যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা অতিৰিক্ত ৭ যোৰ উৎসৱ বিশেষ ৰে’লৰ চলাচল
মালিগাঁও, ৩ ছেপ্টেম্বৰঃ অনাগত উৎসৱৰ বতৰত ৰেলযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত অতিৰিক্ত ৭ যোৰ
উৎসৱ বিশেষ ৰেল নিৰ্ধাৰিত কেইটামান গন্তব্যস্থানলৈ চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰেলসমূহৰ ভিতৰত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৩ টা ট্ৰিপৰ বাবে ৰেল নং ০৮০৪৭/০৮০৪৮ (শালিমাৰ – ৰঙাপাৰা নৰ্থ –
শালিমাৰ) চলাচল কৰিব।

২৬ ছেপ্টেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৫ তাৰিখলৈকে উভয় দিশত ১০ টা ট্ৰিপৰ বাবে ৰেল নং ০৩০০৫/০৩০০৬ (হাওড়া – লামডিং – হাওড়া) চলাচল কৰিব। ২৮ ছেপ্টেম্বৰৰ পৰা ৩ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৬ টা ট্ৰিপৰ বাবে ৰেল নং
০৫৭৪২/০৫৭৪১ (নিউ জলপাইগুড়ী- গোমতী নগৰ- নিউ জলপাইগুড়ী) চলাচল কৰিব। ২৮ ছেপ্টেম্বৰৰ পৰা ২৪ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ১০ টা ট্ৰিপৰ বাবে ৰেল নং ০৩১২৯/০৩১৩০ (কলকাতা- নিউ জলপাইগুড়ী- কলকাতা) চলাচল কৰিব।
২৮ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৭ টা ট্ৰিপৰ বাবে ৰেল নং ০৫৭৩৮/০৫৭৩৭ (নিউ জলপাইগুড়ী- নৰকটিয়াগঞ্জ- নিউ জলপাইগুড়ী) চলাচল কৰিব। ২০ ছেপ্টেম্বৰৰ পৰা ৮ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৮ টা ট্ৰিপৰ বাবে ৰেল নং ০৫৭৪০/০৫৭৩৯ (নিউ জলপাইগুড়ী- পাটনা জং.- নিউ জলপাইগুড়ী) চলাচল কৰিব। ২ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৭ টা
ট্ৰিপৰ বাবে ৰেল নং ০৫৭৩৪/০৫৭৩৩ (কিষাণগঞ্জ- অমৃতসৰ- কিষাণগঞ্জ) চলাচল কৰিব।
সেই অনুসাৰে, ৰেল নং ০৮০৪৭ (শালিমাৰ–ৰঙাপাৰা নৰ্থ) বিশেষ ৰেল প্ৰতি শুক্ৰবাৰে শালিমাৰৰ পৰা ১৭:৪৫ বজাত প্ৰস্থান কৰি শনিবাৰে ১৩:৪০ বজাত ৰঙাপাৰা নৰ্থত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৮০৪৮ (ৰঙাপাৰা নৰ্থ – শালিমাৰ) বিশেষ ৰেল
প্ৰতি শনিবাৰে ৰঙাপাৰা নৰ্থৰ পৰা ১৬:৩০ বজাত প্ৰস্থান কৰি দেওবাৰে ১২:৩০ বজাত শালিমাৰত গৈ উপস্থিত হ’ব। ৰেল নং ০৩০০৫ (হাওড়া – লামডিং) বিশেষ ৰেল প্ৰতি শুকুৰবাৰে হাওড়াৰ পৰা ০৭:১৫ বজাত প্ৰস্থান কৰি শনিবাৰে ০৮:০০ বজাত লামডিঙত গৈ উপস্থিত হ’ব।
উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৩০০৬ (লামডিং – হাওড়া) বিশেষ ৰেল প্ৰতি শনিবাৰে লামডিঙৰ পৰা
১১:০০ বজাত প্ৰস্থান কৰি দেওবাৰে ১২:৩০ বজাত হাওড়াত গৈ উপস্থিত হ’ব। ৰেল নং ০৫৭৪২ (নিউ জলপাইগুড়ী – গোমতী নগৰ) বিশেষ ৰেল প্ৰতি দেওবাৰে নিউ জলপাইগুড়ীৰ পৰা ০৭:০০ বজাত প্ৰস্থান কৰি সোমবাৰে ০৭:১৫ বজাত গোমতী নগৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৫৭৪১ (গোমতী নগৰ – নিউ জলপাইগুড়ী) বিশেষ ৰেল প্ৰতি সোমবাৰে গোমতী নগৰৰ পৰা ০৯:৪০ বজাত প্ৰস্থান কৰি মঙলবাৰে ০৯:২৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব।
ৰেল নং ০৩১২৯ (কলকাতা- নিউ জলপাইগুড়ী) বিশেষ ৰেল প্ৰতি দেওবাৰে কলকাতাৰ পৰা ২৩:৪০ বজাত প্ৰস্থান কৰি সোমবাৰে ১০:৪৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৩১৩০ (নিউ জলপাইগুড়ী- কলকাতা) বিশেষ ৰেল প্ৰতি সোমবাৰে নিউ জলপাইগুড়ীৰ পৰা ১২:৪৫ বজাত প্ৰস্থান কৰি মঙলবাৰে ০০:৪০ বজাত কলকাতাত গৈ উপস্থিত হ’ব।
ৰেল নং ০৫৭৩৮ (নিউ জলপাইগুড়ী- নৰকটিয়াগঞ্জ) বিশেষ ৰেল প্ৰতি দেওবাৰে নিউ জলপাইগুড়ীৰ পৰা ১৪:০৫ বজাত প্ৰস্থান কৰি সোমবাৰে ০৫:০০ বজাত নৰকটিয়াগঞ্জত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৫৭৩৭ (নৰকটিয়াগঞ্জ- নিউ জলপাইগুড়ী) বিশেষ ৰেল প্ৰতি সোমবাৰে নৰকটিয়াগঞ্জৰ পৰা ০৭:০০ বজাত প্ৰস্থান কৰি একে দিনাই ২১:৩০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব।
ৰেল নং ০৫৭৪০ (নিউ জলপাইগুড়ী- পাটনা জং.) বিশেষ ৰেল প্ৰতি শনিবাৰে নিউ জলপাইগুড়ীৰ পৰা ০৫:০০ বজাত প্ৰস্থান কৰি একে দিনাই ১৭:৪০ বজাত পাটনা জংচনত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৫৭৩৯ (পাটনা জং.- নিউ জলপাইগুড়ী)
বিশেষ ৰেল প্ৰতি শনিবাৰে পাটনা জংচনৰ পৰা ১৯:৩০ বজাত প্ৰস্থান কৰি দেওবাৰে ০৯:৩০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব।
ৰেল নং ০৫৭৩৪ (কিষাণগঞ্জ-অমৃতসৰ) বিশেষ ৰেল প্ৰতি বৃহস্পতিবাৰে কিষাণগঞ্জৰ পৰা ০৯:১০ বজাত প্ৰস্থান কৰি শনিবাৰে ০০:১০ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৫৭৩৩ (অমৃতসৰ- কিষাণগঞ্জ) বিশেষ ৰেল প্ৰতি শনিবাৰে
অমৃতসৰৰ পৰা ০৪:২৫ বজাত প্ৰস্থান কৰি দেওবাৰে ১৭:৩০ বজাত কিষাণগঞ্জত গৈ উপস্থিত হ’ব।
এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচিৰ ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ চ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু বিভিন্ন বাতৰি কাককত জাননী প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিশদ তথ্য
অৱলোকন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।