধু’, মাণিক পালৰ ‘ভাল অভ্যাসৰ জৰিয়তে চৰিত্ৰ গঠন’, ৰঞ্জিত পাটগিৰিৰ ‘জেওৰা’ আদি ন-পুৰণি গ্ৰন্থয়ো পঢ়ুৱৈৰ সমাদৰ লাভ কৰে বুলি জানিব পৰা গৈছে।
জুবিন গাৰ্গবিষয়ক অন্যান্য গ্ৰন্থৰ লগতে কবি নীলিম কুমাৰ আৰু প্ৰণৱ কুমাৰ বৰ্মনৰো বিভিন্ন গ্ৰন্থই সমাদৰ লাভ কৰে।

