অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SATTRIYA CULTURE DAY: অসম সত্ৰ মহাসভাৰ ‘সত্ৰীয়া সংস্কৃতি দিৱস’ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী সমাৰোহ

Spread the love


অসম সত্ৰ মহাসভাৰ ‘সত্ৰীয়া সংস্কৃতি দিৱস’ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

গুৰুজনাৰ অপূৰ্ব সৃষ্টি-কৃষ্টি সংস্কৃতি, ভাষা- সাহিত্য সমগ্ৰ ভাৰতৰ লগতে বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ বাস্তৱ সন্মত তথা কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ আহ্বান মন্ত্ৰী দাসৰ


DD TIMES গুৱাহাটী, ১৬ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গুৱাহাটীৰ পল্টন বজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ চৌহদত অসম সত্ৰ মহাসভাৰ উদ্যোগত তথা শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ সহযোগত আয়োজন কৰা ‘সত্ৰীয়া সংস্কৃতি দিৱস’ৰ ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৰুজনাৰ আদৰ্শ, কৃষ্টি -সংষ্কৃতি, সাহিত্য আদিৰ প্ৰচাৰ-প্ৰসাৰ,সংৰক্ষণ-সংবৰ্ধন আদিৰ দিশত অসম সত্ৰ মহাসভাই লৈ অহা ভূমিকাৰ শলাগ লোৱাৰ উপৰি আগন্তুক দিনত সমগ্ৰ ভাৰতৰ লগতে বিশ্বব্যাপী প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত বাস্তৱসন্মত আৰু কাৰ্যকৰী তথা ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

উল্লেখযোগ্য যে সংগীত নাটক অকাডেমীয়ে ২০০০বৰ্ষৰ ১৫ নৱেম্বৰত সত্ৰীয়া নৃত্যক ধ্ৰুপদী নৃত্যৰ মৰ্যাদা প্ৰদান কৰিছিল আৰু তেতিয়াৰে পৰাই অসম সত্ৰ মহাসভাৰ উদ্যোগত প্ৰতিবছৰে বিভিন্ন ঠাইত এই দিৱস পালন কৰি অহা হৈছে।

অত্যন্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে গুৰুজনাৰ আধ্যাত্মিক বাণীৰ তাৎপৰ্য সাৱলীলভাৱে অৱলোকন কৰাৰ উপৰি অসমীয়া জাতিক সকলো দিশৰে পৰা সমৃদ্ধ কৰা তেখেতৰ বিশাল বৰঙণিৰো বাখ্যা আগবঢ়ায়।

কোনো এগৰাকী স্বাভিমানী অসমীয়াই এই গৰাকী জগৎ গুৰুৰ কৃষ্টি -সংষ্কৃতিৰ অধ্যয়ন অবিহনে সৱলভাৱে নিজকে স্বাভিমানী অসমীয়া হিচপে পৰিচয় দিব নোৱাৰে বুলি তেওঁ কয়।এই গৰাকী জগৎগুৰুৰ সাগৰসম বিশাল ব্যক্তিত্ব, সামাজিক সাংস্কৃতিক আধ্যাত্মিক আদি অৱদানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত অসমীয়া জাতিৰ বহু কৰণীয় আছে বুলি উল্লেখ কৰি ৰাজ্যখনৰ ডেকা শক্তিক এই দিশত আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়।


আজিৰ এই অনুষ্ঠানতে সত্ৰীয়া সংস্কৃতিৰ বিকাশ তথা প্ৰচাৰ-প্ৰসাৰ,সংৰক্ষণ আদিৰ দিশত বিশিষ্ট বৰঙণি যোগোৱা যোৰহাটৰ উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত,বিশিষ্ট সমাজ সংগঠক নতুন দিল্লীৰ লক্ষ্মী নাৰায়ণ ভালা, বিশিষ্ট শিক্ষাবিদ তথা সংস্কৃতি সাধক ড০অঞ্জনা চলিহা, গোবিন্দভৱন গীতা সত্ৰৰ সত্ৰাধিকাৰ বিজুলী মিত্ৰ, বিশিষ্ট সমাজ সংগঠক তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, বিশিষ্ট সাহিত্যিক, বৈষ্ণৱ পণ্ডিত মুনীন্দ্ৰ কৈৱৰ্তক ক্ৰমে সত্ৰ ৰত্ন,নাৰায়ণ দাস ঠাকুৰ আতা, আই খেৰসূতি, আই কনকলতা,সত্ৰ বন্ধু আৰু সত্ৰ বৈষ্ণৱ উপাধি প্ৰদানেৰে সন্মানিত কৰা হয়।

ৰূপালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা এখন স্মৃতিগ্ৰন্থও অনুষ্ঠানত উন্মোচন কৰা হয়।

সত্ৰ মহাসভাৰ সভাপতি তথা ৰামৰাইকূটি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীয়ে সভাপতিত্ব কৰা তথা আদৰণি সমিতিৰ সভাপতি পৰমেশ দত্তই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত অসমৰ সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি তথা সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী, সম্পাদক প্ৰধান তথা সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্ত,অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!