RASSLILA: জাগীয়াল-পেটবঢ়াৰ কলঙৰ পাৰত নৈসৰ্গিক পৰিবেশত ৪৯ সংখ্যক ৰাস-মহোৎসৱ
জাগীয়াল-পেটবঢ়াৰ কলঙৰ পাৰত নৈসৰ্গিক পৰিবেশত ৪৯ সংখ্যক ৰাস-মহোৎসৱ

DD TIMES বেবেজীয়া, ১৬ নৱেম্বৰঃ নগাঁও জিলাৰ ডিমৌ চাৰিআলিৰ সমীপৰ ইতিহাস প্ৰসিদ্ধ কলঙৰ পাৰৰ জাগীয়াল পেটবঢ়াত প্ৰকৃতিৰ নৈসৰ্গিক পৰিবেশত যোৱানিশা কৃষ্ণ-শংখচূড়-ডেৰ শতাধিক গোপীৰ অভিনয়ে গোটেই নিশা জীপাল হৈ পৰাৰ লগতে দ্বিতীয় বৃন্দাবনলৈ ৰুপান্তৰ হৈ পৰিল।

কালি পুৱা পৰিবেশ নিকাকৰণৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা সমাজকৰ্মী ৰূপন হাজৰিকাই। পৰৱৰ্তী নাহৰৰ পুলি ৰোপণ কৰে সমাজকৰ্মী ৰেৱ হাজৰিকা আৰু মোহন হাজৰিকাই।
তাৰ পিছত নান্দনিক ভাগৱত শোভাযাত্ৰাত ৰাস-লীলা,দিহানাম, গায়ন-বায়ন, অংকীয়া ভাওনা আদিৰে উদ্ভাসিত হৈ পৰিল কলংপাৰৰ সমগ্ৰ অঞ্চল। দুপৰীয়া নাম-প্ৰসংগ অনুষ্ঠিত হয়।
সন্ধিয়া যোৰা পৰিবেশনৰ পিছতে জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। সমাজকৰ্মী ৰেৱ হাজৰিকা, ৰাস-কমিটিৰ স্থায়ী সমিতিৰ সভাপতি ভূপেন শইকীয়াই জুবিন গাৰ্গৰ কৰ্মৰাজী আলোকপাত কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজিক সংৰক্ষণৰ অনুৰোধ জনায়।
লগতে ৰাস-মণ্ডপত শিল্পী গৰাকীৰ মায়াবিনী গীত সকলোৱে সমস্বৰে পৰিবেশন কৰে। পৰৱৰ্তী উদযাপন সমিতিৰ সম্পাদক জীৱন শইকীয়াই আঁতধৰা অনুষ্ঠানটিত শংকৰী কৃষ্টি সাধক- গায়ন বায়ন সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
সমাজকৰ্মী ৰূপন হাজৰিকাই উদ্বোধন কৰা অনুষ্ঠানটিত লেখক-সাংবাদিক দেৱজিৎ হাজৰিকা, ঘাঁহী গাঁও পঞ্চায়তৰ সভাপতি মমতা দাসে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ তাৎপৰ্য সম্পৰ্কীয় ভাষণ প্ৰদান কৰে।
উল্লেখ্য যে জাগীয়াল পেটবঢ়া অঞ্চলৰ ডেৰ শতাধিক জীয়ৰী-বোৱাৰীৰ দ্বাৰা পৰিবেশিত ৰাস-ক্ৰীড়াই গোটেই নিশা দৰ্শক ৰাইজক মুহিত কৰি তোলে। আজি পুৱতি নিশা কল্যাণ খৰমানেৰে ৰাস মহোৎসৱৰ সামৰণি পৰে।
উল্লেখ্য যে আজি পুৱা পৰিবেশ নিকাকৰণ, দুপৰীয়া নাম-প্ৰসংগ, বিয়লি মহিলা সকলৰ দিহানাম, আৰু নিশালৈ গুৰুজনাৰ অমৰ সৃষ্টি কালীয় দমন নাট অনুষ্ঠিত হয়। উক্ত নাটখনিৰ উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে।
দুপৰ নিশালৈকে কালীয় দমন নাটকত শিল্পী সকলৰ সাৱলীল অভিনয়ে দৰ্শক ৰাইজক মোহাছন্ন কৰি ৰাখে।
অনুষ্ঠানটিৰ সফল সমাপ্তিৰ বাবে উদ্যোক্তা মোহন বৰা, ভূপেন শইকীয়া, মাধৱ চন্দ্ৰ বৰা, জীবন শইকীয়া, ৰাজু বৰাকে ধৰি উদ্যোক্তা মণ্ডলীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।

